
ভাৰতীয় নৌসেনা একাডেমীত ধৰা পৰিল এজন বাংলাদেশী নাগৰিক। কেৰালামৰ এঝিমালা নৌসেনা একাডেমীৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হয়। ভুৱা নথিপত্র ব্যৱহাৰ কৰি তেওঁ ভাৰতীয় পৰিচয়ত তাত অস্থায়ী কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল। তেওঁ বিপ্লৱ সোৰেন (৩২) নামেৰে পৰিচিত আছিল যদিও তেওঁৰ প্ৰকৃত নাম কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

সূত্রৰ খবৰ অনুসৰি, তেওঁ ভুৱা ভাৰতীয় পৰিচয়পত্র ব্যৱহাৰ কৰি ভাৰতত বসবাস কৰা বুলি আৰক্ষীৰ অভিযোগ। সম্প্রতি তেওঁৰ আচৰণত সন্দেহ হয় নৌসেনা একাডেমী কর্তৃপক্ষৰ। তাৰ পিছতেই তেওঁক আটক কৰি সোধা-পোছা কৰে। তেতিয়াই তেওঁৰ মোবাইলত এনে কিছু নথিপত্র আৰু অন্য তথ্য পোৱা যায়, যিয়ে তেওঁ বাংলাদেশী হোৱাৰ দিশে ইংগিত দিয়ে। দীর্ঘ সময় সোধা-পোছাৰ পিছত শুকুৰবাৰে নিশা প্ৰায় ৮ বজাত নৌসেনা একাডেমী কৰ্তৃপক্ষই তেওঁক আৰক্ষীৰ হাতত গতাই দিয়ে।
আৰক্ষীৰ তথ্য অনুসৰি, বিপ্লৱে প্রায় এক বছৰ ধৰি নৌসেনা একাডেমীত কাম কৰিছিল।












