
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিজেপি বিধায়ক বিজয় কুমাৰ গুপ্তাই কৰা মন্তব্যক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হৈছে বিতৰ্ক। জুবিন গাৰ্গৰ সংগীত আৰু চলচ্চিত্ৰ জীৱনৰ বিষয়ে বিধায়কগৰাকীয়ে দিয়া ভুল তথ্যক লৈ সামাজিক মাধ্যমত বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ মাজতে এইবাৰ মুকলিকৈ সৰৱ হৈছে কণ্ঠশিল্পী সীমান্ত শেখৰ।
গুৱাহাটীৰ ফাঁচী বজাৰত অনুষ্ঠিত জুবিন দিৱসৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাষণ দি মধ্য গুৱাহাটীৰ বিজেপি বিধায়ক বিজয় গুপ্তাই কৈছিল যে জুবিন গাৰ্গে ভাৰতৰ ৪০টা ভাষাত ৩ হাজাৰৰো অধিক গীত গাইছিল। লগতে শিল্পীগৰাকীয়ে ‘চাইনা মিছন’ নামৰ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰা বুলিও উল্লেখ কৰিছিল।
কিন্তু জুবিন গাৰ্গৰ চলচ্চিত্ৰখনৰ প্ৰকৃত নাম ‘মিছন চাইনা’। ২০১৭ চনৰ ৮ ছেপ্টেম্বৰত মুক্তি লাভ কৰিছিল জুবিন গাৰ্গ পৰিচালিত তথা অভিনীত ছবিখনে। আনহাতে, ১৯৯২ চনত মুক্তি পোৱা ‘অনামিকা’ আছিল শিল্পীগৰাকীৰ প্ৰথমটো এলবাম।
বিধায়কগৰাকীৰ মন্তব্য সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতেই জুবিন অনুৰাগীৰ মাজত আৰম্ভ হয় প্ৰতিক্ৰিয়া। বিশেষকৈ গীতৰ সংখ্যা আৰু চলচ্চিত্ৰৰ নাম ভুলকৈ উল্লেখ কৰাক লৈ একাংশই বিধায়কগৰাকীৰ সমালোচনা কৰে।

এই বিতৰ্কৰ মাজতেই কণ্ঠশিল্পী সীমান্ত শেখৰে নিজৰ ফেচবুক একাউণ্টৰ পৰা বিজয় গুপ্তাক উদ্দেশ্যি লিখে—
‘মাননীয় MLA মহোদয়, প্ৰথমে জুবিন গাৰ্গৰ বিষয়ে ভালদৰে অধ্যয়ন কৰক, তেওঁৰ সংগীত, অৱদান আৰু অসমৰ সমাজ-সংস্কৃতিত তেওঁৰ স্থান বুজিবলৈ চেষ্টা কৰক। তাৰ পিছতহে সংবাদ মাধ্যমৰ সন্মুখলৈ আহি মন্তব্য কৰক।’
সীমান্ত শেখৰে লগতে কয়—
‘আপুনি BJP-ৰ হ’ব পাৰে, সেয়া আপোনাৰ ৰাজনৈতিক পৰিচয়। কিন্তু সেইবুলি জুবিন গাৰ্গৰ দৰে এগৰাকী কিংবদন্তিক লৈ কৰা যিকোনো অজ্ঞতাপূৰ্ণ বা অবিবেচক মন্তব্যক আমি সমৰ্থন কৰিব লাগিব বুলি কোনো কথা নাই।’
নিজৰ পোষ্টটোৰ শেষত শিল্পীগৰাকীয়ে উল্লেখ কৰে যে ৰাজনীতিৰ ঊৰ্ধ্বত আছে অসমৰ সংস্কৃতি, আবেগ আৰু শিল্পীসকলৰ প্ৰতি সন্মান। জুবিন গাৰ্গৰ বিষয়ে কথা কওঁতে অন্ততঃ সেই সন্মান বজাই ৰাখিবলৈ তেওঁ বিধায়কগৰাকীক আহ্বান জনায়।
উল্লেখযোগ্য যে জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সময়তে বিধায়কগৰাকীৰ এই মন্তব্যই সামাজিক মাধ্যমত চৰ্চা লাভ কৰে। জুবিনৰ সংগীতজীৱন, চলচ্চিত্ৰ আৰু অসমৰ সমাজ-সংস্কৃতিলৈ তেওঁৰ অৱদানৰ বিষয়ে সঠিক তথ্য জানি ৰাজহুৱাভাৱে মন্তব্য কৰাৰ প্ৰয়োজনীয়তাৰ কথা বিভিন্নজনে উত্থাপন কৰে।
ইফালে, এই বিতৰ্কৰ মাজতে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহায়ো বিজয় গুপ্তাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰি তেওঁ মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। বিজয় গুপ্তাৰ বিৰুদ্ধে তদন্তৰ দাবী জনোৱাৰ লগতে ক্ষমা নিবিচাৰিলে প্ৰতিবাদৰো সকীয়নি দিয়ে শৃংখল চলিহাই।
অৱশেষত বিতৰ্কৰ পাছত সামাজিক মাধ্যমযোগে নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰে বিজেপি বিধায়ক বিজয় গুপ্তাই।
ফেচবুকত দিয়া স্পষ্টীকৰণত বিধায়কগৰাকীয়ে কয় যে তেওঁ অনিচ্ছাকৃতভাৱে ৩০ হাজাৰৰ পৰিৱৰ্তে ৩ হাজাৰ বুলি কৈ পেলাইছিল। এয়া সম্পূৰ্ণৰূপে অনিচ্ছাকৃত ভুল আছিল বুলি উল্লেখ কৰি তেওঁৰ কথাই জুবিন গাৰ্গৰ অনুৰাগীৰ অনুভূতিত আঘাত দিয়া বাবে আন্তৰিকভাৱে ক্ষমা বিচাৰে।
বিজয় গুপ্তাই জুবিন গাৰ্গক অসমৰ আত্মা আৰু হৃদস্পন্দন বুলি অভিহিত কৰি শিল্পীগৰাকীৰ প্ৰতি তেওঁৰ সন্মান আৰু ভালপোৱা সদায় আন্তৰিক বুলি উল্লেখ কৰে।
লগতে জুবিন গাৰ্গৰ বিশাল সংগীত-সম্ভাৰ সঠিকভাৱে সংৰক্ষণ আৰু নথিভুক্ত কৰি আগন্তুক প্ৰজন্মৰ বাবে সহজলভ্য কৰি ৰখাৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে বিধায়কগৰাকীয়ে। জুবিনৰ সংগীতৰ ডিজিটেল সংৰক্ষণ আৰু Spotify-কে ধৰি আধুনিক ষ্ট্ৰীমিং প্লেটফৰ্মসমূহত উপযুক্ত স্থান নিশ্চিত কৰাৰ দিশত কাম কৰাৰ ইচ্ছাও প্ৰকাশ কৰে তেওঁ।
অৱশ্যে প্ৰকাশিত ক্ষমা প্ৰাৰ্থনাত বিধায়কগৰাকীয়ে মূলতঃ গীতৰ সংখ্যাৰ ক্ষেত্ৰত হোৱা ভুলৰ স্পষ্টীকৰণ দিছে। ‘মিছন চাইনা’ চলচ্চিত্ৰখনৰ নাম ভুলকৈ উল্লেখ কৰাৰ বিষয়ে পৃথক স্পষ্টীকৰণ পোৱা হোৱা নাই।
জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আৰম্ভ হোৱা এই বিতৰ্কই সামাজিক মাধ্যমত শিল্পীগৰাকীৰ অৱদান আৰু তেওঁৰ বিষয়ে ৰাজহুৱা ব্যক্তিসকলে কৰা মন্তব্যৰ তথ্যগত শুদ্ধতাক লৈ নতুনকৈ চৰ্চাৰ সৃষ্টি কৰিছে।











