ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

CJP Protest : পঁইতাচোৰাৰ আন্দোলন বন্ধ কৰিবলৈ আৰক্ষীৰ বল প্ৰয়োগৰ অভিযোগ তদন্তৰ কমিটী গঠন উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 21, 2026
Reading Time: 1 min read
A A
0
CJP Protest : পঁইতাচোৰাৰ আন্দোলন বন্ধ কৰিবলৈ আৰক্ষীৰ বল প্ৰয়োগৰ অভিযোগ তদন্তৰ কমিটী গঠন উচ্চতম ন্যায়ালয়ৰ

RELATED POSTS

Sajjan Kumar dies : তিহাৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা প্ৰাক্তন সাংসদ সজ্জন কুমাৰৰ মৃত্যু

Hemant Soren Govt : পৰীক্ষা বাতিলৰ সিদ্ধান্তত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশত ক্ষুব্ধ চাকৰি প্ৰত্যাশী, পুনৰ আন্দোলনৰ আহ্বান

Ship missing : ছোমালিয়া আৰু য়েমেন উপকূলত দুখন মালবাহী জাহাজ অপহৰণ, ২২ ভাৰতীয়ক আটক

New Logo Smal 2 | ASSAM TIMES POST

দিল্লীত প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদকাৰীৰ (CJP Protest) ওপৰত আৰক্ষীৰ আক্ৰমণ (Police attack on Protest)ৰ অভিযোগ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ে (Supreme Court) পাঁচজনীয়া তদন্ত সমিতি গঠন (Formation of a five-member investigative committee) কৰিছে। পাঁচজনীয়া সমিতিখনৰ নেতৃত্বত আছে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আৰ সুভাষ ৰেড্ডী (R Subhash Reddy)। কমিটীৰ আন সদস্যসকল হ’ল পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰবিশংকৰ ঝা, দিল্লী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ শলিন্দৰ কৌৰ, চিবিআইৰ প্ৰাক্তন সঞ্চালক ঋষি কুমাৰ শুক্লা আৰু মেঘালয় আৰক্ষীৰ প্ৰাক্তন ডিজি এল আৰ বিষ্ণয়।

যোৱা ২০ জুলাইত ককৰোচ জনতা পাৰ্টীৰ সংসদ ভৱন অভিযানৰ সময়ত আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে অত্যধিক বা অপ্ৰয়োজনীয় বল প্ৰয়োগৰ অভিযোগ। যন্তৰ-মন্তৰ আৰু সংসদ অভিযানৰ সময়ত মহিলা প্ৰতিবাদকাৰীক শাৰীৰিক নিৰ্যাতনৰ অভিযোগৰ লগতে প্ৰতিবাদকাৰীয়ে আৰক্ষী জোৱানৰ ওপৰত আক্ৰমণ আৰু চৰকাৰী সা-সম্পত্তিৰ ক্ষতিসাধন কৰাৰ প্ৰত্যুত্তৰ অভিযোগ উত্থাপন কৰিব বুলি শীর্ষ ন্যায়ালয়ে জানিবলৈ দিয়ে৷ ইয়াৰ উপৰি চিচিটিভি আৰু ভিডিঅ’ ফুটেজ আৰু আহত প্ৰতিবাদকাৰীৰ চিকিৎসা বা ক্ষতিপূৰণৰ বিষয়টোও পৰীক্ষা কৰিব। আৰক্ষীয়ে বৈধভাৱে আৰু সমানুপাতিকভাৱে বল প্ৰয়োগ কৰিছিল নেকি তাৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হ’ব।

উক্ত গোচৰৰ শুনানিৰ সময়ত দিল্লী আৰক্ষীয়ে মঙলবাৰে উচ্চতম ন্যায়ালয়ক শপতনামাযোগে কয় যে চিজেপিৰ ‘চলো সংসদ’ কাৰ্যসূচীত কোনো ধৰণৰ অত্যধিক বল প্ৰয়োগ কৰা হোৱা নাছিল। বাহিনীটোৱে কোনো অবৈধ কাম কৰা নাছিল। কিন্তু সেই ব্যাখ্যাত সন্তুষ্ট ন’হৈ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচি আৰু ন্যায়াধীশ ভি মোহনৰ খণ্ড বিচাৰপীঠে মঙলবাৰে কয় যে উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত গঠন কৰা এখন কমিটীয়ে ভিডিঅ’ ফুটেজ পৰীক্ষা কৰি সাক্ষীৰ সৈতে কথা পাতিব আৰু অন্যান্য প্ৰক্ৰিয়াৰ জৰিয়তে অভিযোগ আৰু প্ৰতি-অভিযোগৰ সত্যতা পৰীক্ষা কৰিব।

cjp 3 | ASSAM TIMES POST
পঁইতাচোৰাৰ আন্দোলন বন্ধ কৰিবলৈ আৰক্ষীৰ বল প্ৰয়োগৰ অভিযোগ তদন্তৰ কমিটী গঠন উচ্চতম ন্যায়ালয়ৰ

আৰক্ষীয়ে সমদলত অংশগ্ৰহণ কৰাসকলক ‘অত্যাচাৰ’ কৰাৰ অভিযোগ উত্থাপন কৰি উচ্চতম ন্যায়ালয়ৰ স্বতঃপ্ৰণোদিতভাৱে হস্তক্ষেপ বিচাৰিছিল এজন অধিবক্তাই। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ খণ্ড বিচাৰপীঠে এই সন্দৰ্ভত জৰুৰী শুনানিৰ বাবে আবেদন খাৰিজ কৰে। আবেদনকাৰীয়ে সেইদিনা ঘটনাৰ ভিডিঅ’ আদালতক দেখুৱাব বিচাৰিছিল। তেতিয়া মুখ্য ন্যায়াধীশে স্পষ্টকৈ কয়, “আমাৰ সময় নষ্ট নকৰিব।”

অৱশ্যে মঙলবাৰে মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে এই অভিযোগ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰাৰ কথা ঘোষণা কৰে। মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক আন্দোলনৰ সময়ত প্ৰতিবাদকাৰীৰ বিৰুদ্ধে পঞ্জীয়ন হোৱা এফআইআৰৰ তথ্য উচ্চতম ন্যায়ালয়ত দাখিল কৰিবলৈও নিৰ্দেশ দিয়ে। উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ ৰায় অনুসৰি সেই এফআইআৰ খাৰিজ কৰিব লাগে (যিসকলৰ আগতে কোনো অপৰাধমূলক গোচৰ নাই)।

এই প্ৰসংগত বিচাৰপীঠে পৰ্যবেক্ষণ কৰে, “ছাত্ৰ-ছাত্ৰীৰ জীৱন এতিয়া বিপদত পৰিছে। আমি সেই কথা মনত ৰাখিব লাগিব। তেওঁলোকৰ ভৱিষ্যত আছে। সংবিধানৰ ১৯ নং অনুচ্ছেদ অনুসৰি তেওঁলোকৰ প্ৰতিবাদ কৰাৰ অধিকাৰ আছে।” মেহতাই কয় যে প্ৰতিবাদস্থলীৰ চিচিটিভি ফুটেজ চাই বিগত সময়ত অপৰাধত জড়িত ২৮০০ ‘অসামাজিক ব্যক্তি’ক চিনাক্ত কৰিছে আৰক্ষীয়ে। ২০ জুলাইৰ কাৰ্যসূচীৰ সময়ত অশান্তি বিয়পোৱাতো তেওঁলোকৰ হাত থকাৰ অভিযোগ উত্থাপন হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: CJPProtest
Share4Tweet3Send

Related Posts

Sajjan Kumar dies : তিহাৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা প্ৰাক্তন সাংসদ সজ্জন কুমাৰৰ মৃত্যু
National-International

Sajjan Kumar dies : তিহাৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা প্ৰাক্তন সাংসদ সজ্জন কুমাৰৰ মৃত্যু

by News Desk
August 21, 2026
50
Jharkhand protest : একপক্ষীয়ভাৱে পৰীক্ষা কিয় বাতিল কৰা হৈছে ? হেমন্ত ছোৰেন চৰকাৰৰ সিদ্ধান্তত স্থগিতাদেশ ৰাঁচী উচ্চ ন্যায়ালয়ৰ
National-International

Hemant Soren Govt : পৰীক্ষা বাতিলৰ সিদ্ধান্তত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশত ক্ষুব্ধ চাকৰি প্ৰত্যাশী, পুনৰ আন্দোলনৰ আহ্বান

by News Desk
August 21, 2026
50
Ship missing : ছোমালিয়া আৰু য়েমেন উপকূলত দুখন মালবাহী জাহাজ অপহৰণ, ২২ ভাৰতীয়ক আটক
National-International

Ship missing : ছোমালিয়া আৰু য়েমেন উপকূলত দুখন মালবাহী জাহাজ অপহৰণ, ২২ ভাৰতীয়ক আটক

by News Desk
August 21, 2026
50
CJP Team Chased and Attacked at Rajasthan School — BJP Accused
National-International

CJP Team Chased and Attacked at Rajasthan School — BJP Accused

by ASSAM TIMES POST
August 21, 2026
50
Jharkhand protest : একপক্ষীয়ভাৱে পৰীক্ষা কিয় বাতিল কৰা হৈছে ? হেমন্ত ছোৰেন চৰকাৰৰ সিদ্ধান্তত স্থগিতাদেশ ৰাঁচী উচ্চ ন্যায়ালয়ৰ
National-International

Jharkhand protest : একপক্ষীয়ভাৱে পৰীক্ষা কিয় বাতিল কৰা হৈছে ? হেমন্ত ছোৰেন চৰকাৰৰ সিদ্ধান্তত স্থগিতাদেশ ৰাঁচী উচ্চ ন্যায়ালয়ৰ

by News Desk
August 20, 2026
51
Telengana teacher murder : প্ৰধান শিক্ষয়িত্ৰীক ৰেপি ৰেপি হত্যা দশম শ্ৰেণীৰ দুই ছাত্ৰৰ
National-International

Telengana teacher murder : প্ৰধান শিক্ষয়িত্ৰীক ৰেপি ৰেপি হত্যা দশম শ্ৰেণীৰ দুই ছাত্ৰৰ

by News Desk
August 20, 2026
51
ADVERTISEMENT
Sajjan Kumar dies : তিহাৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা প্ৰাক্তন সাংসদ সজ্জন কুমাৰৰ মৃত্যু
National-International

Sajjan Kumar dies : তিহাৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা প্ৰাক্তন সাংসদ সজ্জন কুমাৰৰ মৃত্যু

August 21, 2026
50
Jharkhand protest : একপক্ষীয়ভাৱে পৰীক্ষা কিয় বাতিল কৰা হৈছে ? হেমন্ত ছোৰেন চৰকাৰৰ সিদ্ধান্তত স্থগিতাদেশ ৰাঁচী উচ্চ ন্যায়ালয়ৰ
National-International

Hemant Soren Govt : পৰীক্ষা বাতিলৰ সিদ্ধান্তত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশত ক্ষুব্ধ চাকৰি প্ৰত্যাশী, পুনৰ আন্দোলনৰ আহ্বান

August 21, 2026
50
CJP Protest : পঁইতাচোৰাৰ আন্দোলন বন্ধ কৰিবলৈ আৰক্ষীৰ বল প্ৰয়োগৰ অভিযোগ তদন্তৰ কমিটী গঠন উচ্চতম ন্যায়ালয়ৰ
National-International

CJP Protest : পঁইতাচোৰাৰ আন্দোলন বন্ধ কৰিবলৈ আৰক্ষীৰ বল প্ৰয়োগৰ অভিযোগ তদন্তৰ কমিটী গঠন উচ্চতম ন্যায়ালয়ৰ

August 21, 2026
50
Ship missing : ছোমালিয়া আৰু য়েমেন উপকূলত দুখন মালবাহী জাহাজ অপহৰণ, ২২ ভাৰতীয়ক আটক
National-International

Ship missing : ছোমালিয়া আৰু য়েমেন উপকূলত দুখন মালবাহী জাহাজ অপহৰণ, ২২ ভাৰতীয়ক আটক

August 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sajjan Kumar dies : তিহাৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা প্ৰাক্তন সাংসদ সজ্জন কুমাৰৰ মৃত্যু

Sajjan Kumar dies : তিহাৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা প্ৰাক্তন সাংসদ সজ্জন কুমাৰৰ মৃত্যু

August 21, 2026
Jharkhand protest : একপক্ষীয়ভাৱে পৰীক্ষা কিয় বাতিল কৰা হৈছে ? হেমন্ত ছোৰেন চৰকাৰৰ সিদ্ধান্তত স্থগিতাদেশ ৰাঁচী উচ্চ ন্যায়ালয়ৰ

Hemant Soren Govt : পৰীক্ষা বাতিলৰ সিদ্ধান্তত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশত ক্ষুব্ধ চাকৰি প্ৰত্যাশী, পুনৰ আন্দোলনৰ আহ্বান

August 21, 2026
CJP Protest : পঁইতাচোৰাৰ আন্দোলন বন্ধ কৰিবলৈ আৰক্ষীৰ বল প্ৰয়োগৰ অভিযোগ তদন্তৰ কমিটী গঠন উচ্চতম ন্যায়ালয়ৰ

CJP Protest : পঁইতাচোৰাৰ আন্দোলন বন্ধ কৰিবলৈ আৰক্ষীৰ বল প্ৰয়োগৰ অভিযোগ তদন্তৰ কমিটী গঠন উচ্চতম ন্যায়ালয়ৰ

August 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d