ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 8, 2026
Reading Time: 1 min read
A A
0
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ

দেশৰ প্ৰতিৰক্ষাৰ সংক্ৰান্ত তথ্য ফাদিল কৰাৰ অভিযোগত দিল্লীত গ্ৰেপ্তাৰ (Arrested in Delhi) হ’ল এজন বায়ুসেনাৰ উইং কমাণ্ডাৰ (Air Force Wing Commander)। দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি, বায়ুসেনাৰ বিষয়াগৰাকী বৰ্তমান ন্যায়িক জিম্মাত আছে। তেওঁৰ বিৰুদ্ধে ‘অফিচিয়েল ছিক্ৰেটছ এক্ট’ৰ (Official Secrets Act) অধীনত গোচৰ ৰুজু কৰা হৈছে।

প্ৰতিবেদন অনুসৰি, দিল্লী আৰক্ষীৰ এক সূত্ৰই দাবী কৰিছে যে দেশৰ প্ৰতিৰক্ষা আৰু চোৰাংচোৱাৰ তথ্যৰ সৈতে জড়িত তথ্য সংগ্ৰহৰ বাবে এটা ডাঙৰ চক্ৰই কাম কৰি আছে। সেই চক্ৰটোৰ তথ্য পোৱাৰ পিছতেই আহিছিল বায়ুসেনাৰ বিষয়াজনৰ নাম। ইয়াৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। সূত্ৰটোৱে জনোৱা মতে, যোৱা ৩১ মে’ত বিষয়াজনক গ্ৰেপ্তাৰ কৰা হৈছিল।

দিল্লী আৰক্ষীৰ সূত্ৰই দাবী কৰিছে যে উইং কমাণ্ডাৰগৰাকীক পাকিস্তানী চোৰাংচোৱা বিষয়াই প্ৰলোভিত কৰি ‘যৌনতাৰ’ ফান্দত (trap of ‘sex’) পেলাইছিল। ইয়াৰ পিছত তেওঁৰ পৰা প্ৰতিৰক্ষাৰ তথ্য লাভ কৰা হয়। সূত্ৰটোৱে দাবী কৰা মতে, উইং কমাণ্ডাৰজনে তেওঁৰ এজন সহকৰ্মীৰ মোবাইল ফোনত তথ্য চুৰি কৰা ছফ্টৱেৰ ইনষ্টল কৰিছিল। বিষয়টো পোহৰলৈ অহাৰ লগে লগে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। তেওঁক তিহাৰ জে’ললৈ প্ৰেৰণ কৰা হৈছে।

IAF1 | ASSAM TIMES POST
যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

বায়ুসেনাৰ এগৰাকী মুখপাত্ৰই দাবী কৰিছে যে অভিযুক্ত কমাণ্ডাৰগৰাকীৰ ওপৰত দীৰ্ঘদিন ধৰি নজৰ ৰখা হৈছিল। ইয়াৰ পিছত তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হয়। প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে জানিব পাৰিছে যে কমাণ্ডাৰজনৰ ব্যক্তিগত জীৱনতো উত্তেজনা দেখা গৈছে। ছচিয়েল মিডিয়াত এগৰাকী মহিলাৰ সৈতে কথা-বতৰা পাতিছিল। ইয়াৰ পিছত তেওঁলোকৰ মাজত অন্তৰংগতা বৃদ্ধি পায় । ভিডিঅ’ কল, চাটিং সকলো চলি আছিল। বিশ্বাস লাভ কৰাৰ পিছত মহিলাগৰাকীয়ে বিষয়াজনক বাহিনীটোৰ সৈতে জড়িত বিভিন্ন তথ্য বিচাৰিবলৈ আৰম্ভ কৰে। ছবি আৰু ভিডিঅ’ও বিচাৰিছিল তেওঁ। তদন্তত জানিব পৰা গৈছে যে উইং কমাণ্ডাৰজন সেই ফান্দত পৰিছিল আৰু চোৰাং তথ্য সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন হৈছে।

অৱশ্যে সূত্ৰৰ পৰা জানিব পৰা মতে, কি তথ্য চোৰাংভাৱে দিয়া হৈছিল তাৰ তদন্ত চলি আছে। তদন্তকাৰী সূত্ৰ অনুসৰি, ছ’চিয়েল মিডিয়াত লগ পোৱা মহিলাগৰাকীয়ে উইং কমাণ্ডাৰজনক তেওঁৰ সহকৰ্মীৰ মোবাইলত তথ্য চুৰি কৰিবলৈ বিশেষ এপ ইনষ্টল কৰিবলৈ পৰামৰ্শ দিয়ে। তদন্তকাৰীয়ে সন্দেহ কৰিছে যে ই স্পাইৱেৰ বা ৰিম’ট এক্সেছ মালৱেৰ এপ হ’ব পাৰে। এনে এপসমূহ মূলতঃ মোবাইলৰ তথ্য, সংশ্লিষ্ট ব্যক্তিজনৰ অৱস্থান আৰু কথা-বতৰা চুৰি কৰিবলৈ ব্যৱহাৰ কৰা হয়। তদন্তকাৰী সূত্ৰৰ মতে, এয়া কেৱল তথ্য সৰবৰাহৰ বিষয় নহয়। বাহিনীটোৰ আন সদস্যৰ তথ্যও চুৰি কৰাৰ চেষ্টা চলোৱাৰ সন্দেহ কৰা হৈছে। তদন্তকাৰী সূত্ৰৰ মতে, যিটো ছ’চিয়েল মিডিয়া একাউণ্টত উইং কমাণ্ডাৰজনৰ কথা-বতৰা চলি আছিল, সেই একাউণ্টটো পাকিস্তানৰ পৰাই চলি আছিল। এই চক্ৰৰ লগত আৰু কোনোবা জড়িত আছে নেকি সেইটো চিনাক্ত কৰাৰ কাম চলি আছে।

Tags: IndianPakspyarrested
Share4Tweet3Send

Related Posts

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

by News Desk
August 8, 2026
50
Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

by News Desk
August 8, 2026
50
Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ
National-International

Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ

by News Desk
August 8, 2026
50
Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী
National-International

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

by News Desk
August 7, 2026
50
NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ
National-International

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

by News Desk
August 7, 2026
50
Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : মই স্ক্ৰিপ্ট বা টেলিপ্ৰম্পটাৰ অবিহনে উত্তৰ দিবলৈ চেষ্টা কৰিম, ইনষ্টাগ্ৰামত যুৱক-যুৱতীসকলৰ পৰা প্ৰশ্ন বিচাৰি মোদীক আক্ৰমণ ৰাহুল গান্ধীৰ

by News Desk
August 7, 2026
50
ADVERTISEMENT
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

August 8, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

August 8, 2026
50
Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

August 8, 2026
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

August 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx