
স্থায়ী যুদ্ধবিৰতিৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ চৰ্তসমূহ অৱশেষত ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেইনীয়ে মানি ল’ব নে নাই সেয়া স্পষ্ট হোৱা নাই। অৱশ্যে যি দিশতেই পৰিস্থিতিৰ বিকাশ নহওক কিয়, ভাৰতীয় জাহাজসমূহে হৰমুজ প্ৰণালীৰ (Strait of Hormuz) মাজেৰে পাৰ হ’বলৈ কোনো সমস্যা নহ’ব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক সূত্ৰই প্ৰকাশ কৰিছে।

সূত্ৰটোৱে দাবী কৰিছে যে ইৰাণৰ অৱৰোধ আৰু নতুন যুদ্ধৰ আশংকা সত্ত্বেও ভাৰত অভিমুখী তেল আৰু গেছৰ জাহাজসমূহে বিপজ্জনক জলপথৰ মাজেৰে পাৰ হৈয়েই আছে।
২৮ ফেব্ৰুৱাৰীত ইজৰাইল আৰু আমেৰিকাই ইৰাণক আক্ৰমণ কৰে। ইৰাণেও ইয়াৰ প্ৰতিশোধ লয়। একে সময়তে তেহৰানে ঘোষণা কৰে যে তেওঁলোকে কোনো ধৰণৰ বাণিজ্যিক জাহাজ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হ’বলৈ নিদিয়ে। ইৰাণৰ সতৰ্কবাণীৰ পিছত প্ৰণালীটোৰ দুয়োকাষে শতাধিক জাহাজ ৰখাই থোৱা হয়।
প্ৰায় দুডজন ভাৰতীয় তেল আৰু গেছ পৰিবাহী জাহাজো এই তালিকাত আছিল। ইয়াৰ পিছত নতুন দিল্লীৰ ফালৰ পৰা কূটনৈতিক কাম-কাজ আৰম্ভ হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ইৰাণৰ বৈদেশিক মন্ত্ৰী ছৈয়দ আব্বাছ আৰাঘচিৰ সৈতে কেইবাবাৰো ফোনযোগে কথা পাতে।
নতুন দিল্লীৰ এই অনুৰোধৰ প্ৰতি সঁহাৰি জনাই মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহত ইৰাণৰ ৰাষ্ট্ৰপতি মাছৌদ পিজেচেকিয়ানৰ চৰকাৰে ভাৰতীয় মালবাহী জাহাজ হৰমুজ প্ৰমালীৰ মাজেৰে পাৰ হ’বলৈ অনুমতি প্ৰদান কৰে।
বিশ্বৰ প্ৰায় ২০ শতাংশ তেল আৰু প্ৰাকৃতিক গেছ পাৰ্চী উপসাগৰ আৰু ওমান উপসাগৰক সংযোগ কৰা ২১ মাইল দৈৰ্ঘ্যৰ ‘চ’ক পইণ্ট’ হৰমুজ প্ৰণালীৰ মাজেৰে পৰিবহণ কৰা হয়। ইৰাণে হৰমুজ অৱৰোধ আৰু জলসীমাৰ ওচৰত আমেৰিকাৰ নৌসেনাৰ উপস্থিতিৰ প্ৰতি সঁহাৰি জনাই আন্তঃৰাষ্ট্ৰীয় শক্তি বজাৰ কঁপাই তুলিছে।
ই এছিয়াকে ধৰি বিশ্বৰ বিভিন্ন অঞ্চলত অধিক অৰ্থনৈতিক অস্থিৰতাৰ আশংকাৰ সৃষ্টি কৰিছে। ইয়াৰ প্ৰত্যক্ষ আৰু নেতিবাচক প্ৰভাৱ ভাৰততো পৰিছে। কিন্তু ইৰাণ চৰকাৰে হৰমুজ প্ৰণালীৰ মাজেৰে ভাৰতীয় জাহাজ চলাচল বন্ধ নকৰাত নতুন দিল্লীয়ে এতিয়া তুলনামূলকভাৱে সকাহ পাইছে।
জাহাজ আৰু বন্দৰ মন্ত্ৰালয়ৰ জাহাজ পৰিবহণৰ সঞ্চালক অ’পেশ কুমাৰ শৰ্মাই কয়, “হৰমুজ প্ৰণালীৰ মাজেৰে ভাৰতীয় জাহাজ পাৰ হোৱাৰ বিষয়টোত তেহৰাণৰ সৈতে আমি অহৰহ কূটনৈতিক যোগাযোগত আছোঁ। ভাৰত আৰু ইৰাণৰ সৈতে আমি কেনেকৈ সমন্বয় স্থাপন কৰোঁ, আমি কেনেকৈ অগ্ৰাধিকাৰ দিওঁ, সেই বিষয়ে একো ক’ব নিবিচাৰো।
আমি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ জৰিয়তে সমন্বয় স্থাপন কৰোঁ আৰু আমাৰ কাম সেইখিনিতে সীমাবদ্ধ।” শুকুৰবাৰে এক আন্তঃমন্ত্ৰালয়ৰ বৈঠকতো জাহাজ বিভাগৰ বিষয়াসকলে হৰমুজৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে ব্যাখ্যা কৰে।
এনডিটিভিত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, বৰ্তমান হৰমুজ প্ৰণালীত প্ৰায় ১৩ খন ভাৰতীয় পতাকা থকা জাহাজ আছে। ইয়াৰ ভিতৰত আছে এখন এলপিজি টেংকাৰ, পাঁচখন খাৰুৱা তেলৰ টেংকাৰ, এখন ৰাসায়নিক টেংকাৰ, তিনিখন কণ্টেইনাৰ জাহাজ, দুখন বাল্ক কেৰিয়াৰ আৰু এখন ড্ৰেজাৰ।










