
অসমীয়া সাহিত্য জগতৰ বাবে এক দুঃসংবাদ। বিশিষ্ট কবি, গীতিকাৰ, অনুবাদক তথা সাহিত্য সংগঠক আনিছ উজ জামানৰ দেহাৱসান ঘটিছে। আজি পুৱা ৫ বাজি ৪০ মিনিটত মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে কবিগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা বিশিষ্ট সাহিত্যিকগৰাকীৰ নশ্বৰ দেহ বৰ্তমান মহানগৰীৰ নেমকেয়াৰ হাস্পতালত ৰখা হৈছে।
১৯৪৭ চনত শিৱসাগৰ জিলাৰ বামুণবাৰীত জন্মগ্ৰহণ কৰা আনিছ উজ জামানৰ সাহিত্যিক জীৱন আছিল কেইবাটাও দশকজোৰা। অসমীয়া কবিতাক এক সুকীয়া প্ৰকাশভংগীৰে সমৃদ্ধ কৰা কবিগৰাকীয়ে কবিতা, গীত, শিশু সাহিত্য আৰু অনুবাদ সাহিত্যৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। তেওঁৰ সৃষ্টিত মানুহৰ জীৱন, প্ৰকৃতি, প্ৰেম আৰু সমাজৰ বিভিন্ন দিশে স্থান লাভ কৰিছিল।
১৯৮৯ চনত প্ৰকাশিত ‘অজ্ঞাতে’ কাব্য সংকলনৰ জৰিয়তে তেওঁৰ কাব্যযাত্ৰাই বিশেষ গতি লাভ কৰিছিল। ‘গধূলি’, ‘সেউজীয়া জোন’, ‘দোকমোকালি’, ‘এই বাটেদিয়েই’ আৰু ‘নিৰ্বাচিত কবিতা’ তেওঁৰ উল্লেখযোগ্য কাব্যগ্ৰন্থ। তেওঁৰ ‘নিৰ্বাচিত কবিতা’ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীৰ পাঠ্যসূচীৰ প্ৰসংগ পুথি হিচাপেও অন্তৰ্ভুক্ত হৈছিল।
কেৱল কবিতা ৰচনাতেই সীমাবদ্ধ নাছিল আনিছ উজ জামান। এগৰাকী অনুবাদক হিচাপেও তেওঁ বিশেষ পৰিচিতি লাভ কৰিছিল। জাপানী কবি মাৎসুও বাশ্বোৰ হাইকু কবিতাৰ অনুবাদৰ বাবে ২০২৩ চনত তেওঁ অমূল্য চক্ৰৱৰ্তী অনুবাদ বঁটা লাভ কৰিছিল। তেওঁৰ সাহিত্যকৃতি ইংৰাজী, বাংলা, হিন্দী, ওড়িয়া, তামিল, ফৰাচী আৰু স্পেনিছ ভাষালৈও অনূদিত হৈছিল।
২০২২ বৰ্ষৰ সন্মানীয় গংগাধৰ ৰাষ্ট্ৰীয় কাব্য বঁটা লাভ কৰিছিল আনিছ উজ জামানে। ২০২৪ চনৰ ৯ জানুৱাৰীত ওড়িশাৰ সম্বলপুৰ বিশ্ববিদ্যালয়ৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত কবিগৰাকীক এই বঁটা প্ৰদান কৰা হৈছিল। ইয়াৰ পূৰ্বে ২০২১ বৰ্ষৰ ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ আৰু পদ্মনাথ বিদ্যাবিনোদ সাহিত্য বঁটাৰেও তেওঁ সন্মানিত হৈছিল।













