ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

UPI transaction : ইউপিআই মাচুলৰ ওপৰতো আৰোপ কৰা হ’ব জিএছটি, ডিজিটেল লেনদেনত আহি আছে অধিক খৰচ

নিউজ ডেস্কঃ

News Desk by News Desk
September 18, 2026
Reading Time: 1 min read
A A
0
UPI transaction : ইউপিআই মাচুলৰ ওপৰতো আৰোপ কৰা হ’ব জিএছটি, ডিজিটেল লেনদেনত আহি আছে অধিক খৰচ

RELATED POSTS

Kashmir snowfall : কাশ্মীৰত বতৰৰ প্ৰথমটো তুষাৰপাত, বগা চাদৰেৰে আবৃত গুৰেজ উপত্যকা

Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ

TATA Sons : পদত্যাগৰ পিছতো টাটাৰ অধ্যক্ষ পদৰ বাবে পুনৰ বিচাৰিছে চন্দ্ৰশেখৰণক, নোৱেলৰ আপত্তি নাকচ

New Logo Smal 1 | ASSAM TIMES POST

কেন্দ্ৰীয় চৰকাৰে ২০০০ টকাতকৈ অধিক ইউপিআই লেনদেনত অতিৰিক্ত মাচুল (এমডিআৰ) আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবেও সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) আৰোপ কৰা হ’ব। চৰকাৰী সূত্ৰ অনুসৰি, এমডিআৰৰ ওপৰত ১৮ শতাংশ জিএছটি আৰোপ কৰা হ’ব। ফলত ১৫ অক্টোবৰৰ পৰা ব্যৱসায়ীসকলৰ খৰচ আৰু বৃদ্ধি পাব। সেইদিনাৰ পৰা ব্যৱসায়িক লেনদেনত এমডিআৰ প্ৰযোজ্য হ’ব।

কেন্দ্ৰৰ নতুন নিয়ম অনুসৰি, কিউআৰ ক’ডৰ জৰিয়তে প্ৰতিমাহে এক লাখ টকা পৰ্যন্ত উপাৰ্জন কৰা ক্ষুদ্ৰ ব্যৱসায়ীসকলে কোনো এমডিআৰ দিব নালাগিব। ৰে’ল আৰু শক্তিৰ দৰে কিছুমান বিশেষ শিতানত ২০০০ টকাৰ অধিক লেনদেনৰ ক্ষেত্ৰত ৫ টকাৰ নিৰ্দিষ্ট চাৰ্জ প্ৰযোজ্য হ’ব। আন উচ্চ মূল্যৰ লেনদেনত ০.৪ শতাংশ এমডিআৰ দিব লাগিব। ৭৫ হাজাৰ বা তাতকৈ অধিক মূল্যৰ লেনদেনৰ বাবে প্ৰতিটো লেনদেনত সৰ্বাধিক ৩০০ টকাৰ সীমা নিৰ্ধাৰণ কৰা হ’ব। কিন্তু কোনো কাৰণতে সাধাৰণ গ্ৰাহকে কোনো অতিৰিক্ত খৰচ দিব নালাগিব। কেন্দ্ৰই দাবী কৰিছে যে ডাঙৰ ব্যৱসায়ীৰ ওপৰত এমডিআৰ আৰোপ কৰা হ’ব। চৰকাৰৰ এই সিদ্ধান্তৰ সমালোচনা বিভিন্ন ফালৰ পৰা আৰম্ভ হৈছে। বিৰোধীয়ে দাবী কৰিছে যে ব্যৱসায়ীসকলে প্ৰকৃততে এই অতিৰিক্ত ধন গ্ৰাহকৰ পৰা ল’ব। লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে দাবী কৰিছে যে ভাৰত চৰকাৰে আমেৰিকাৰ হেঁচাত নতি স্বীকাৰ কৰি এমডিআৰ কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লৈছে।

upi | ASSAM TIMES POST
ইউপিআই মাচুলৰ ওপৰতো আৰোপ কৰা হ’ব জিএছটি

এইদৰে দেশৰ প্ৰতিজন সাধাৰণ মানুহৰ ওপৰত কৰ আৰোপ কৰা হৈছে। এই সন্দৰ্ভত বিতৰ্কৰ সময়ত জানিব পৰা গৈছে যে এমডিআৰৰ ওপৰতো১৮ শতাংশ জিএছটি আৰোপ কৰা হ’ব। তেন্তে ইউপিআইৰ লেনদেন অধিক খৰচী হ’ব নেকি? চৰকাৰে অৱশ্যে সেইটো মানি ল’ব বিচৰা নাই। চৰকাৰী সূত্ৰই কয় যে বৰ্তমান এমডিআৰত জিএছটি দিব লাগিব যদিও ব্যৱসায়ীসকলে ‘ইনপুট টেক্স ক্ৰেডিট’ (আইটিচি) দাবী কৰি সেই ধন ঘূৰাই পাব পাৰে। ফলত তেওঁলোকে প্ৰকৃততে ইউপিআইৰ লেনদেনত কোনো ধৰণৰ জিএছটি দিব নালাগে।

উদাহৰণস্বৰূপে কোনো গ্ৰাহকে যদি কোনো দোকানৰ পৰা ১০ হাজাৰ টকাৰ সামগ্ৰী ক্ৰয় কৰে তেন্তে ব্যৱসায়ীয়ে ০.৪ শতাংশ হাৰত ৪০ টকাৰ এমডিআৰ দিব লাগিব। সেই ৪০ টকাত ১৮ শতাংশ জিএছটি আৰোপ কৰা হ’ব। ফলত আৰু ৭.২০ টকা দিব লাগিব। সেই ১০ হাজাৰ টকীয়া ক্ৰয়ৰ বাবে ব্যৱসায়ীয়ে মুঠ ৪৭ টকা অতিৰিক্ত দিব লাগিব। অৱশ্যে পিছত তেওঁ আইটিচিৰ জৰিয়তে জিএছটিৰ বাবে দিয়া ধন ঘূৰাই পাব পাৰে।

ৰে’লৱে আৰু বীমাৰ দৰে কিছুমান সেৱাৰ ক্ষেত্ৰত ২০০০ টকাতকৈ অধিক ইউপিআই লেনদেনত ৫ টকীয়া এমডিআৰ আৰোপ কৰা হৈছে। তাৰ ওপৰতো ১৮ শতাংশ জিএছটি প্ৰযোজ্য। চৰকাৰী সূত্ৰই দাবী কৰিছে যে এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত যদি কিবা অভাৱ হয়, তেন্তে ইয়াক পূৰণৰ বাবে পৰ্যাপ্ত প্ৰচেষ্টা চলোৱা হ’ব। অৱশ্যে বৰ্তমান এমডিআৰ বাতিল কৰাৰ কোনো সম্ভাৱনা নাই। ব্যৱসায়ীসকলৰ ওপৰত চৰকাৰে তীক্ষ্ণ নজৰ ৰাখিব, যাতে তেওঁলোকে অতিৰিক্ত ধনৰ বোজা গ্ৰাহকৰ মাজলৈ আগবঢ়াই নিদিয়ে। ক’ৰবাত কিবা সমস্যা হ’লে জিএছটি কাউন্সিলে তদাৰক কৰিব৷

বিভিন্ন পর্যায়ত হোৱা আলোচনাৰ ভিত্তিত চৰকাৰে এমডিআৰ কার্যকৰী কৰাৰ সিদ্ধান্ত লোৱা বুলি সূত্রই দাবী কৰিছে৷ ছেবি আৰু ষ্টকহোল্ডাৰসকলৰ সৈতেও বৈঠক অনুষ্ঠিত কৰা হৈছে। বহুতে আশংকা কৰে যে এমডিআৰৰ বাবে অনলাইন লেনদেন কমি যাব পাৰে। কিন্তু চৰকাৰে তেনেকৈ নাভাবে। এজন বিষয়াই কয়, “আমি নাভাবো যে নগদ ধনৰ লেনদেন বিশেষ বৃদ্ধি পাব। আমি আশাকৰোঁ যে ১৫ অক্টোবৰত এই নিয়ম প্ৰৱৰ্তন কৰাৰ পিছতো ইউপিআইৰ লেনদেন একেই থাকিব।” লগতে তেওঁ কয়, “কিছুমান বাহ্যিক প্ৰভাৱৰ বাবে এমডিআৰ প্ৰৱৰ্তন কৰা হৈছে বুলি উত্থাপন কৰা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন। আমি ধাৰাবাহিকভাৱে ৰূপে ডেবিট কাৰ্ডৰ ব্যৱহাৰৰ প্ৰচাৰ চলাই আছোঁ। ৰূপে ডেবিট কাৰ্ডত কোনো এমডিআৰ নাই। ই আন কাৰ্ডতকৈ অধিক সুবিধা প্ৰদান কৰিব।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: UPITransaction
Share4Tweet3Send

Related Posts

Kashmir snowfall : কাশ্মীৰত বতৰৰ প্ৰথমটো তুষাৰপাত, বগা চাদৰেৰে আবৃত গুৰেজ উপত্যকা
National-International

Kashmir snowfall : কাশ্মীৰত বতৰৰ প্ৰথমটো তুষাৰপাত, বগা চাদৰেৰে আবৃত গুৰেজ উপত্যকা

by News Desk
September 18, 2026
50
Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ
National-International

Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ

by News Desk
September 18, 2026
50
TATA Sons : পদত্যাগৰ পিছতো টাটাৰ অধ্যক্ষ পদৰ বাবে পুনৰ বিচাৰিছে চন্দ্ৰশেখৰণক, নোৱেলৰ আপত্তি নাকচ
National-International

TATA Sons : পদত্যাগৰ পিছতো টাটাৰ অধ্যক্ষ পদৰ বাবে পুনৰ বিচাৰিছে চন্দ্ৰশেখৰণক, নোৱেলৰ আপত্তি নাকচ

by News Desk
September 18, 2026
50
PM Modi : মোদীৰ ৭৭ সংখ্যক জন্মদিনত উপহাৰৰ ই-নিলাম
National-International

PM Modi : মোদীৰ ৭৭ সংখ্যক জন্মদিনত উপহাৰৰ ই-নিলাম

by News Desk
September 18, 2026
50
PM Modi : জন্মদিনত নতুন দিল্লীৰ ‘ছেমিকন ইণ্ডিয়া’ৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা
National-International

PM Modi : জন্মদিনত নতুন দিল্লীৰ ‘ছেমিকন ইণ্ডিয়া’ৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

by News Desk
September 17, 2026
51
Health Ministry : প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰী ৰুধিবলৈ কঠোৰ কেন্দ্ৰ, ফাৰ্মাচীত চিচিটিভি বাধ্যতামূলক কৰাৰ চিন্তা
National-International

Health Ministry : প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰী ৰুধিবলৈ কঠোৰ কেন্দ্ৰ, ফাৰ্মাচীত চিচিটিভি বাধ্যতামূলক কৰাৰ চিন্তা

by News Desk
September 17, 2026
53
ADVERTISEMENT
Kashmir snowfall : কাশ্মীৰত বতৰৰ প্ৰথমটো তুষাৰপাত, বগা চাদৰেৰে আবৃত গুৰেজ উপত্যকা
National-International

Kashmir snowfall : কাশ্মীৰত বতৰৰ প্ৰথমটো তুষাৰপাত, বগা চাদৰেৰে আবৃত গুৰেজ উপত্যকা

September 18, 2026
50
Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ
National-International

Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ

September 18, 2026
50
Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men
NORTHEAST

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

September 18, 2026
50
EVMক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL
Guwahati

EVMক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL

September 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Kashmir snowfall : কাশ্মীৰত বতৰৰ প্ৰথমটো তুষাৰপাত, বগা চাদৰেৰে আবৃত গুৰেজ উপত্যকা

Kashmir snowfall : কাশ্মীৰত বতৰৰ প্ৰথমটো তুষাৰপাত, বগা চাদৰেৰে আবৃত গুৰেজ উপত্যকা

September 18, 2026
Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ

Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ

September 18, 2026
Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

September 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d