
ভাৰতত সক্ৰিয় হৈ থকা আই এছ আই সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন (Terrorist organization) শ্বাহজাদ ভাট্টি নেটৱৰ্ক (Shahjad Bhatti Network) স্বাধীনতা দিৱসৰ পূৰ্বে ধ্বংস কৰি পেলোৱা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে এই কথা দাবী কৰে। তেওঁ কয় যে স্বাধীনতা দিৱসৰ সময়ত নৰেন্দ্ৰ মোদী চৰকাৰে ভাট্টি নেটৱৰ্কৰ ২০০ৰো অধিক সন্ত্ৰাসবাদীক (Terrorist arrested) গ্ৰেপ্তাৰ কৰি আক্ৰমণৰ পৰিকল্পনা বিফল (Attack plan failed) কৰিছে।
ছ’চিয়েল মিডিয়াত এটা পোষ্টত তেওঁ লিখিছে, “১৪ খন ৰাজ্যৰ বিভিন্ন ঠাইত সমন্বিত অভিযানত নিৰাপত্তা বাহিনীয়ে নেটৱৰ্কটো ধ্বংস কৰি পেলাইছে। ইয়াৰ দ্বাৰা ভাৰতে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ এক উজ্জ্বল উদাহৰণ দাঙি ধৰিছে।” পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ সহযোগত ভাট্টি নেটৱৰ্কৰ বিভিন্ন ঠিকনাৰ পৰা আই ই ডি (ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ), পাকিস্তান অৰ্ডানেন্স ফেক্টৰীৰ চিহ্নিত গ্ৰেনেড, চোৰাংচোৱাগিৰিৰ বাবে ব্যৱহাৰ কৰা পিষ্টল, কাৰ্টিজ আৰু চিচিটিভি কেমেৰাকে ধৰি বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰা হৈছে।

অমিত শ্বাহে দাবী কৰে যে ভাট্টি নেটৱৰ্ক ভাৰতৰ কেইবাটাও সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত আছিল। সোমবাৰে গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰে যে পাকিস্তান নিয়ন্ত্ৰিত এই সন্ত্ৰাসবাদী সংগঠনটো সমগ্ৰ ভাৰততে গ্ৰেনেড, আই ই ডি আৰু পেট্ৰ’ল বোমা আক্ৰমণ আৰু বাচি বাচি হত্যা (টাৰ্গেটেড কিলিং) কৰাৰ লগত জড়িত। নেটৱৰ্কটোৱে স্থানীয় সহযোগীসকলক আৰক্ষী, প্ৰতিৰক্ষা আৰু ধৰ্মীয় স্থানৰ পৰিস্থিতি (ৰেইকি) নিৰীক্ষণ কৰাৰ লগতে চোৰাংচোৱাগিৰিৰ বাবে চিচিটিভি কেমেৰা স্থাপনৰ বাবেও ধন আগবঢ়াইছিল। চোৰাংচোৱা তথ্যৰ ভিত্তিত ১২ আগষ্টত দেশৰ ১৪ খন ৰাজ্যত একেলগে বিশেষ অভিযান চলোৱা হয়। তাত ২৫৩ জন লোকক গ্ৰেপ্তাৰ কৰা হয়।
ইয়াৰে ২০০ৰো অধিক সন্দেহযুক্ত সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদী সহযোগীক গ্ৰেপ্তাৰ কৰা হৈছে। সূত্ৰ অনুসৰি, ইয়াৰে ৬২ জনক উত্তৰ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ উপৰি আছে হাৰিয়ানা (৫২), দিল্লী (৫১), পঞ্জাব (৪৪), ৰাজস্থান (১৫), মহাৰাষ্ট্ৰ (৮), উত্তৰাখণ্ড (৫), কৰ্ণাটক (৩), গুজৰাট (৩), বিহাৰ (৩), তেলেংগানা (২), হিমাচল প্ৰদেশ (২), জম্মু-কাশ্মীৰ (২) আৰু কেৰালা (২)।










