
সোণাপুৰৰ মৰকদলাত পুৱাই গুলীয়াগুলীৰ ঘটনা। আৰক্ষীৰে হোৱা গুলীয়াগুলীত দুজন সন্দেহযুক্ত গাড়ী চোৰ নিহত হোৱা বুলি জানিব পৰা গৈছে।সোণাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মৰকদলা অঞ্চলত সংঘটিত হৈছে এই গুলীয়াগুলীৰ ঘটনা।

প্ৰাথমিক তথ্য অনুসৰি, দুজন অস্ত্ৰধাৰী সন্দেহযুক্ত গাড়ী চোৰে গুৱাহাটীৰ পানবজাৰ আৰক্ষী থানা এলেকাৰ পৰা এখন টাটা ইক’ বাহন চুৰি কৰি পলায়নৰ চেষ্টা কৰিছিল। নাৰেংগী–পানীখাইটি–ডিগাৰু–বৰখাট হৈ মেঘালয়ৰ দিশে যোৱাৰ সময়তে মৰকদলাৰ বন বিভাগৰ পৰিদৰ্শন বাংলোৰ সন্মুখত আৰক্ষীৰ সৈতে তেওঁলোকৰ মুখামুখি হোৱা বুলি জানিব পৰা গৈছে।
ইয়াৰ পিছতে আৰক্ষী আৰু সন্দেহযুক্ত গাড়ী চোৰ দুজনৰ মাজত গুলীয়াগুলী সংঘটিত হয়। আৰক্ষীৰ গুলীত দুয়োজনেই গুৰুতৰভাৱে আহত হয় আৰু থিতাতে নিহত হোৱা বুলি প্ৰাথমিকভাৱে জানিব পৰা গৈছে।
নিহত দুজনক চাইদুল আলম লস্কৰ আৰু বাবু সিং বুলি চিনাক্ত কৰা হৈছে।
ঘটনাস্থলীৰ পৰা দুটা পিষ্টল, মোবাইল ফোন আৰু চুৰি কৰা বাহনৰ সৈতে সম্পৰ্কিত কিছু সামগ্ৰী উদ্ধাৰ কৰাৰ দাবী কৰা হৈছে।
ঘটনাৰ পিছতে আৰক্ষীয়ে সমগ্ৰ বিষয়টো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। নিহত দুজনৰ বিৰুদ্ধে পূৰ্বে কোনো অপৰাধমূলক গোচৰ আছিল নেকি, লগতে তেওঁলোকৰ সৈতে আন কোনো লোক জড়িত আছিল নেকি—সেই সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত চলাইছে।
ঘটনাস্থলীত আৰক্ষীৰ অভিযান অব্যাহত আছে। অধিক তথ্য আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব।












