
মহিলাগৰাকী বহি আছিল কমোডত। তেওঁৰ কাষতে চকী এখনত বহি আছিল এজন যুৱক। তেওঁৰ কান্ধত মূৰটো থোৱা আছিল আৰু যুৱকজনে তেওঁক সাৱটি ধৰি আছিল। উদ্ধাৰৰ আশাত তেনেদৰেই দুয়োৱে একেলগে প্ৰাণ হেৰুৱালে। দিল্লীৰ ‘ফ্ল’ৰিছ ষ্টে বি এণ্ড বি’ (Delhi Fire) হোটেলৰ বন্ধ বাথৰুমৰ পৰা উদ্ধাৰ কৰা হয় দম্পতীহালৰ মৃতদেহ।

বুধবাৰে পুৱা হোটেলখনত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ১২ জন বিদেশীকে ধৰি কমেও ২১ জন লোকৰ মৃত্যু হয়। হোটেলখনৰ পৰা আবাসীসকলক উলিয়াই অনাত সহায় কৰা মহম্মদ শ্বোৱেইবে কয়, “তেওঁলোকৰ জুইৰ ফলত মৃত্যু হোৱা নাছিল। ধোঁৱাৰ বাবে তেওঁলোক শ্বাসৰুদ্ধ হৈ মৃত্যুমুখত পৰিছিল।” এয়া আছিল শ্বোৱেইবৰ শেষ উদ্ধাৰ অভিযান।
তলৰ মহলাৰ এটা বাথৰুম ভিতৰৰ পৰা বন্ধ হৈ থকা বুলিও তেওঁ কয়। দুৱাৰখন ভাঙি তেওঁলোক সোমোৱাৰ লগে লগে দেখা পায় যে এহাল দম্পতীটোৱে ইজনে সিজনক সাৱটি ধৰি আছে। তেতিয়ালৈকে তেওঁলোকৰ মৃত্যু হৈছিল। মৃতদেহ দুটা আঁতৰোৱাৰ পিছত শ্বোৱেইবে আৰু দুটা মৃতদেহ উলিয়াই আনিবলৈ মানসিকভাৱে সাহস গোটাবলৈ এক মিনিটৰ বাবে ওলাই আহে।
তেওঁ কয়, “মহিলাগৰাকী কমোডত বহি আছে আৰু যুৱকজনে তেওঁৰ কাষৰ চকীখনত বহি তেওঁক জোৰেৰে ধৰি ৰাখিছে। জুইৰ পৰা ৰক্ষা পাবলৈ চাগে বাথৰুমত আবদ্ধ হৈ আছিল। উদ্ধাৰৰ সময়তো ইজনে সিজনক সাৱটি ধৰি আছিল।” লগে লগে উদ্ধাৰকাৰীয়ে চি পি আৰ দি দম্পতীহালক বচাবলৈ চেষ্টা কৰে যদিও কোনো ফল নাপালে।
শ্বোৱেইবে কয়, “তেওঁলোক হয়তো জুইৰ পৰা ৰক্ষা পৰিল, কিন্তু বিষাক্ত ধোঁৱাৰ বাবে তেওঁলোকৰ শ্বাসৰুদ্ধ হৈ পৰিছিল। উশাহত ধোঁৱা লোৱাৰ বাবে মৃতদেহবোৰ ক’লা হৈ পৰিছিল।” মহম্মদ শ্বোৱেইব, মহম্মদ আফজল খান, ৱাছিম ৰাজা, আশ্ৰফ খান আৰু আমিৰ খানে দিল্লী আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সৈতে হাত মিলাই উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰে।
আন এটা কোঠাত বিছনাৰ দাঁতিত বহি থকা আন এক দম্পতীৰ মৃতদেহ উদ্ধাৰ হয়। জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় তেওঁলোক। মেক্স হাস্পতালৰ স্বাস্থ্যকৰ্মী আশ্ৰফ খানে কয়, “ভিতৰৰ দৃশ্যটো অতি ভয়ংকৰ।”
বেছমেণ্টৰ চাটাৰ কাটি হোটেলখনত প্ৰৱেশ কৰে উদ্ধাৰকাৰীয়ে। আশ্ৰফে কয় যে বেছমেণ্টত প্ৰৱেশ কৰাৰ পিছত তেওঁলোকে ৰিচিপচনৰ ওচৰতে প্ৰথম মৃতদেহটো দেখা পায়। সম্পূৰ্ণৰূপে জ্বলি গৈছে। ২৫ বছৰীয়া এগৰাকী যুৱতীৰ মৃতদেহ, হাত ভৰি জঠৰ হৈ পৰিছিল। তেওঁক মৃত বুলি ঘোষণা কৰা হয়। হুইল চেয়াৰত বহি থকা এজন লোকৰ জ্বলি যোৱা মৃতদেহ এটা অলপ আঁতৰত উদ্ধাৰ কৰা হয়। অলপ আগুৱাই যোৱাৰ পাছত তিনিজন বিদেশী নাগৰিকক অচেতন হৈ থকা দেখি চিপিআৰ দিয়ে।
উদ্ধাৰকাৰীয়ে দাবী কৰা মতে, বেছমেণ্ট আৰু তলৰ মহলাত জুই তীব্ৰতৰ আছিল। শ্বোৱেইবৰ মতে, “কেৱল বেছমেণ্টৰ পৰাই প্ৰায় আঠটা জ্বলি যোৱা মৃতদেহ উদ্ধাৰ কৰা হৈছে।”
আন এজন উদ্ধাৰকাৰী মহম্মদ আফজলে কয় যে ওপৰৰ মহলালৈ যোৱা মূল চিৰিটো হোটেলখনৰ মাজভাগত আছিল। জৰুৰীকালীন অৱস্থাত ওলাই অহাৰ কোনো বিকল্প উপায় নাছিল।
অগ্নিনিৰ্বাপক বাহিনীয়ে জুই কিছু নিয়ন্ত্ৰণ কৰাৰ লগে লগে এই যুৱকসকলে ধোঁৱা পৰিষ্কাৰ হোৱালৈ অপেক্ষা নকৰাকৈ ভিতৰলৈ সোমাই যায়। আশ্ৰফে কয়, “আমাৰ হাতত কোনো সুৰক্ষা সঁজুলি নাছিল বা পুলিচ নাছিল। আমি কেৱল মানুহৰ জীৱন বচাবলৈহে জঁপিয়াই পৰিছিলোঁ। হোটেলৰ দ্বিতীয় মহলা পাওঁতে এনে লাগিছিল যেন আমিও বাচি নাথাকো। গোটেই অট্টালিকাটো ধোঁৱাৰে আন্ধাৰ হৈ পৰিছিল, মজিয়াৰ টাইলছবোৰ ভাঙি ছিন্নভিন্ন হৈ পৰিছিল। আমি যেতিয়া মানুহক তললৈ নমাই আনিছিলোঁ তেতিয়া আমাৰ ভৰি দুখন কাটিছিল আৰু ভঙা মজিয়াত খোজকাঢ়ি থাকোঁতে তেজ ওলাইছিল।”
হোটেলখনৰ ভিতৰত উদ্ধাৰকাৰ্য চলি থকাৰ সময়তে স্থানীয় বাসিন্দাসকলেও বাহিৰৰ পৰা সহায়ৰ হাত আগবঢ়ায়। আবদ্ধ বাসিন্দাসকলক খিৰিকীৰে জঁপিয়াই নামিবলৈ সাহস যোগাইছিল।
ৰিয়াজুদ্দিন মনছুৰী আৰু তেওঁৰ পুত্ৰ আৰমানে খৰধৰকৈ প্ৰায় ২০-২২ খন বিছনা আনি হোটেলৰ তলত থৈ দিয়ে, যাতে ওপৰৰ পৰা জঁপিয়াই পৰিলে কাৰো কোনো ক্ষতি নহয়। ইয়াৰ বাবেই ৰিয়াজুদ্দিনৰ প্ৰায় ২ লাখ টকাৰ বিছনা নষ্ট হয়।
বৃহস্পতিবাৰে জানিব পৰা মতে বুধবাৰে পুৱা প্ৰায় ৮.৩০ বজাত হোটেলখনৰ বেছমেণ্টত প্ৰথমটো অগ্নিকাণ্ড সংঘটিত হয়। প্ৰাথমিক জল্পনা-কল্পনা অনুসৰি শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হৈছে। কিছু মুহূৰ্তৰ ভিতৰতে ওপৰৰ মহলাবোৰলৈ জুই বিয়পি পৰে।
পুৱা অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত অধিকাংশ লোক শুই আছিল। ১৭ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিয়ন্ত্ৰণৰ বাবে কাম কৰিছিল। কমেও ৫৮ জন লোকক উদ্ধাৰ কৰি ওচৰৰ মেক্স হাস্পতাললৈ লৈ যোৱা হয়।
হোটেলখনে সুৰক্ষাৰ সকলো নিয়ম মানি চলিছিল নে নাই তাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। প্ৰাৰম্ভিক তদন্তত দেখা গ’ল যে অট্টালিকাটোত মাত্ৰ এটা প্ৰৱেশ আৰু প্ৰস্থান পথ আছিল। অগ্নিনিৰ্বাপণৰ কোনো ব্যৱস্থা নাছিল। যদিও মাত্ৰ ৬টা কোঠাৰ অনুমতি আছিল, তথাপিও ২৫টা কোঠা নিৰ্মাণ কৰি অবৈধভাৱে চলি আছিল। খিৰিকীবোৰ বন্ধ কৰি থোৱা আছিল আৰু মূল দুৱাৰখন চেন্সৰেৰে চলা আছিল।
বুধবাৰে অগ্নিকাণ্ড সংঘটিত হোৱাৰ কিছু ঘণ্টাৰ ভিতৰতে হোটেলৰ মালিক লবকেশ বাজাজক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীৰ জেৰাৰ সময়ত বাজাজে স্বীকাৰ কৰে যে তেওঁ নিজৰ হোটেলখন চকুৰ সন্মুখত জ্বলি থকা দেখি ভয়তে নিজৰ গাড়ীৰে পলায়ন কৰিছিল।












