
ভাৰতীয় মল্লযুঁজাৰু সন্থা (Indian Wrestlers’ Association)ৰ প্ৰাক্তন বিষয়া (Ex President) ব্ৰিজভূষণ চৰণ সিঙৰ (Brij Bhushan) বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ মিছা (sexual assault allegation false) আৰু উদ্দেশ্য প্ৰণোদিত। দিল্লীৰ (Delhi) ৰাউজ এভিনিউ আদালতৰ (Rouse Avenue Court) এই পৰ্যবেক্ষণ। সোমবাৰে ব্ৰিজভূষণক যৌন নিৰ্যাতনৰ গোচৰৰ পৰা দোষমুক্ত কৰা হয়। এই গোচৰৰ ৰায়দানৰ সময়ত আদালতৰ অতিৰিক্ত মুখ্য ন্যায়িক বিষয়া অশ্বিনী পানোৱাৰে দিয়া পৰ্যবেক্ষণ সম্প্রতি পোহৰলৈ আহিছে৷
ব্ৰিজভূষণৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰত ‘গভীৰ ষড়যন্ত্ৰ’ আছে বুলি ৰাউজ এভিনিউ আদালতৰ ধাৰণা। আদালতে বিষয়টোক ‘ৰাজনৈতিকভাৱে প্ৰেৰিত’ বুলিও বিবেচনা কৰে। গোচৰটোৰ ৰায়দানৰ প্ৰতিলিপিত ন্যায়াধীশে লিখিছে যে হাৰিয়ানাৰ ৰোহটকস্থিত মল্লযুঁজ প্ৰশিক্ষণ কেন্দ্ৰ মহাদেৱ একাডেমীৰ পুৰুষ-মহিলা মল্লযুঁজাৰু আৰু প্ৰশিক্ষকসকলে যৌথভাৱে ব্ৰিজভূষণৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে।
ৰাউজ এভিনিউ আদালতৰ পৰ্যবেক্ষণ, “নথি-পত্ৰৰ পৰা যিটো জানিব পৰা গৈছে, সেয়া হ’ল যে ধৰ্ণাৰ পূৰ্বে পঞ্চমজন সাক্ষীয়ে যৌন নিৰ্যাতনৰ কোনো অভিযোগ উত্থাপন কৰা নাছিল। যৌন নিৰ্যাতনৰ বলি হোৱা কোনো মহিলা মল্লযুঁজাৰুৰ নাম উল্লেখ কৰা হোৱা নাছিল। পিছলৈ কিছুমান মহিলা মল্লযুঁজাৰুৱে আগবাঢ়ি আহি অতি কৌশলী আৰু আড়ম্বৰপূৰ্ণভাৱে একেধৰণৰ অভিযোগ দাখিল কৰিছিল।তাৰ পিছত সেই অভিযোগবোৰ ২০২৩ চনৰ ২১ এপ্ৰিলত আৰক্ষীৰ ওচৰত দাখিল কৰা হৈছিল।” মল্লযুঁজাৰু দুগৰাকীয়ে প্ৰথমে ব্ৰিজভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল যদিও পিছত সিদ্ধান্ত সলনি কৰে। দিল্লী আদালতৰ মতে দুয়োৰে বক্তব্য আন অভিযোগকাৰীৰ বক্তব্যতকৈ অধিক বিশ্বাসযোগ্য।

ব্ৰিজভূষণৰ লগতে এই গোচৰৰ আন এজন অভিযুক্ত বিনোদ তোমাৰকো সোমবাৰে দোষমুক্ত কৰা হয়। তেওঁ ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ যুটীয়া সম্পাদক আছিল। ব্ৰিজভূষণৰ বিৰুদ্ধে ৩৫৪, ৩৫৪এ, ৩৫৪ডি আৰু ৫০৬ (১) ধাৰাত গোচৰ ৰুজু কৰা হৈছিল৷ তোমাৰৰ বিৰুদ্ধে ১০৯ নং ধাৰাত গোচৰ ৰুজু কৰা হৈছিল। দুয়োজন অৱশ্যে জামিনত বাহিৰত আছিল।
বিগত লোকসভা নির্বাচনৰ পূর্বে ভাৰতীয় মল্লযুঁজ সন্থাৰ তদানীন্তন সভাপতি তথা বিজেপি নেতা ব্ৰিজভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি সমগ্ৰ দেশত হুলস্থুলৰ সৃষ্টি হৈছিল৷ বজৰং পুনিয়া, সাক্ষী মালিক, বিনেশ ফ’গাটৰ দৰে মল্লযুঁজাৰুৱে ব্ৰিজভূষণৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল৷ ছয়গৰাকী মহিলা মল্লযুঁজাৰুৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ আছিল। তাৰ ভিতৰত এগৰাকী নাবালিকাও আছিল। দিল্লীৰ যন্তৰ-মন্তৰত ব্ৰিজভূষণৰ শাস্তি বিচাৰি মল্লযুঁজাৰুসকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। সেই সময়ত ব্ৰিজভূষণে হেঁচাত পৰি পদত্যাগ কৰিবলৈ বাধ্য হৈছিল৷ পিছলৈ সঞ্জয় সিং মল্লযুঁজ সন্থাৰ নতুন সভাপতি হয়। যদিও বিনেশে অভিযোগ কৰিছিল যে সঞ্জয় নামতহে সভাপতি, ভাৰতীয় মল্লযুঁজ ব্ৰিজভূষণেই চলাইছিল৷
দিল্লী আদালতে ব্ৰিজভূষণক দোষমুক্ত কৰাৰ পিছত বিনেশে কয় যে তেওঁ উচ্চ ন্যায়ালয়লৈ যাব। দেশৰ অন্যতম শ্ৰেষ্ঠ মহিলা মল্লযুঁজাৰুগৰাকীয়ে নিজৰ হতাশাত কয় যে আদালতৰ ৰায়ত তেওঁ স্তম্ভিত হৈ পৰিছে। আনহাতে, আদালতৰ ৰায়দানৰ পাছত ব্ৰিজভূষণে কয়, “মই প্ৰথম দিনাৰ পৰাই কৈছো যে যদি মোৰ বিৰুদ্ধে এটাও অভিযোগ প্ৰমাণিত হয়, তেন্তে মই কঠোৰতম শাস্তিৰ সন্মুখীন হ’বলৈ সাজু। কিন্তু আদালতে আমাক সকলো অভিযোগৰ পৰা সন্মানেৰে মুক্ত কৰি দিছে। অৱশ্যে মোৰ বাবে ই এক আনন্দৰ কথা। প্ৰথমদিনাৰ পৰা মই যি কৈ আহিছো, সেয়াই প্ৰমাণ হ’ল। মই নাজানো মোৰ বিৰোধীসকলে কি ভাবি আছিল। মই জানিছিলোঁ যে সত্যৰেই জয় হ’ব।”













