![]()
মুখ্যমন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ কঠোৰ পদক্ষেপৰ পিছতো ৰাজ্যত অব্যাহত আছে বাল্যবিবাহৰ ঘটনা। এইবাৰ লামডিঙত পোহৰলৈ আহিছে বাল্যবিবাহৰ ঘটনা। এগৰাকী ১৫ বছৰীয়া কিশোৰীৰ বিয়া আৰু গৰ্ভধাৰণৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, লামডিঙৰ পূব লামডিং পঞ্চায়তৰ অন্তৰ্গত মুৰা বস্তিৰ সঞ্জিত গৌৰ নামৰ ব্যক্তিজনৰ ১৫ বছৰীয়া কন্যা প্ৰায় ৬ মাহ পূৰ্বে মাইবঙৰ জয় গৌৰ নামৰ এজন যুৱকৰ সৈতে পলাই গৈ বিবাহপাশত আবদ্ধ হৈছিল। বৰ্তমান কিশোৰীগৰাকী প্ৰায় ৫ মাহৰ গৰ্ভৱতী বুলি জানিব পৰা গৈছে।
ইফালে এই ঘটনাৰ খবৰ লাভ কৰাৰ পিছত লামডিং আৰক্ষীয়ে গাঁওৰক্ষী বাহিনীৰ সহযোগত কিশোৰীগৰাকীৰ পৰিয়ালক লামডিং আৰক্ষী থানালৈ মাতি আনি সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। লগতে অভিযুক্ত জয় গৌৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। অৱশ্যে অভিযুক্ত ৰাজ গৌৰ বৰ্তমান বহিঃৰাজ্যত কৰ্মৰত বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।











