ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Japan PM India visit I ‘কনিষ্ঠ ভগ্নী’ক দিল্লীত বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ

Staff Reporter by Staff Reporter
July 3, 2026
Reading Time: 1 min read
A A
0
Japan PM India visit I ‘কনিষ্ঠ ভগ্নী’ক দিল্লীত বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ

Oplus_131072

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Ram Mandir controversy I ৰাম মন্দিৰৰ ধন চুৰি গোচৰত প্ৰাক্তন ট্ৰাষ্ট মুৰব্বীৰ বিৰুদ্ধে এজাহাৰ দাখিল

Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰধানমন্ত্ৰী (Japan PM) ছানাই টাকাইচিক নিজৰ ‘কনিষ্ঠ ভগ্নী’ বুলি অভিহিত কৰে। তেওঁ দুয়োখন দেশৰ বন্ধুত্বৰ বান্ধোন সুদৃঢ় কৰাৰো বাৰ্তা প্ৰেৰণ কৰে। যোৱা বছৰ টাকাইচিয়ে জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তাৰ পিছত এয়া তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ।

Japan PM India visit I
‘কনিষ্ঠ ভগ্নী’ক দিল্লীত বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ:

১৬ সংখ্যক ভাৰত-জাপান বাৰ্ষিক সন্মিলনত অংশগ্ৰহণৰ বাবে বুধবাৰে দিল্লীত উপস্থিত হয় টাকাইচি। শুকুৰবাৰলৈকে তেওঁ ভাৰতত থাকিব। বৃহস্পতিবাৰে হায়দৰাবাদ হাউছত মোদী আৰু টাকাইচিৰ বৈঠক অনুষ্ঠিত হয়। ইয়াৰ পিছত তেওঁলোকে যৌথভাৱে এক সংবাদমেল অনুষ্ঠিত কৰে।

তাত মোদীয়ে জাপানৰ প্ৰধানমন্ত্ৰীক ‘কনিষ্ঠ ভগ্নী’ বুলি সম্বোধন কৰে। তেওঁ কয় যে তেওঁ এগৰাকী অতি জনপ্ৰিয় আৰু দূৰদৰ্শী নেত্ৰী। টাকাইচিয়ে অনুবাদক যন্ত্ৰৰ জৰিয়তে তেওঁৰ হিন্দী ভাষণ শুনি আছিল। ‘কনিষ্ঠ ভগ্নী’ মন্তব্যৰ প্ৰত্যুত্তৰত তেওঁ হাঁহি সৌজন্য বিনিময় কৰে।

মোদীয়ে কয়, “মোৰ কনিষ্ঠ ভগ্নী প্ৰধানমন্ত্ৰী টাকাইচি, দুয়োখন দেশৰ প্ৰতিনিধি আৰু সংবাদ মাধ্যমৰ সদস্যসকলক শুভেচ্ছা জনাইছোঁ, কননিচিৱা (জাপানী শব্দ, কাৰোবাক সম্ভাষণ জনোৱাৰ বাবে ব্যৱহাৰ কৰা হয়)! প্ৰধানমন্ত্ৰী টাকাইচিক তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণলৈ স্বাগতম। তেওঁ জাপানৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী, জনপ্ৰিয় আৰু দূৰদৰ্শী নেত্ৰী, ভাৰত আৰু জাপানৰ বৌদ্ধ পৰম্পৰাৰ প্ৰতীক।” ভাষণৰ শেষত হিন্দীৰ লগতে জাপানীজ শব্দ ব্যৱহাৰ কৰিও মোদীয়ে ধন্যবাদ জ্ঞাপন কৰে।
ভাষণৰ সময়ত মোদীৰ ‘কনিষ্ঠ ভগ্নী’ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে টাকাইচিয়ে।

তেওঁ কয়, “পূৰ্বৰ সৰু বৈঠক আৰু এই ডাঙৰ বৈঠক দুয়োখনতে আমি ভাই-ভনীৰ দৰে এই সম্পৰ্কক আগুৱাই নিবলৈ সন্মত হৈছিলোঁ। এই দেশলৈ মোৰ প্ৰথম ভ্ৰমণত মোক উষ্ম আদৰণি জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতবাসীক মই আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।” টাকাইচিয়ে ভাৰত আৰু জাপানৰ মাজত কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবেও সন্মতি প্ৰকাশ কৰে।

মোদীয়ে কয় যে অহা বছৰ দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক স্থাপনৰ ৭৫ বছৰীয়া জয়ন্তী উদযাপন কৰা হ’ব। সেই উপলক্ষে ভাৰত আৰু জাপানে সংস্কৃতি, পৰ্যটন আৰু সৃষ্টিশীল অৰ্থনীতিৰ ক্ষেত্ৰত সহযোগিতাৰ জৰিয়তে তেওঁলোকৰ পাৰস্পৰিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে পুৱা টাকাইচিক কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে আদৰণি জনায়। তাত মোদীও উপস্থিত থাকে। টাকাইচিয়ে ভাৰত ভ্ৰমণৰ এখন ছবি নিজৰ ছ’চিয়েল মিডিয়াত পোষ্ট কৰি দুয়োখন দেশৰ মাজত ঘনিষ্ঠ যোগাযোগ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ বাৰ্তা প্ৰেৰণ কৰে।

উল্লেখ্য যে ভাৰত আৰু জাপানৰ বাৰ্ষিক শীৰ্ষ সন্মিলন ২০০৬ চনৰ পৰা আৰম্ভ হৈছিল। যোৱা বছৰৰ আগষ্ট মাহত অনুষ্ঠিত ১৫ সংখ্যক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ মোদী টকিঅ’লৈ গৈছিল। এইবাৰ ভাৰতলৈ আহিছে জাপানৰ প্ৰধানমন্ত্ৰী।

Tags: 'কনিষ্ঠ ভগ্নী'ক দিল্লীত বিপুলআদৰণি প্ৰধানমন্ত্ৰী মোদীৰ;জাপানৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ
Share4Tweet3Send

Related Posts

Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ ধন চুৰি গোচৰত প্ৰাক্তন ট্ৰাষ্ট মুৰব্বীৰ বিৰুদ্ধে এজাহাৰ দাখিল

by Staff Reporter
July 3, 2026
50
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?
National-International

Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

by Staff Reporter
July 3, 2026
50
AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

by News Desk
July 2, 2026
50
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ
National-International

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

by News Desk
July 2, 2026
50
Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ
National-International

Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ

by News Desk
July 2, 2026
50
china spray water : চীনত অট্টালিকাৰ পৰা বৰষুণ দিয়াই বৰ্ধিত গৰমক পৰাভূত
National-International

china spray water : চীনত অট্টালিকাৰ পৰা বৰষুণ দিয়াই বৰ্ধিত গৰমক পৰাভূত

by News Desk
July 2, 2026
50
ADVERTISEMENT
Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ ধন চুৰি গোচৰত প্ৰাক্তন ট্ৰাষ্ট মুৰব্বীৰ বিৰুদ্ধে এজাহাৰ দাখিল

July 3, 2026
50
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?
National-International

Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

July 3, 2026
50
Japan PM India visit I ‘কনিষ্ঠ ভগ্নী’ক দিল্লীত বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ
National-International

Japan PM India visit I ‘কনিষ্ঠ ভগ্নী’ক দিল্লীত বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ

July 3, 2026
50
Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ
DIPHU

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

July 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব

Ram Mandir controversy I ৰাম মন্দিৰৰ ধন চুৰি গোচৰত প্ৰাক্তন ট্ৰাষ্ট মুৰব্বীৰ বিৰুদ্ধে এজাহাৰ দাখিল

July 3, 2026
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

July 3, 2026
Japan PM India visit I ‘কনিষ্ঠ ভগ্নী’ক দিল্লীত বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ

Japan PM India visit I ‘কনিষ্ঠ ভগ্নী’ক দিল্লীত বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx