
ভাৰতত জন্মৰ হাৰ হ্ৰাস (Decline in birth rate in India) পাইছে। স্পেচএক্সৰ মুৰব্বী ইলন মাস্কে (Elon Musk) শনিবাৰে ছ’চিয়েল মিডিয়া এক্সত (Social Media X) এই সন্দৰ্ভত উদ্বেগ প্ৰকাশ (Expression of concern) কৰে। তেওঁৰ দাবী যে দেখনশৰ প্ৰজননৰ হাৰ এতিয়া ‘ৰিপ্লেচমেণ্ট ৰেট’ৰ তললৈ নামি গৈছে। কোটিপতি মাস্কে লিখিছে, “ভাৰতত জন্মৰ হাৰ যথেষ্ট হ্ৰাস পাইছে। বিশেষকৈ উচ্চ শিক্ষিতসকলৰ মাজত বহু বছৰৰ পূৰ্বেই এই হাৰ যথেষ্ট হ্ৰাস পাইছিল।”
‘এ এফ পোষ্ট’ নামৰ এটা সংবাদ মাধ্যমৰ পৰিসংখ্যাৰ উদ্ধৃতি দি মাস্কে এই মন্তব্য কৰে। সংবাদ মাধ্যমটোৱে দাবী কৰিছে যে ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ‘মুঠ প্ৰজনন হাৰ’ (TFR) যথেষ্ট হ্ৰাস পাইছে।
মাত্ৰ ১০ বছৰত এই হাৰ ২.৩ৰ পৰা ১.৯লৈ হ্ৰাস (Decrease from 2.3 to 1.9) পাইছে। আনকি ৰাজধানী দিল্লীৰ টি এফ আৰ এতিয়া মাত্ৰ ১.২, যিটো ফিনলেণ্ডৰ দৰে দেশতকৈ কম। যোৱা ৪ জুনত ‘দ্য ইকনমিষ্ট’ কাকতত প্ৰকাশিত এক প্ৰতিবেদনৰ ভিত্তিত এই তথ্য পোহৰলৈ আহিছে।

ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিৰ (UNFPA) ২০২৫ চনৰ প্ৰতিবেদনতো একেই ইংগিত পোৱা গৈছে। তাত কোৱা হৈছে যে ভাৰতৰ প্ৰজননৰ হাৰ এতিয়া ১.৯। কিন্তু জনসংখ্যা সুস্থিৰ কৰি ৰাখিবলৈ এই হাৰ কমেও ২.১ হোৱাটো প্ৰয়োজন। অর্থাৎ জনসংখ্যা বজাই ৰাখিবলৈ প্রয়োজনীয় গড় সন্তানৰ তুলনাত ভাৰতীয় মহিলাসকলে এতিয়া কম সন্তান জন্ম দিছে৷
বৰ্তমান ভাৰতৰ জনসংখ্যা ১৪৬ কোটিতকৈও অধিক। ভাৰতে ২০২৩ চনত চীনক অতিক্ৰম কৰি বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হিচাপে পৰিগণিত হয়। কিন্তু জনসংখ্যা হ্ৰাস পোৱাৰ পিছতো দেশৰ ভিতৰতে কেইবাটাও সমস্যা ৰৈ গৈছে। এই কথা উল্লেখ কৰিছে ৰাষ্ট্ৰসংঘই। তেওঁলোকৰ ৱেবছাইট অনুসৰি, স্বাস্থ্য আৰু শিক্ষাৰ উন্নতি ঘটিলেও ধনী আৰু দৰিদ্ৰৰ মাজত বৈষম্য আৰু ভাৰতত লিংগ ব্যৱধান এতিয়াও স্পষ্ট হৈ আছে। ইয়াৰ উপৰি ২৪ বছৰৰ তলৰ ছোৱালীৰ মাজত মাতৃৰ মৃত্যুৰ হাৰ এতিয়াও কম বয়সতে বিবাহ আৰু মাতৃত্বৰ বাবে যথেষ্ট উদ্বেগজনক।











