
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে বুধবাৰে বিয়লি দিল্লীৰ কনষ্টিটিউচন ক্লাবত বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ নেতাসকলে বৈঠকত মিলিত হৈ বিৰোধী ঐক্য গঢ়ি তোলে। তাতে তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰক ভোট চুৰিৰ অভিযোগ উত্থাপন কৰি জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ধাৰাবাহিক কাৰ্যসূচী ঘোষণা কৰে।
এই বৈঠকত কংগ্ৰেছ, তৃণমূল (মমতা), চিপিআই(এম)কে ধৰি ১৯টা দলে অংশগ্ৰহণ কৰে। এই বৈঠকত উপস্থিত নাছিল এমকে ষ্টেলিনৰ দল ডিএমকে আৰু অৰবিন্দ কেজৰিৱালৰ আপ। পুৱা ১১ বজাৰ পৰা বৈঠক আৰম্ভ হয়। প্ৰায় তিনি ঘণ্টা ধৰি চলে এই বৈঠক। দুপৰীয়া ২.৩০ বজাত বিৰোধী দলসমূহে যৌথ সংবাদমেল অনুষ্ঠিত কৰি ‘ইণ্ডিয়া’ৰ ভৱিষ্যত কাৰ্যসূচী ঘোষণা কৰে। সংবাদমেলত মূল বক্তা আছিল কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গে।

বুধবাৰে কনষ্টিটিউচন ক্লাবত অনুষ্ঠিত বৈঠকত চিপিএমৰ সাধাৰণ সম্পাদক এম এ বেবী, চিপিআই(এম)ৰ সাধাৰণ সম্পাদক দীপাংকৰ ভট্টাচাৰ্য, নেচনেল কনফাৰেন্সৰ ওমৰ আব্দুল্লা, পিডিপিৰ মেহবুবা মুফতি, আৰজেডিৰ তেজস্বী যাদৱ, এনচিপি (এছ পি)ৰ সুপ্ৰিয়া চুলে উপস্থিত থাকে।
বিৰোধীৰ চাৰিটা দাবী
সংবাদমেলৰ অন্তত বিৰোধী নেতৃত্বই চাৰিটা মূল দাবী উত্থাপন কৰে :
১) আগন্তুক সকলো নিৰ্বাচনত এছআইআৰৰ আগত ভোটাৰ তালিকা অনুসৰি ভোটদান কৰিব লাগে।
২) কোনো ভোটাৰৰ নাম বাদ দিয়াৰ আগতে পৰ্যাপ্ত কাৰণ উল্লেখ কৰি সংশ্লিষ্ট ভোটাৰক জাননী দিব লাগে।
৩) প্ৰশাসনিক বিফলতা, নথি-পত্ৰৰ অভাৱ বা সজাগতাৰ অভাৱত নাম বাদ পৰা সকলো বৈধ ভোটাৰক আইনী সুৰক্ষা প্ৰদান কৰিব লাগে।
৪) ইভিএমৰ পৰিৱৰ্তে বেলটৰ জৰিয়তে ভোটদান কৰিব লাগে।
বিৰোধী মিত্ৰজোঁটৰ নেতাসকলৰ সৈতে আলোচনাৰ অন্তত খাৰ্গেয়ে সংবাদমেলত কয় যে ‘ইণ্ডিয়া’ই দেশৰ জনসাধাৰণক বিশেষকৈ নৱপ্ৰজন্ম আৰু স্বেচ্ছাসেৱী সংগঠনক নিজৰ পক্ষত লৈ এই আন্দোলন গঢ়ি তুলিব বিচাৰিছে। অহা ২ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ সমগ্ৰ দেশজুৰি জিলা পৰ্যায়ত ‘গণতন্ত্ৰ বচাও’ সমদল আৰু জিলা দণ্ডাধীশৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
দেশজোৰা আন্দোলনৰ অংশ হিচাপে ৬ অক্টোবৰত সকলো বিৰোধী দলৰ সাংসদক লৈ ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ দিশে এক সমদল উলিয়াব।












