
ৰাজস্থান (Rajasthan)ৰ আজমীৰত এগৰাকী প্ৰাক্তন পঞ্চায়ত সভাপতি (Former Panchayat President), তেওঁৰ দ্বিতীয় পত্নী, মাতৃ আৰু ভতিজীৰ হত্যাকাণ্ডৰ (Murder) ভয়ঙ্কৰ তথ্যৰ বিষয়ে আৰক্ষীয়ে জানিবলৈ পাৰিছে। প্ৰথম অৱস্থাত হত্যাকাণ্ডটোক দুৰ্ঘটনা বুলি সজোৱাৰ চেষ্টা কৰা হৈছিল। কিন্তু কেইবাটাও উৎসৰ ভিত্তিত তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে এখন বেলেগ ছবিৰ উন্মেষ ঘটে। কেৱল সেয়াই নহয়, এইটোও স্পষ্ট হৈ পৰিছে যে এইটো সম্পূৰ্ণ পৰিকল্পিত কাণ্ড আছিল। এজন তদন্তকাৰী বিষয়াই এই বুলি দাবী কৰিছে ।
বৃহস্পতিবাৰে পুৱা ঘৰৰ পৰা কিছু দূৰৈত এখন গাড়ীৰ ভিতৰত পঞ্চায়ত সভাপতি (Panchayat President) ৰামসিং চৌধুৰী, তেওঁৰ দ্বিতীয় পত্নী, মাতৃ আৰু ভতিজীৰ জ্বলি যোৱা মৃতদেহ উদ্ধাৰ হয়। তদন্তৰ অন্তত আৰক্ষীয়ে প্ৰথমে ৰামসিঙৰ সোতৰ বছৰীয়া পুত্ৰক সন্দেহ কৰে। ইমান ডাঙৰ ঘটনা এটাৰ পিছত পৰিয়ালৰ ইমানকেইজন সদস্যৰ মৃত্যু হোৱাৰ পিছতো তেওঁ ইমান শান্ত আচৰণ কেনেকৈ কৰিব পাৰিলে? তদন্তকাৰীৰ সূত্ৰ মতে, কিশোৰগৰাকীৰ আচৰণ ভালদৰে লক্ষ্য কৰা হয়। এজন তদন্তকাৰী বিষয়াই জনোৱা মতে, কান্দি কান্দি ৰামসিঙৰ প্ৰথম পত্নী ভাঙি পৰে। কিন্তু কিশোৰজনৰ চকুত দুখৰ কোনো লক্ষণ দেখা পোৱা নাছিল। বৰঞ্চ মাকক সান্ত্বনা দি বহি চাহ খাই আছিল।

তদন্তকাৰীৰ সূত্ৰ অনুসৰি, ৰামসিঙৰ পৰিয়ালে প্ৰথমে দাবী কৰিছিল যে ৰামসিং অসুস্থ মাতৃৰ সৈতে চিকিৎসালয়লৈ গৈছিল। সেই সময়তে গাড়ীখনৰ দুৰ্ঘটনা সংঘটিত হৈ জুই লাগে। ফলত গাড়ীত থকা সকলোৰে মৃত্যু হয়। কিন্তু তদন্তকাৰীয়ে জানিব পাৰিছে যে চাৰিজন লোকৰ কোনো এজনো গাড়ীৰ সন্মুখৰ আসনত নাছিল। আনহাতে, ৰামসিঙৰ দ্বিতীয় পত্নী সূৰ্যজ্ঞানৰ মৃতদেহত ছুৰীৰ আঘাতৰ চিন পোৱা যায়। ইয়াৰ পৰাই তদন্তই বেলেগ ৰূপ লয়। ইয়াৰ পিছতে আৰক্ষীয়ে ৰামসিঙৰ পুত্ৰক গ্ৰেপ্তাৰ কৰি জেৰা আৰম্ভ কৰে।
অভিযুক্তৰ জেৰাৰ সময়ত আৰক্ষীয়ে গম পায় যে তেওঁ নিয়মিতভাৱে অপৰাধ সম্পৰ্কীয় ৱেব ছিৰিজ (Web series) চাইছিল। কেৱল সেয়াই নহয়, দিনটোৰ বেছিভাগ সময় তেওঁ অনলাইন গেম খেলি কটায়। তদন্তকাৰীয়ে দাবী কৰে যে তেওঁলোকে হত্যাৰ পিছত প্ৰমাণ কেনেকৈ ধ্বংস কৰিব পাৰি তাৰ সকলো তথ্য ইণ্টাৰনেটত বিচাৰিছিল। তদন্তৰ সময়ত আৰক্ষীয়ে জানিব পাৰে যে ঘটনাৰ নিশা ৰামসিং আৰু তেওঁৰ দ্বিতীয় পত্নীয়ে সুৰাপান কৰিছিল। ইয়াৰ পিছত দুয়ো শুই পৰে। অভিযুক্ত কিশোৰজনে ইয়াৰ ওপৰত চকু ৰাখিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। ৰামসিং আৰু তেওঁৰ পত্নী শুৱালৈ অপেক্ষা কৰি আছিল। পুৱা ৪ বজালৈকে মোবাইলত গেম খেলিছিল।
ইয়াৰ পিছত ৰামসিঙৰ কোঠাত সোমাই যায়। প্ৰথমে তেওঁৰ পুত্ৰই ৰামসিঙক দাৰে ঘপিয়াইছিল। ঘৈণীয়েক সূৰ্যজ্ঞানে শব্দত সাৰ পাই দেখে যে পুতেকে ৰামসিঙক আক্ৰমণ কৰিছে। তেওঁ তাক বাধা দিবলৈ চেষ্টা কৰাত তেওঁকো প্ৰহাৰ কৰা হয়। এই কাৰ্যত ৰামসিঙৰ প্ৰথম পত্নী আৰু কন্যাই কিশোৰগৰাকীক সহায় কৰাৰ অভিযোগ। ইয়াৰ পিছত তিনিওজনেই কাষৰ কোঠাটোলৈ যায়। অভিযোগ অনুসৰি, তাতেই ৰামসিঙৰ মাতৃ আৰু ভতিজীকো হত্যা কৰা হৈছিল। ইয়াৰ পিছতে চাৰিওজন লোকৰ মৃতদেহ গাড়ী এখনত ভৰাই ঘৰৰ পৰা কিছু দূৰলৈ লৈ যোৱা হয়। তাতে গাড়ীখনত জুই লগাই দিয়া হয়। কিন্তু অৱশেষত দুটা কথাই অভিযুক্তক চিনাক্ত কৰাত সহায় কৰে। এটা, ৰামসিঙৰ পত্নীৰ মৃতদেহৰ গভীৰ ঘা আৰু গাড়ীৰ পিছফালৰ আসনৰ পৰা চাৰিজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাটো।










