
ঘৰ ভাড়া দিওঁতে এশ বাৰ চিন্তা কৰক মহানগৰবাসী। ঘৰ মালিকক ৰাজপথত দা’ৰে খেদি খেদি হত্যাৰ চেষ্টা ভাড়াটিয়া নয়ন মজুমদাৰৰ। কাহিলীপাৰাৰ দক্ষিণগাঁও তিনিআলিৰ কুক্ষেশ্বৰ বৰুৱা পথৰ গৃহ নং ৬ত সংঘটিত এই ঘটনা। ১০/১৫ দিন পূৰ্বে পৰিয়ালসহ ভাড়া লৈছিল নয়ন মজুমদাৰ নামৰ লোকজনে। ভাড়া লোৱাৰ সময়ৰে পৰা মালিক আৰু অন্য ভাড়াঘৰৰ লোকক অত্যাচাৰ চলাই আহিছিল নয়নে। নয়ন মজুমদাৰৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি ঘৰ মালিক দীপক বিশ্বাসে বাৰম্বাৰ বাধা দিছিল নয়নক। অত্যাচাৰ নকৰিবলৈ বাধা দিয়াৰ বাবে দা’ৰে আক্ৰমন কৰি হত্যাৰ চেষ্টা মালিকক। On camera দা’ৰে আক্ৰমণ কৰাৰ কথা স্বীকাৰ নয়নৰ। কথমপী প্ৰাণ ৰক্ষা ঘৰৰ স্বত্বাধিকাৰী দীপক বিশ্বাস আৰু পত্নী মৌচুমী বৰগোঁহাইৰ। প্ৰতিবেশী আৰু স্থানীয় ৰাইজৰ তৎপৰতাত কাহিলিপাৰা আৰক্ষীয়ে আটক কৰে নয়নক।













