
উত্তৰাখণ্ডৰ নাইনিতাল (Nainital of Uttarakhand)ৰ পৰা এমবিএ ছাত্ৰী (MBA student) ববিতা পাণ্ডে (Bubita Pande) নিৰুদ্দেশ হোৱাৰ ছয় দিন (Missing for six days) পাৰ হৈ গ’ল। ২৪ বছৰীয়া ববিতাই ৩০ মে’ত বন্ধুৰ সৈতে উত্তৰকাশীৰ বুগিয়াললৈ ট্ৰেকিং (Trekking) কৰিছিল। কিন্তু যেতিয়া বন্ধু দুজন ঘূৰি আহিল, তেওঁ নাহিল তেতিয়া পৰিয়ালে নিৰুদ্দেশৰ গোচৰ ৰুজু কৰে। আনহাতে, হৰমনপাল সিং আৰু হৰমনপ্ৰীত সিং নামৰ বন্ধু দুজনৰ বিৰুদ্ধেও সন্দেহ প্ৰকাশ কৰি পৰিয়ালটোৱে এজাহাৰ দাখিল কৰিছে। উক্ত অভিযোগৰ ভিত্তিত আৰক্ষীয়ে বন্ধু দুজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে।
উত্তৰাখণ্ডৰ আৰক্ষী অধীক্ষক কমলেশ উপাধ্যায়ে সংবাদ মাধ্যমৰ আগত কয় যে ববিতা আৰু তেওঁৰ দুই বন্ধুৱে প্ৰথমে যোৱা ২৫ মে’ত ডেৰাডুনলৈ গৈছিল। তাৰ পৰা তেওঁলোকে হৰ্ষিল, গংগোত্ৰী আৰু ওচৰৰ পৰ্যটনস্থলী পৰিদৰ্শন কৰিছিল। ইয়াৰ পিছত ২৮ মে’ত তিনিওজন ৰাইথাল গাঁৱলৈ যায়। তেওঁলোক তাতেই থাকে। অন্তিমবাৰৰ বাবে ৰাইথালত চিচিটিভিৰ ফুটেজত ববিতাক দেখা গৈছিল।

ইয়াৰ পিছত পিছদিনা ৰাইথালৰ পৰা ট্ৰেকিং কৰিবলৈ ধৰে। গাই বেছ কেম্পত তেওঁ নিশাটো কটায়। কিন্তু যোৱা ৩০ মে’ৰ মাজনিশাৰ পৰা ববিতাৰ কোনো তথ্য পোৱা হোৱা নাই। ববিতাৰ সন্ধানত ১৫০ জনীয়া এটা দল গঠন কৰা হৈছে।
এই দলটোত আছে আইটিবিপি, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, আৰক্ষী আৰু বন বিভাগৰ কৰ্মী। অনুসন্ধানৰ বাবে লৈ যোৱা হৈছে স্নিফাৰ ডগ আৰু ড্ৰ’ন। গাই বেছ কেম্পৰ আশে-পাশে থকা বিলসমূহতো অনুসন্ধান চলোৱা হৈছে। কিন্তু তদন্তকাৰীসকলৰ বাবে এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল, ৩০ মে’ৰ নিশা কি ঘটিছিল যে ববিতা নিৰুদ্দেশ হ’ল? তেওঁৰ বন্ধু দুগৰাকীক সোধাপোছা কৰি এই কথা জানিবলৈ প্ৰয়াস কৰা হৈছে।













