
২০ দিন খাদ্য নোখোৱাৰ পিছত তেওঁৰ ওজন আশংকাজনক হাৰত কমি গৈছিল। তেওঁ শাৰীৰিকভাৱে দুৰ্বল আৰু অসুস্থ হৈ আহিছিল। এনে পৰিস্থিতিত অনশনৰ ২১ নং দিনত শনিবাৰে পুৱা দিল্লীৰ যন্তৰ-মন্তৰৰ পৰা সোণম ৱাংচুকক (Sonam Wangchuk) লৈ গৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

অভিযোগ অনুসৰি, দিল্লী আৰক্ষীয়ে বলপূৰ্বকভাৱে লৈ যায়। ইয়াৰ পূৰ্বে শুকুৰবাৰে নিশা যন্তৰ-মন্তৰত সোণমক আক্ৰমণৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছিল।
‘ককৰোচ জনতা পাৰ্টি’ৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেয়ে কেইজনমান গুণ্ডাই সোণমক কিবা নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰে। দীপকেয়ে কয়, “সোণম ছাৰৰ কিবা হ’লে চৰকাৰ দায়ী হ’ব।” আনহাতে, শুকুৰবাৰে ২০ দিন ধৰি অনশন কৰি থকা সোণম ৱাংচুকৰ কাষত কংগ্ৰেছো থিয় দিয়ে।
দীৰ্ঘদিন ধৰি দেশৰ মূল বিৰোধী দলটোৱে দিল্লীৰ যন্তৰ-মন্তৰত ককৰোচ জনতা পাৰ্টিৰ ধৰ্ণাৰ পৰা আৰু সোণমৰ অনশনত দূৰত্ব বজাই ৰাখি নীট প্ৰশ্নকাকত ফাদিল হোৱাৰ লগতে ধৰ্মেন্দ্ৰ প্ৰধানৰ শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ দাবীত নিজাববীয়াকৈ আন্দোলন চলাইছিল।
কিন্তু শুকুৰবাৰে কংগ্ৰেছৰ সংসদীয় কৌশল নিৰ্ধাৰণ বৈঠকত ছোনিয়া গান্ধীয়ে সোঁৱৰাই দিয়ে যে ১৯৮৪ চনত সোণম ৱাংচুকৰ পিতৃ সোণম ৱাংগিয়ালে লাডাখৰ জনসাধাৰণৰ বাবে অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত অনশন কৰিছিল।
সেই সময়ত ইন্দিৰা গান্ধীয়ে তেওঁৰ কাষ চাপি অনশন অন্ত পেলাবলৈ অনুৰোধ জনায়। যোৱা শুকুৰবাৰে বিয়লি কংগ্ৰেছৰ দূত পৱন খেৰাই যন্তৰ-মন্তৰত সোণমক সাক্ষাৎ কৰি কয়, “গণতান্ত্ৰিক আন্দোলনৰ বাৰ্তা মোদী চৰকাৰে নুশুনে। ইয়াৰ বাবে নিজৰ জীৱন বিপন্ন কৰাৰ প্ৰয়োজন নাই।”
পিছত সন্ধিয়া শিক্ষা ব্যৱস্থা আৰু পৰীক্ষা ব্যৱস্থাক লৈ ডেৰাডুনত অনুষ্ঠিত ‘ছাত্ৰো কি গুঞ্জ’ ৰাজহুৱা সভাত ৰাহুল গান্ধীয়ে মোদী চৰকাৰক লক্ষ্য কৰি লয়। সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সোণমক দিয়া এই ৰাজনৈতিক সমৰ্থনে শাসক শিবিৰৰ ওপৰত হেঁচা বৃদ্ধি কৰিব পাৰে বুলি বিশ্বাস কৰা হৈছে।
তেনে সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত দিল্লী আৰক্ষী সক্ৰিয় হৈ পৰে। অৱশ্যে বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ে অনশন কৰি থকা সোণমৰ জীৱন ৰক্ষাৰ বাবে যি কৰিব লাগে সেয়া কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ দিছিল।
দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দেৱেন্দ্ৰ কুমাৰ উপাধ্যায় আৰু ন্যায়াধীশ তেজস কাৰিয়াৰ এখন বিচাৰপীঠে এই নিৰ্দেশত কয় যে ৱাংচুকৰ স্বাস্থ্য চৰকাৰী চিকিৎসকে দৈনিক পৰীক্ষা কৰিব লাগে। যদি চিকিৎসকৰ প্ৰতিবেদনৰ ভিত্তিত চিকিৎসাৰ প্ৰয়োজন হয়, তেন্তে সেই ক্ষেত্ৰত কেন্দ্ৰই ব্যৱস্থা ল’ব লাগিব। ইয়াৰে দুদিন পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰে।
উল্লেখ্য যে যোৱা ২০ জুনত নীট কেলেংকাৰীৰ পিছত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত ককৰোচ জনতা পাৰ্টিয়ে যন্তৰ-মন্তৰত প্ৰতিবাদ আৰম্ভ কৰিছিল। ৭ দিনৰ পাছত সোণম ৱাংচুকে অনশন আৰম্ভ কৰে। যদিও প্ৰথমতে জনসাধাৰণ বৰ উৎসাহী নাছিল, তথাপিও যোৱা কেইদিনমানৰ পৰা ৱাংচুকৰ স্বাস্থ্যৰ প্ৰতি উদ্বেগ বিয়পিবলৈ ধৰাত যন্তৰ-মন্তৰত ভিৰ বাঢ়ি আহে।












