
ওদালগুৰি জিলাৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ সংঘটিত হৈছে। দুবৃত্তৰ আক্ৰমণত কথামপি প্ৰাণ ৰক্ষা খৈৰাবাৰী পোষ্ট অফিচৰ পোষ্ট মাষ্টাৰ কেশৱ ঝা। দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত কেশৱ ঝা, মূৰত মুঠ ১১ টা চিলাই। খবৰ অনুসৰি ওদালগুৰি জিলাৰ খৈৰাবাৰী পোষ্ট অফিচৰ পোষ্ট মাষ্টাৰ কেশৱ ঝাই কালি গধুলি ৬ মান বজাত পোষ্ট অফিচৰ কাম শেষ কৰি সন্ধিয়াৰ ভাগত ভাৰাঘৰলৈ গৈ থকা অৱস্থাত খৈৰাবাৰী গুৰিহাটীত ভেৰগাঁও দিশৰ পৰা হেলমেট পৰিধান কৰা বাইকত অহা দুই পিষ্টল ধাৰী দুৰ্বৃত্তই কেশৱক মাৰ ধৰ কৰাৰ লগতে শূন্যত এক জাই গুলি ফুটাই কেশৱৰ বাইক আৰু বেগ কাঢ়ি লোৱাৰ চেষ্টা চলাই।

কেশৱে কনোমতে নিজক বচাবলৈ সক্ষম হয় যদিও দুৰ্বৃত্তই মূৰত মাৰি গুৰুতৰভাৱে আহত কৰে। ঘটনাস্থলীৰ হৈ হাল্লা হোৱাত স্থানীয়লোকে ততাতয়াকৈ উপস্থিত হোৱাত দুৰ্বৃত্তই সেই স্থানৰ পৰা পলায়ন কৰে আৰু কেশৱক খৈৰাবাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে। মূৰত ১১টা চিলাইৰে চিকিৎসা আৰম্ভ কৰে।
আৰক্ষীয়ে খৱৰ পাই ঘটনাস্থলিত উপস্থিত হৈ এতিমধ্যে তদন্ত আৰম্ভ কৰিছে। কিন্তু কথা হল – অস্ত্ৰ মুক্ত বড়োভূমিত পুণৰ কৰ পৰা আহিল অস্ত্ৰ, শান্তিপূৰ্ণ বিটিচিত পুনৰ কিয় হিংসাত্মক আৰু দুৰ্বৃত্তৰ আক্ৰমণৰ দৰে ঘটনা। সঁচাকৈ বিটিচিত হাগ্ৰামাৰ বিপিএফ চৰকাৰ অহাৰ লগে লগে বড়োভূমিত পুনৰ অশান্ত হব ধৰিছে নেকি? এই ঘটনাৰ পিছত বিপিএফ দল তথা বিটিচি চৰকাৰে ইয়াৰ উত্তৰ দিবনে? আৰক্ষীয়ে এই দুৰ্বৃত্তৰ দলটোক কৰায়ত্ত কৰিবলৈ সক্ষম হবনে সেয়া পৰৱৰ্তী পৰ্যায়ত হে হব লক্ষণী।













