
প্ৰয়াগৰাজৰ কুম্ভমেলাৰ সময়ত লাইমলাইটলৈ অহা মনালিছা ভোছলেয়ে (Monalisa Bhosle) অৱশেষত জন্মৰ প্ৰমাণ-পত্ৰৰ গোচৰত (Birth certificate case) আদালতৰ পৰা সকাহ পালে। মধ্যপ্ৰদেশৰ মহেশ্বৰ পৌৰসভাই তেওঁৰ জন্মৰ প্ৰমাণ-পত্ৰ বাতিল কৰি শুধৰণি কৰিবলৈ নিৰ্দেশ দিছিল। এইবাৰ মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে সেই নিৰ্দেশ বাতিল কৰিছে। জন্মৰ প্ৰমাণ-পত্ৰ সম্পৰ্কীয় এই জটিলতাৰ বাবে মনালিছাৰ স্বামীৰ বিৰুদ্ধে পক্সো (POCSO) আইনৰ অধীনত গোচৰ ৰুজু কৰা হয়। অভিযোগ আছিল যে বিয়াৰ সময়ত মনালিছা নাবালিকা আছিল।
যোৱা মাৰ্চ মাহত কেৰালাৰ তিৰুৱনন্তপুৰমত বিবাহপাশত আবদ্ধ হৈছিল মনালিছা। স্বামী পিছে বেলেগ ধৰ্মৰ। ছচিয়েল মিডিয়াত লগ পোৱা মহাৰাষ্ট্ৰৰ যুৱক ফৰমান খানৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়। বিয়াৰ পিছৰ এমাহত মনালিছাৰ পৰিয়ালে থানাত এজাহাৰ দাখিল কৰে। তেওঁলোকে অভিযোগ কৰে যে ফৰমানে নাবালিকা মনালিছাক বিয়া কৰাইছে। তেওঁলোকৰ অভিযোগৰ পিছতে মনালিছাৰ স্বামীৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হয়।

পৰিয়ালটোৱে দাবী কৰে যে বিবাহৰ সময়ত যি জন্মৰ প্ৰমাণ-পত্ৰ দেখুওৱা হৈছিল তাত ভুল তথ্য আছিল। পৰিয়ালটোৱে ২০২৫ চনৰ জুন মাহত তেওঁৰ জন্মৰ প্ৰমাণ-পত্ৰ প্ৰস্তুত কৰিছিল। প্ৰথম অৱস্থাত জন্ম তাৰিখ ১ জানুৱাৰী, ২০০৮ বুলি উল্লেখ আছিল। কিন্তু বিবাহৰ পিছত মনালিছাৰ পিতৃয়ে মহেশ্বৰৰ কমিউনিটি হেল্থ চেণ্টাৰৰ ব্লক হেল্থ অফিচাৰৰ কাষ চাপিছিল। তেওঁ কয় যে তেওঁৰ কন্যাৰ প্ৰকৃত জন্মৰ তাৰিখ ২০০৯ চনৰ ৩০ ডিচেম্বৰ। সেই অনুসৰি পৌৰসভাই পূৰ্বৰ তথ্য বাতিল কৰি নতুন জন্ম তাৰিখ পঞ্জীয়ন কৰে।
কিন্তু আদালতৰ নথি অনুসৰি জন্ম তাৰিখ সলনি হোৱাৰ খবৰটো কেৱল মনালিছাৰ পিতৃকহে দিয়া হৈছিল। মনালিছাক খবৰ দিয়া হোৱা নাছিল। এই দুটা জন্ম তাৰিখৰ ভিতৰত কোনটো শুদ্ধ সেই সন্দৰ্ভত উচ্চ ন্যায়ালয়ে কোনো মন্তব্য কৰা নাই। কিন্তু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ গজেন্দ্ৰ সিঙে পৰ্যবেক্ষণ কৰে, “জন্মৰ প্ৰকৃত তাৰিখ সম্পৰ্কীয় জটিলতাসমূহ সমাধান কৰিব পৰা কোনো স্কুলৰ ৰেকৰ্ড পোৱা নগ’ল।” লগতে আদালতে কয় যে জন্ম তাৰিখ সলনি হোৱাৰ পূৰ্বে মনালিছাৰ বক্তব্য শুনা নাছিল। ন্যায়াধীশগৰাকীয়ে কয়, “ৰাষ্ট্ৰই কোনো নাগৰিকৰ বক্তব্য নুশুনাকৈ তেওঁৰ বাবে ক্ষতিকাৰক কোনো সিদ্ধান্ত লোৱা উচিত নহয়। এনে সিদ্ধান্ত স্বেচ্ছাচাৰী হ’ব পাৰে।”
উল্লেখ্য যে ২০২৫ চনত প্ৰয়াগৰাজৰ কুম্ভমেলাত ভাইৰেল হৈ পৰা মনালিছাই মালা বিক্ৰী কৰি মেলাত ঘূৰি ফুৰিছিল। তাতেই তেওঁ নেটিজেনৰ দৃষ্টিগোচৰ হৈছিল। তেতিয়াৰে পৰাই তেওঁ ভাইৰেল হৈ পৰিছে।












