
দিল্লীৰ তুঘলাকাবাদত সংঘটিত অগ্নিকাণ্ড (Delhi Fire) কেৱল দুৰ্ঘটনা নাছিল, তাৰ আঁৰত আছিল এক ষড়যন্ত্ৰ। প্ৰাথমিক তদন্তৰ পিছত এই দাবী আৰক্ষীৰ। উল্লেখ্য যে শুকুৰবাৰে নিশা ৰাজধানী দিল্লীৰ তুঘলাকাবাদৰ বহুমহলীয়া অট্টালিকাত অগ্নিকাণ্ড সংঘটিত হয়।

উক্ত ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হয় ৮ জন। আৰক্ষীৰ সূত্ৰ অনুসৰি, নিহত আটাইকেইজনেই একেটা পৰিয়ালৰ।
দক্ষিণ দিল্লীৰ ছয় মহলীয়া অট্টালিকাটোত সংঘটিত অগ্নিকাণ্ডক প্ৰথমে দুৰ্ঘটনা বুলি গণ্য কৰা হৈছিল। কিন্তু তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে আৰক্ষীৰ হাতত এটা ভয়ংকৰ তথ্য আহি পৰে।
তদন্তকাৰীৰ সূত্ৰ অনুসৰি, এই অগ্নিকাণ্ড সম্পূৰ্ণ পৰিকল্পিত আছিল আৰু এই পৰিকল্পনাৰ আঁৰত আছিল এগৰাকী কিশোৰী। গোটেই ঘটনাটো স্পষ্ট হৈ পৰে তেওঁক গ্ৰেপ্তাৰ কৰাৰ পিছত। আৰক্ষী উপ আয়ুক্ত (দক্ষিণ-পূব দিল্লী) হেমন্ত তিৱাৰীয়ে সোতৰ বছৰীয়া কিশোৰীগৰাকীক গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিয়ে।
আৰক্ষীয়ে দাবী কৰা মতে, জেৰাৰ সময়ত তেওঁ স্বীকাৰ কৰে যে তেওঁ এগৰাকী যুৱতীৰ প্ৰৰোচনাত এই কাৰ্য সংঘটিত কৰিছিল। তেওঁ লগতে দাবী কৰে যে যুৱতীগৰাকীয়ে তেওঁক পেট্ৰ’ল আৰু জুইশলা দি দীপক নামৰ এজন যুৱকৰ স্কুটিত জুই লগাবলৈ কয়।
বহুমহলীয়া অট্টালিকাটোৰ ষষ্ঠ মহলাত দীপকে বাস কৰিছিল। টকাক লৈ যুৱতগৰাকীৰ লগত তেওঁৰ কাজিয়া হৈছিল। আৰু সেই বিবাদৰ ‘প্ৰতিশোধ’ ল’বলৈ তেওঁ কিশোৰীগৰাকীক ঢাল হিচাপে ব্যৱহাৰ কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।
কিশোৰীগৰাকীৰ বক্তব্যৰ ভিত্তিত আৰক্ষীয়ে যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰে। অঞ্চলটোৰ এজন যুৱক আৰু তেওঁৰ ভাতৃৰ প্ৰৰোচনাত এই কাম কৰা বুলি আৰক্ষীৰ আগত যুৱতীগৰাকীয়ে দাবী কৰে। যুৱকজনৰ সৈতে দীপকৰ ব্যক্তিগত শত্ৰুতা আছিল বুলি দাবী কৰে। শুকুৰবাৰে গভীৰ নিশা বহুমহলীয়া অট্টালিকাটোৰ তলত ৰখা দীপকৰ স্কুটীখনত জুই লগাই দিয়া হয়।
তাৰ পৰাই জুই দ্ৰুতগতিত আন মহলালৈ বিয়পি পৰে। বহুমহলীয়া অট্টালিকাটোৰ অধিকাংশ বাসিন্দাই ওলাই আহিবলৈ সক্ষম হয়। উদ্ধাৰত স্থানীয় লোকেও সহায় কৰে। কিন্তু এই ঘটনাত পংকজ, ভগ্নী সোণী আৰু তেওঁলোকৰ আইতাক সুশীলা দেৱীৰ মৃত্যু হয়।
প্ৰথমে ইয়াক দুৰ্ঘটনা বুলি গণ্য কৰা হৈছিল যদিও চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰাত আন এক কাহিনী পোহৰলৈ আহে। আৰক্ষীৰ সূত্ৰ মতে, ফুটেজত দেখা গৈছে যে বহুমহলীয়া অট্টালিকাটোত এজন ব্যক্তিয়ে প্ৰৱেশ কৰিছে।
কিছু সময়ৰ পাছত তেওঁ ওলাই অহাৰ লগে লগে জুইৰ শিখা দেখা যায়। ফুটেজৰ পৰা কিশোৰীগৰাকীক চিনাক্ত কৰা হৈছে। ইয়াৰ পিছতে দেওবাৰে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। এই ঘটনাৰ আন তিনিজন অভিযুক্তকো গ্ৰেপ্তাৰ কৰা হৈছে।










