ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা

নিউজ ডেস্কঃ

News Desk by News Desk
September 28, 2026
Reading Time: 1 min read
A A
0
Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা

RELATED POSTS

Delhi rape cases : দিল্লীত ধাৰাবাহিক ধৰ্ষণৰ ঘটনাত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ

ADR report : চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল সলনি, ২৬ শতাংশৰ বিজেপিত যোগদান

10 Injured as Under-Construction Building Collapses Near Ambala

New Logo Smal 2 | ASSAM TIMES POST

পঞ্জাবৰ (Punjab) এখন বিশ্ববিদ্যালয়ত এগৰাকী ছাত্ৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগক লৈ ক্ষোভ বৃদ্ধি পাইছে। দেওবাৰে গোটেই দিনটো লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটিৰ (Lovely Professional University) চৌহদত অভিযুক্তক শাস্তি প্ৰদানৰ দাবীত উত্তাল পৰিস্থিতিৰ সৃষ্টি হয়। আনকি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ হৈ পৰে। আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় ছাত্ৰ-ছাত্ৰী। প্ৰতিবাদৰ মাজতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ১০ দিনৰ বাবে শ্ৰেণী বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। মিড টাৰ্ম পৰীক্ষা স্থগিত ৰখা হৈছে।

দেওবাৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীসকললৈ প্ৰেৰণ কৰে এক জাননী। ইয়াত কোৱা হৈছে যে ২৮ ছেপ্টেম্বৰ সোমবাৰৰ পৰা ১০ দিনৰ বাবে বিশ্ববিদ্যালয়খনত পাঠদান বন্ধ থাকিব। এই সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলে ইচ্ছা কৰিলে ঘৰলৈ যাব পাৰিব। কেম্পাছত থকাৰ সিদ্ধান্ত লোৱাসকলক সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা হৈছে। পঞ্জাব বিশ্ববিদ্যালয়ে ছাত্ৰ-ছাত্ৰীসকলক অপ্ৰয়োজনীয়ভাৱে বাহিৰলৈ ওলাই নাযাবলৈ বা কোনো প্ৰতিবাদী কাৰ্যসূচীত যোগদান নকৰিবলৈ পৰামৰ্শ দিছে। আনহাতে, মধ্যকালীন পৰীক্ষাসমূহ সম্প্ৰতি স্থগিত ৰখাৰ কথাও অধিসূচনাত উল্লেখ কৰা হৈছে। পৰীক্ষাৰ পৰৱৰ্তী তাৰিখ পিছত ঘোষণা কৰা হ’ব।

শনিবাৰে নিশাৰ পৰাই এই ঘটনা আৰম্ভ হয়। বিশ্ববিদ্যালয়খনৰ এগৰাকী ছাত্ৰীক দলবদ্ধ ধৰ্ষণ কৰাৰ বাতৰি অনলাইনত বিয়পি পৰিছিল। সেই কথা জানিব পাৰি ছাত্ৰ-ছাত্ৰীসকল ক্ষুব্ধ হৈ পৰে। দাবী কৰা হৈছে যে ধৰ্ষণকাৰীয়ে শাস্তি নাপাব বুলি ভাবি নিৰ্যাতিতা ছাত্ৰীগৰাকী ঘৰলৈ গৈছিল। ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীৰ এটা অংশই কেম্পাছলৈ গৈ প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে।

pun | ASSAM TIMES POST
ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা

অভিযোগ অনুসৰি দিনৰ ১ বজাৰ ভিতৰত কমেও দুহেজাৰ ক্ষুব্ধ ছাত্ৰ-ছাত্ৰী হোষ্টেলৰ সন্মুখত সমবেত হৈছিল। পুৱা ৮ বজাৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। ইফালে দলবদ্ধ ধৰ্ষণৰ অভিযোগৰ কোনো ভিত্তি নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। এনে কোনো ঘটনা সংঘটিত হোৱাৰ কোনো প্ৰমাণ পোৱা নাছিল, অভিযোগো দাখিল কৰা হোৱা নাছিল। কিন্তু তাৰ পাছতো প্ৰতিবাদ অব্যাহত আছিল।

ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অৱৰোধ আঁতৰাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষী আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। অভিযোগ অনুসৰি, আৰক্ষীৰ ওপৰত পানীৰ বটল নিক্ষেপ কৰা হৈছিল। এটা সময়ত আৰক্ষীয়ে সামান্য লাঠিচালনা কৰিবলগীয়া হৈছিল। ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰাৰ পিছত ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীসকলে দুখন আৰক্ষীৰ গাড়ীত জুই লগাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। আন চাৰি-পাঁচখন বাহন ভাঙি লণ্ডভণ্ড কৰে। আৰক্ষীয়ে দাবী কৰিছে যে তেওঁলোকৰ কেইবাজনো কৰ্মী আহত হৈছে। ইয়াৰ পিছত অঞ্চলটোত আৰক্ষী বাহিনী বৃদ্ধি কৰা হয়।

দলবদ্ধ ধৰ্ষণৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত দেওবাৰে আৰক্ষীয়ে এফআইআৰ দাখিল কৰে। অৱশ্যে অভিযুক্ত কোন কোন সেয়া জানিব পৰা হোৱা নাই। এই অভিযোগৰ তদন্তৰ বাবে আৰক্ষীয়ে গঠন কৰিছে বিশেষ তদন্তকাৰী দল। চিচিটিভিৰ ফুটেজ আৰু ফৰেনছিক তথ্য পৰীক্ষা কৰি আছে। জলন্ধৰ ৰেঞ্জৰ ডি আই জি নবীন চিংলাই কয় যে অভিযোগ প্ৰমাণিত হ’লে কঠোৰ শাস্তি নিশ্চিত কৰা হ’ব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: LovelyProfessionalUniversity
Share4Tweet3Send

Related Posts

Delhi rape cases : দিল্লীত ধাৰাবাহিক ধৰ্ষণৰ ঘটনাত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ
National-International

Delhi rape cases : দিল্লীত ধাৰাবাহিক ধৰ্ষণৰ ঘটনাত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ

by News Desk
September 28, 2026
50
ADR report : চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল সলনি, ২৬ শতাংশৰ বিজেপিত যোগদান
National-International

ADR report : চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল সলনি, ২৬ শতাংশৰ বিজেপিত যোগদান

by News Desk
September 28, 2026
50
10 Injured as Under-Construction Building Collapses Near Ambala
National-International

10 Injured as Under-Construction Building Collapses Near Ambala

by News Desk
September 28, 2026
50
Bank strike : শেষ মুহূর্তত কিয় স্থগিত ৰখা হ’ল বেংক ধর্মঘট? নিশাৰ বৈঠকত কি কি সিদ্ধান্ত হ’ল
National-International

Bank strike : শেষ মুহূর্তত কিয় স্থগিত ৰখা হ’ল বেংক ধর্মঘট? নিশাৰ বৈঠকত কি কি সিদ্ধান্ত হ’ল

by News Desk
September 28, 2026
50
Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ
National-International

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

by News Desk
September 26, 2026
52
Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক
National-International

Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক

by News Desk
September 26, 2026
52
ADVERTISEMENT
Virat Kohli : অভিলেখৰ আন এটা নাম বিৰাট কোহলী, শতকীয় ইনিংছেৰে এদিনতে গঢ়িলে আন ৭টা অভিলেখ
Sports News

Virat Kohli : অভিলেখৰ আন এটা নাম বিৰাট কোহলী, শতকীয় ইনিংছেৰে এদিনতে গঢ়িলে আন ৭টা অভিলেখ

September 28, 2026
50
Himanta on Gauhati Student Nimisha’s Death : ‘Guilty Will Be Punished’
Guwahati

Himanta on Gauhati Student Nimisha’s Death : ‘Guilty Will Be Punished’

September 28, 2026
50
Delhi rape cases : দিল্লীত ধাৰাবাহিক ধৰ্ষণৰ ঘটনাত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ
National-International

Delhi rape cases : দিল্লীত ধাৰাবাহিক ধৰ্ষণৰ ঘটনাত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ

September 28, 2026
50
Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা
National-International

Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা

September 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Virat Kohli : অভিলেখৰ আন এটা নাম বিৰাট কোহলী, শতকীয় ইনিংছেৰে এদিনতে গঢ়িলে আন ৭টা অভিলেখ

Virat Kohli : অভিলেখৰ আন এটা নাম বিৰাট কোহলী, শতকীয় ইনিংছেৰে এদিনতে গঢ়িলে আন ৭টা অভিলেখ

September 28, 2026
Himanta on Gauhati Student Nimisha’s Death : ‘Guilty Will Be Punished’

Himanta on Gauhati Student Nimisha’s Death : ‘Guilty Will Be Punished’

September 28, 2026
Delhi rape cases : দিল্লীত ধাৰাবাহিক ধৰ্ষণৰ ঘটনাত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ

Delhi rape cases : দিল্লীত ধাৰাবাহিক ধৰ্ষণৰ ঘটনাত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ

September 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d