
এইবাৰ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে আমেৰিকাই ভাৰতৰ ওপৰত ১০০ শতাংশ পৰ্যন্ত শুল্ক আৰোপ কৰিব পাৰে। শুকুৰবাৰে এই বিধেয়কত স্বাক্ষৰ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁৰ স্বাক্ষৰৰ পিছত এই বিধেয়কখন আইনত পৰিণত হৈছে। ফলত ভাৰতৰ বাহিৰেও সমস্যাৰ সন্মুখীন হ’ব পাৰে চীন, সংযুক্ত আৰব আমিৰশ্বাহী, আজাৰবাইজান, কাজাখস্তান, কিৰ্গিস্তান আদি দেশসমূহ।
ইয়াৰ পূৰ্বে আমেৰিকান কংগ্ৰেছৰ দুয়োটা সদনত ‘লিণ্ডচে এণ্ড গ্ৰেহাম চেংকচনিং ৰাছিয়া এণ্ড ইৰাণ এক্ট অৱ ২০২৬’ শীৰ্ষক বিধেয়কখন গৃহীত হৈছিল। আমেৰিকাৰ এই আইনখনৰ উদ্দেশ্য হৈছে ইউক্ৰেইনত ৰাছিয়াৰ আগ্ৰাসন বন্ধ কৰা। এই আইনখনত ৰাছিয়াৰ ওপৰত উচ্চ শুল্ক আৰোপ কৰাৰ ব্যৱস্থাও আছে। কোৱা হৈছে যে আমেৰিকালৈ কিছুমান ৰপ্তানিৰ বাবে মস্কোৱে সৰ্বোচ্চ ৫০০ শতাংশ শুল্ক দিব লাগিব।
ইয়াৰ উপৰি এই আইনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু তেওঁৰ চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ ওপৰতো বাধা আৰোপ কৰা হৈছে। আমেৰিকাই ৰাছিয়াক অৰ্থনৈতিকভাৱে দুৰ্বল কৰি এই আইনখনৰ জৰিয়তে ইউক্ৰেইনত শান্তি ঘূৰাই অনাৰ চেষ্টা কৰিছে। বৰ্তমান ভাৰতীয় সামগ্ৰীৰ ওপৰত আমেৰিকাৰ শুল্ক ১২ শতাংশৰ ওচৰ চাপিছে। ট্ৰাম্পে বিধেয়কখনত স্বাক্ষৰ কৰাৰ অৰ্থ এইটো নহয় যে এতিয়াৰে পৰা ভাৰতীয় সামগ্ৰীৰ ওপৰত ১০০ শতাংশ শুল্ক কাৰ্যকৰী হ’ব।

এই আইনখনে আমেৰিকাৰ ৰাষ্ট্ৰপতিক এক বিশেষ ক্ষমতা প্ৰদান কৰে। ইচ্ছা কৰিলে সেই ক্ষমতা প্ৰয়োগ কৰিব পাৰে। এই আইনখনে ৰাষ্ট্ৰপতিক কিছুমান চৰ্তত ৰাছিয়াৰ বাহিৰে আন দেশৰ ওপৰত সৰ্বোচ্চ ১০০ শতাংশ শুল্ক আৰোপ কৰাৰ ক্ষমতা প্ৰদান কৰিছে। যদি ট্ৰাম্পে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত আৰু কোনো শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত লয় তেন্তে সেয়া হ’ব বৰ্তমানৰ ১২ শতাংশৰ অতিৰিক্ত।
অৰ্থাৎ ট্ৰাম্পে ইচ্ছা কৰিলে ভাৰতীয় সামগ্ৰীৰ ওপৰত আমেৰিকাৰ সৰ্বোচ্চ শুল্ক ১১২ শতাংশৰ ওচৰ চাপিব পাৰে একাংশ বিশেষজ্ঞৰ মতে, যদি ট্ৰাম্পে ভাৰতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে তেন্তে দুয়োখন দেশৰ সম্পৰ্কত ইয়াৰ প্ৰভাৱ অনিবাৰ্য। ইয়াৰ পূৰ্বে ট্ৰাম্পে ৰাছিয়াৰ পৰাতেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত এবাৰতে ৫০ শতাংশ শুল্ক আৰোপ কৰিছিল।তেওঁ ইউক্ৰেইনৰ যুদ্ধৰ বাবে ভাৰত-ৰাছিয়াৰ বাণিজ্যিক সম্পৰ্কক জগৰীয়া কৰে।তেওঁ দাবী কৰে যে ভাৰতে তেলক্ৰয় কৰাৰ বাবে ৰাছিয়া অৰ্থনৈতিকভাৱে শক্তিশালী হৈ উঠিছে আৰু ইউক্ৰেইনত যুদ্ধ অব্যাহত ৰাখিবলৈ সক্ষম হৈছে। পিছত ৱাশ্বিংটনে ৫০ শতাংশ শুল্ক প্ৰত্যাহাৰ কৰে।কিন্তু ভৱিষ্যতে হয়তো পুনৰ একে যুক্তিৰে নতুন আইন ৰূপায়ণ কৰিব পাৰে।
ইতিমধ্যে নতুন দিল্লীয়ে আমেৰিকাৰ বিধেয়ক (যিখন বৰ্তমান আইন) সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি দিছে।ভাৰতৰ ৰাষ্ট্ৰীয় আৰু অৰ্থনৈতিক স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে নিজৰ নীতি নিৰ্ধাৰণ কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।কোনো বাহ্যিক চাপৰ আগত ভাৰতে নতি স্বীকাৰ নকৰে।ট্ৰাম্পে বিধেয়কত স্বাক্ষৰ কৰাৰ পিছত দিল্লীয়ে কি স্থিতি গ্ৰহণ কৰিব, কোনো বক্তব্য দিব নে নাই, সেই সম্পৰ্কে কৌতুহলৰ সৃষ্টি হৈছে।












