ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ

Staff Reporter by Staff Reporter
June 2, 2026
Reading Time: 1 min read
A A
0
Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক

Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

ভাৰতলৈ উভতি আহি আছে ক’কৰোচ জনতা পাৰ্টীৰ (Cockroach Janata Party) প্ৰতিষ্ঠাপক অভিজিৎ দীপক। NEET-UG প্ৰশ্নকাকত ফাদিল কাণ্ডৰ প্ৰতিবাদত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত দিল্লীৰ যন্তৰ-মন্তৰত শান্তিপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ তেওঁ ভাৰতলৈ উভতি আহিব। ৬ জুনত এই প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বান জনোৱা হৈছে।

Cockroach Janata Party ।
৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা:

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে দেশৰ যুৱক-যুৱতীসকলৰ এটা অংশক ‘পঁইতাচোৰা’ আৰু ‘পৰজীৱী’ বুলি অভিহিত কৰাৰ পিছতে এক বিতৰ্কৰ সৃষ্টি হয়। মুখ্য ন্যায়াধীশগৰাকীৰ মতে, কোনো বৃত্তিত স্থান বিচাৰি উলিয়াব নোৱাৰা এই যুৱক-যুৱতীসকলে সাংবাদিক, ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী বা আৰ টি আই কৰ্মী হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে আৰু সকলোকে আক্ৰমণ কৰে।

মুখ্য ন্যায়াধীশৰ মন্তব্যৰ পিছতে ১৬ মে’ত চিজেপিয়ে আত্মপ্ৰকাশ কৰে। চিজেপিয়ে ‘অনলাইন চেটায়াৰ মুভমেণ্ট’ (ব্যংগাত্মক ৰাজনৈতিক আন্দোলন) হিচাপে যাত্ৰা আৰম্ভ কৰাৰ কেইদিনমানৰ ভিতৰতে ইণ্টাৰনেটত অপৰিসীম জনপ্ৰিয়তা লাভ কৰে।

এই পঁইতাচোৰা দলৰ আঁৰত আছে বষ্টনস্থিত প্ৰযুক্তিবিদ অভিজিত। অনলাইন জগতত যেতিয়া তেওঁৰ দলৰ জনপ্ৰিয়তা বাঢ়িছিল, তেতিয়া পোহৰলৈ আহিছিল নীট প্ৰশ্নকাকত ফাদিলৰ বিষয়টো। এই সন্দৰ্ভত দেশজুৰি আৰম্ভ হয় এক আন্দোলন। অভিজিতেও উক্ত আন্দোলনক সমৰ্থন কৰিছিল। লগতে নীট আন্দোলনত প্ৰতিবাদকাৰীৰ কাষত থিয় দিবলৈ দেশলৈ উভতি আহিব বুলিও কয়।

কেৱল সেয়াই নহয়, কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগৰো দাবী জনায়। এক্স হেণ্ডেলত এক ভিডিঅ’ মেছেজত অভিজিতে কয়, “এতিয়া ভাৰতৰ সংবিধানৰ পথ অনুসৰণ কৰি আমি সকলোৱে একত্ৰিত হোৱাৰ সময়। আমি শান্তিপূৰ্ণভাৱে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ বাবে মাত মাতিব লাগিব।”

ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত ৮ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অনলাইন আবেদনত স্বাক্ষৰ কৰা বুলি উল্লেখ কৰি অভিজিতে কয়, “লক্ষ্ণৌ, জয়পুৰ, মহাৰাষ্ট্ৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদৰ জৰিয়তে এই আন্দোলনক সমৰ্থন কৰা দেখা গৈছে।”

NEET, CBSE, CWT-ত হোৱা বিভ্ৰান্তিৰ কথা উল্লেখ কৰি অভিজিতে কয়, “ইমান ডাঙৰ ভুলৰ পিছত শিক্ষামন্ত্ৰীয়ে যদি পদত্যাগ নকৰে তেন্তে ইয়াৰ অৰ্থ হ’ল এই দেশত আৰু জবাবদিহিতা নাই।” তেওঁ লগতে কয়, “প্ৰতিষ্ঠানিক বিফলতাৰ বাবে মূলতঃ ছাত্ৰ-ছাত্ৰীসকলেই ক্ষতিগ্ৰস্ত হয়।”

অভিজিতে ৬ জুনত দিল্লীলৈ আহি যন্তৰ-মন্তৰত শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰক্ষীৰ পৰা অনুমতি ল’ব বুলি জানিবলৈ দিয়ে। আন্দোলনত হিংসাৰ কোনো স্থান নাই।

তেওঁ লগতে কয়, “মোৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ লোকে গ্ৰেপ্তাৰ হ’বলৈ ভয় কৰে। কিন্তু মই এতিয়াও বিশ্বাস কৰোঁ যে আমাৰ দেশ গণতান্ত্ৰিক। তাত মোক শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিবলৈ দিয়া হ’ব। মই স্পষ্টকৈ ক’ব বিচাৰো যে মই গান্ধীজী, আম্বেদকাৰ, ভগত সিঙৰ ডাঙৰ অনুৰাগী। মই সকলোতকৈ বেছি ভাৰতৰ সংবিধানত বিশ্বাস কৰোঁ। সংবিধানে আমাক সকলোকে কথা কোৱাৰ অধিকাৰ দিয়ে।”

অৱশ্যে গ্ৰেপ্তাৰৰ ভয়ো নুই কৰা নাই অভিজিতে। তেওঁ লগতে কয়, “আমি কিমান দিন ভয়ত জীয়াই থাকিম? এই দেশ কোনো এটা দলৰ নহয়। দেশ আমাৰ সকলোৰে। এয়া আমাৰ ভৱিষ্যতৰ প্ৰশ্ন।

আমাৰ ভৱিষ্যত ধ্বংস হৈ আছে। আমাৰ দায়িত্ব হ’ল এই দেশত কাৰোবাৰ অন্যায় হ’লে গণতান্ত্ৰিকভাৱে অতি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰা।” অভিজিতে লগতে কয় যে শেহতীয়াকৈ তেওঁ আমেৰিকাৰ পৰা কেইবাটাও চাকৰিৰ প্ৰস্তাৱ লাভ কৰিছে। অৱশ্যে ভাৰতলৈ ঘূৰি অহাৰ সিদ্ধান্ত লৈছে। কাৰণ তেওঁ দেশৰ বাবে অৱদান আগবঢ়াব বিচাৰে।

Tags: দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ৬ জুনত ভাৰতলৈ আহিব‘ক'কৰোচ’ দলৰ প্ৰতিষ্ঠাতা
Share4Tweet3Send

Related Posts

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক
National-International

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক

by News Desk
August 17, 2026
50
Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন
National-International

Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন

by News Desk
August 17, 2026
50
Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ
National-International

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

by News Desk
August 17, 2026
50
Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী
National-International

Rahul Gandhi : অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত ৰাহুল গান্ধীলৈ সকাহ; গোচৰ আগবঢ়োৱাত বাধা উচ্চতম ন্যায়ালয়ৰ

by News Desk
August 17, 2026
50
Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান
National-International

Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান

by News Desk
August 17, 2026
50
UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল
National-International

UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল

by News Desk
August 17, 2026
50
ADVERTISEMENT
BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক
National-International

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক

August 17, 2026
50
Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন
National-International

Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন

August 17, 2026
50
Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case
Assam

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

August 17, 2026
50
Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ
National-International

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

August 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক

August 17, 2026
Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন

Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন

August 17, 2026
Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

August 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx