
ৰাজধানী দিল্লীত (Delhi) সন্ত্ৰাসবাদী আক্ৰমণ (Terrorist attack)ৰ বৃহৎ ষড়যন্ত্ৰ বিফল (Conspiracy failed) কৰিলে দিল্লী আৰক্ষীৰ বিশেষ কোষে। শনিবাৰে এক বিশেষ অভিযানত আৰক্ষীয়ে ডাউদ ইব্ৰাহিম গেং (Dawood Ibrahim gang) আৰু পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ (ISI) সৈতে জড়িত বুলি অভিযোগ উত্থাপন কৰা এটা সন্ত্ৰাসবাদী মডিউল ধ্বংস কৰে। এই ঘটনাত মুঠ ৯ জন লোকক গ্ৰেপ্তাৰ (9 people arrested) কৰা হৈছে। তদন্তকাৰী সংস্থাটোৱে দাবী কৰিছে যে ধৃত লোকসকলে দিল্লীৰ গুৰুত্বপূৰ্ণ স্থান, নিৰাপত্তা বাহিনীৰ সদস্য আৰু ধৰ্মীয় স্থানক লক্ষ্য কৰি বৃহৎ কূটাঘাতৰ পৰিকল্পনা কৰিছিল।
সূত্ৰ অনুসৰি, এই সন্ত্ৰাসবাদী দলটোৱে দীৰ্ঘদিন ধৰি গোপনে সক্ৰিয় হৈ আছিল আৰু চোৰাংচোৱা সংস্থাসমূহে তেওঁলোকৰ কাৰ্যকলাপ নিৰীক্ষণ কৰি আছিল। গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰাৰ পিছত দিল্লী আৰক্ষীৰ বিশেষ কোষে একাধিক স্থানত অভিযান চলায়। উক্ত অভিযানৰ ফলস্বৰূপে এই গেঙৰ সদস্যসকল ধৰা পৰে।
আৰক্ষীয়ে দাবী কৰিছে যে ধৃত লোককেইজনৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, হেণ্ড গ্ৰেনেড আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত কিছুমান অস্ত্ৰ-শস্ত্ৰও আছে, যিবোৰ বৃহৎ আক্ৰমণত ব্যৱহাৰ কৰিব পৰা গ’লহেঁতেন বুলি তদন্তকাৰীয়ে বিশ্বাস কৰে। উদ্ধাৰ হোৱা অস্ত্ৰভাণ্ডাৰৰ পৰা স্পষ্ট যে অভিযুক্তসকলৰ এটা সুসংগঠিত আৰু দীৰ্ঘম্যাদী পৰিকল্পনা আছিল।

প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে যে এই সন্ত্ৰাসবাদী মডিউলটো পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ প্ৰত্যক্ষ সহযোগত সৃষ্টি কৰা হৈছে। চোৰাংচোৱাৰ তথ্য অনুসৰি, তেওঁলোকৰ মূল উদ্দেশ্য আছিল ভাৰতৰ ভিতৰত অশান্তিৰ সৃষ্টি কৰা আৰু গুৰুত্বপূৰ্ণ স্থানত আক্ৰমণ কৰি আতংক বিয়পোৱা। তদুপৰি, দেশৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিবলৈ ধৰ্মীয় স্থানক লক্ষ্য কৰি লোৱাৰ পৰিকল্পনা কৰা বুলি অভিযোগ উত্থাপন হৈছে।
তদন্তকাৰীয়ে লগতে কয় যে এই গেং আৰু আন্তঃৰাষ্ট্ৰীয় অপৰাধ জগতৰ অন্যতম কুখ্যাত নাম ডাউডৰ নেটৱৰ্কৰ মাজত সংস্পৰ্শৰ প্ৰমাণ। ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে দীৰ্ঘদিন ধৰি অভিযোগ কৰি আহিছে যে ডাউদৰ অপৰাধ গেং আৰু পাকিস্তানী চোৰাংচোৱা সংস্থাৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে। নিৰাপত্তা বিশেষজ্ঞসকলৰ মতে এই ঘটনাই সেই আশংকাও অধিক শক্তিশালী কৰি তুলিছে।
ধৃত ৯ জন অভিযুক্তৰ যোগাযোগ, ধনৰ উৎস আৰু সম্ভাৱ্য সহযোগীক জানিবলৈ জেৰা অব্যাহত আছে। তদন্তকাৰীয়ে এই গেংটোৰ দেশৰ আন কোনো ৰাজ্য বা আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠনৰ সৈতে কোনো সম্পৰ্ক আছিল নেকি সেই বিষয়ে তদন্ত কৰি আছে। উদ্ধাৰ হোৱা মোবাইল ফোন, ডিজিটেল ডিভাইচ আৰু নথি-পত্ৰ ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
নিৰাপত্তাৰক্ষীৰ সূত্ৰ মতে, যদি এই অভিযান সময়মতে সম্পন্ন কৰা নহ’লহেঁতেন, তেন্তে দিল্লীত বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণৰ সম্ভাৱনা আছিল। গুৰুত্বপূৰ্ণ চৰকাৰী ভৱন, নিৰাপত্তা বাহিনীৰ চৌহদ আৰু জনবহুল ধৰ্মীয় স্থানত আক্ৰমণৰ পৰিকল্পনা বিশেষভাৱে চিন্তনীয়।
এই ঘটনাৰ পিছত ৰাজধানীকে ধৰি দেশৰ বিভিন্ন গুৰুত্বপূৰ্ণ চহৰত নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰা হৈছে। স্পৰ্শকাতৰ অঞ্চলত চোৰাংচোৱাগিৰি বৃদ্ধি কৰাৰ লগতে বিভিন্ন নিৰাপত্তা সংস্থাৰ মাজত সমন্বয়ো বৃদ্ধি কৰা হৈছে।











