ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Student suicide : পৰীক্ষাত ChatGPT ব্যৱহাৰ কৰি ধৰা পৰিল আইআইটিৰ ছাত্ৰ, কেইঘণ্টমানৰ পিছত মৃতদেহ উদ্ধাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
September 19, 2026
Reading Time: 1 min read
A A
0
Student suicide : পৰীক্ষাত ChatGPT ব্যৱহাৰ কৰি ধৰা পৰিল আইআইটিৰ ছাত্ৰ, কেইঘণ্টমানৰ পিছত মৃতদেহ উদ্ধাৰ

RELATED POSTS

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

Kashmir snowfall : কাশ্মীৰত বতৰৰ প্ৰথমটো তুষাৰপাত, বগা চাদৰেৰে আবৃত গুৰেজ উপত্যকা

Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ

New Logo Smal 1 | ASSAM TIMES POST

আইআইটি বম্বে কেম্পাছত পুনৰ আত্মহত্যাৰ ঘটনা। পৰিৱেশ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ দ্বিতীয় বৰ্ষৰ এজন ছাত্ৰই নিজৰ হোষ্টেলৰ কোঠাত আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। পৰীক্ষাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰি ধৰা পৰে। ইয়াৰ পিছতে কোঠাৰ পৰা উদ্ধাৰ হয় তেওঁৰ মৃতদেহ। বিগত ছমাহত আইআইটি বম্বেত সংঘটিত হৈছে তিনিটাকৈ আত্মহত্যাৰ ঘটনা। একেৰাহে দুমাহত দুটা ঘটনা সংঘটিত হয়। এই সন্দৰ্ভত কৰ্তৃপক্ষৰ জবাবদিহিতাৰ দাবীত ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। কেম্পাছত অব্যাহত আছে প্ৰতিবাদ।ছাত্ৰজনৰ মৃত্যুৰ পিছত আইআইটি বম্বে কৰ্তৃপক্ষই এক বিবৃতি প্ৰকাশ কৰিছে। তাত কোৱা হৈছে যে ছাত্ৰগৰাকীক হেৰুৱাই তেওঁলোক গভীৰভাৱে শোকাহত। কিন্তু পৰীক্ষাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে কোনো অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি দাবী কৰিছে কৰ্তৃপক্ষই।

ইয়াৰ পিছতো তেওঁ কিয় এই চূড়ান্ত সিদ্ধান্ত লৈছিল সেয়া স্পষ্ট হোৱা নাই। কৰ্তৃপক্ষই মৃতকৰ পৰিয়াল আৰু বন্ধু-বান্ধৱক এই কঠিন সময়ত তেওঁলোকৰ কাষত থকা আৰু সকলো ধৰণৰ সহযোগিতাৰ আশ্বাস দিছে। বিবৃতিটোত দাবী কৰা হৈছে যে শুকুৰবাৰে ছাত্ৰগৰাকীয়ে মোবাইল ফোন লৈ পৰীক্ষাগৃহত প্ৰৱেশ কৰিছিল। তেওঁ ChatGPT খুলি গোটেই প্ৰশ্নকাকতখন তাত আপলোড কৰি তাৰ পৰা উত্তৰ সংগ্ৰহ কৰি লিখি আছিল। এই প্ৰক্ৰিয়াৰ সময়ত তেওঁক ভাৰপ্ৰাপ্ত অধ্যাপকে ধৰা পেলায়।

bom | ASSAM TIMES POST
পৰীক্ষাত ChatGPT ব্যৱহাৰ কৰি ধৰা পৰিল আইআইটিৰ ছাত্ৰ, কেইঘণ্টমানৰ পিছত মৃতদেহ উদ্ধাৰ

ইয়াৰ পিছত তেওঁৰ বিভাগৰ মুৰব্বীয়ে তেওঁৰ লগত কথা পাতে। কিন্তু অধ্যাপকসকলে তেওঁক আশ্বাস দিছিল যে ইয়াৰ ফলত ছাত্ৰজনৰ কেৰিয়াৰত কোনো প্ৰভাৱ নপৰে। এই দাবী কৰ্তৃপক্ষৰ। এই আলোচনাৰ অন্তত ছাত্ৰজন হোষ্টেলৰ নিজৰ কোঠালৈ উভতি আহে। পিছত সন্ধিয়া তাৰ পৰাই তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মৃত্যুৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে যোগ্য কৰ্তৃপক্ষই। তেওঁৰ পৰিয়ালকো খবৰ দিয়া হৈছে।

ইফালে ছাত্ৰজনৰ আত্মহত্যাৰ খবৰ পোৱাৰ লগে লগে আইআইটি বম্বেৰ ছাত্ৰ-ছাত্ৰীসকলে কেম্পাছত সমবেত হৈ প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকে জানিব বিচাৰিছে যে কেম্পাছত বাৰে বাৰে এনে ঘটনা কিয় সংঘটিত হৈছে আৰু কৰ্তৃপক্ষৰ ভূমিকা কি। এই আত্মহত্যাৰ দায়িত্ব কৰ্তৃপক্ষই ল’ব লাগে আৰু জবাবদিহি হ’ব লাগে বুলি দাবী কৰে। ক্ষতিগ্ৰস্ত ছাত্ৰ-ছাত্ৰীসকলে সমগ্ৰ প্ৰক্ৰিয়াটোত স্বচ্ছতাৰ দাবীও জনাইছে। তেওঁলোকৰ এজনে কয়, “এয়া প্ৰথমবাৰৰ বাবে নহয়। কেৱল এই বছৰতে ইয়াত চাৰিজন লোকে আত্মহত্যা কৰিছে। যোৱা দুমাহত একেৰাহে দুজন। এনেকুৱা কিয় হৈছে, আমি একো নাজানো। আমি কাৰণ জানিব বিচাৰো।” কেম্পাছত প্ৰতিবাদৰ খবৰ পোৱাৰ পিছতে সেই স্থানত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Studentsuicide
Share4Tweet3Send

Related Posts

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত
National-International

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

by News Desk
September 19, 2026
50
Kashmir snowfall : কাশ্মীৰত বতৰৰ প্ৰথমটো তুষাৰপাত, বগা চাদৰেৰে আবৃত গুৰেজ উপত্যকা
National-International

Kashmir snowfall : কাশ্মীৰত বতৰৰ প্ৰথমটো তুষাৰপাত, বগা চাদৰেৰে আবৃত গুৰেজ উপত্যকা

by News Desk
September 18, 2026
51
Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ
National-International

Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ

by News Desk
September 18, 2026
51
TATA Sons : পদত্যাগৰ পিছতো টাটাৰ অধ্যক্ষ পদৰ বাবে পুনৰ বিচাৰিছে চন্দ্ৰশেখৰণক, নোৱেলৰ আপত্তি নাকচ
National-International

TATA Sons : পদত্যাগৰ পিছতো টাটাৰ অধ্যক্ষ পদৰ বাবে পুনৰ বিচাৰিছে চন্দ্ৰশেখৰণক, নোৱেলৰ আপত্তি নাকচ

by News Desk
September 18, 2026
50
UPI transaction : ইউপিআই মাচুলৰ ওপৰতো আৰোপ কৰা হ’ব জিএছটি, ডিজিটেল লেনদেনত আহি আছে অধিক খৰচ
National-International

UPI transaction : ইউপিআই মাচুলৰ ওপৰতো আৰোপ কৰা হ’ব জিএছটি, ডিজিটেল লেনদেনত আহি আছে অধিক খৰচ

by News Desk
September 18, 2026
51
PM Modi : মোদীৰ ৭৭ সংখ্যক জন্মদিনত উপহাৰৰ ই-নিলাম
National-International

PM Modi : মোদীৰ ৭৭ সংখ্যক জন্মদিনত উপহাৰৰ ই-নিলাম

by News Desk
September 18, 2026
51
ADVERTISEMENT
US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত
National-International

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

September 19, 2026
50
Student suicide : পৰীক্ষাত ChatGPT ব্যৱহাৰ কৰি ধৰা পৰিল আইআইটিৰ ছাত্ৰ, কেইঘণ্টমানৰ পিছত মৃতদেহ উদ্ধাৰ
National-International

Student suicide : পৰীক্ষাত ChatGPT ব্যৱহাৰ কৰি ধৰা পৰিল আইআইটিৰ ছাত্ৰ, কেইঘণ্টমানৰ পিছত মৃতদেহ উদ্ধাৰ

September 19, 2026
50
Zubeen Garg : প্ৰথম মৃত্যু বাৰ্ষিকীত এক আৱেগিক পোষ্টৰে প্ৰাণৰ শিল্পীক স্মৰণ লাভলীনা বৰগোহাঁইৰ
Assam

Zubeen Garg : প্ৰথম মৃত্যু বাৰ্ষিকীত এক আৱেগিক পোষ্টৰে প্ৰাণৰ শিল্পীক স্মৰণ লাভলীনা বৰগোহাঁইৰ

September 19, 2026
50
Zubeen Garg : জুবিনবিহীন এটা বছৰ, ৰাজ্যজুৰি প্ৰাণৰ শিল্পীক স্মৰণ
Assam

Zubeen Garg : জুবিনবিহীন এটা বছৰ, ৰাজ্যজুৰি প্ৰাণৰ শিল্পীক স্মৰণ

September 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

September 19, 2026
Student suicide : পৰীক্ষাত ChatGPT ব্যৱহাৰ কৰি ধৰা পৰিল আইআইটিৰ ছাত্ৰ, কেইঘণ্টমানৰ পিছত মৃতদেহ উদ্ধাৰ

Student suicide : পৰীক্ষাত ChatGPT ব্যৱহাৰ কৰি ধৰা পৰিল আইআইটিৰ ছাত্ৰ, কেইঘণ্টমানৰ পিছত মৃতদেহ উদ্ধাৰ

September 19, 2026
Zubeen Garg : প্ৰথম মৃত্যু বাৰ্ষিকীত এক আৱেগিক পোষ্টৰে প্ৰাণৰ শিল্পীক স্মৰণ লাভলীনা বৰগোহাঁইৰ

Zubeen Garg : প্ৰথম মৃত্যু বাৰ্ষিকীত এক আৱেগিক পোষ্টৰে প্ৰাণৰ শিল্পীক স্মৰণ লাভলীনা বৰগোহাঁইৰ

September 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d