
নিশাৰ আন্ধাৰত পাক অধিকৃত কাশ্মীৰৰ পৰা জম্মু-কাশ্মীৰৰ ৰাজৌৰীত (Rajouri of Jammu and Kashmir) কাঁইটীয়া তাঁৰৰ বেৰ (Barbed wire fence) পাৰ হৈ আহে এগৰাকী ১৭ বছৰীয়া কিশোৰী (17-year-old girl)। টহল দি থকা সেনা জোৱানে তেওঁক আটক কৰে। পিছত তেওঁক আৰক্ষীৰ হাতত গতাই দিয়া হয়।
জম্মু-কাশ্মীৰ আৰক্ষীয়ে জনোৱা মতে, পাক অধিকৃত কাশ্মীৰৰ কোটলি জিলাৰ খুৰেটা গাঁৱৰ বাসিন্দা কিশোৰীগৰাকী। আৰক্ষীৰ জেৰাৰ সময়ত শুকুৰবাৰে নিশা নিয়ন্ত্ৰণৰেখা পাৰ হৈ জম্মু-কাশ্মীৰত প্ৰৱেশ কৰা বুলি জানিবলৈ দিয়ে।

এজন আৰক্ষী বিষয়াই কয়, “এইটো সঁচাকৈয়ে অনাকাংক্ষিতভাৱে সীমান্ত পাৰ হোৱাৰ ঘটনা আছিল নে তেওঁ ভাৰতীয় ভূখণ্ডত অনুপ্ৰৱেশ কৰাৰ আঁৰত কোনো অসৎ উদ্দেশ্য আছিল তাৰ তদন্ত কৰি আছে।”
সেনা সূত্ৰৰ পৰা জানিব পৰা মতে, শুকুৰবাৰে নিশা ৰাজৌৰী জিলাৰ নৌশ্বেৰাৰ লাম ছেক্টৰৰ নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰৰ বেৰৰ সমীপত সন্দেহজনকভাৱে ঘূৰি ফুৰিছিল কিশোৰীগৰাকী। বিষয়টো সেনাৰ টহলদাৰী দলৰ দৃষ্টিগোচৰ হোৱাৰ পিছতে তেওঁক আটক কৰি ৰখা হয়। ঘটনাস্থলীত প্ৰাৰম্ভিক জেৰাৰ সময়ত তেওঁৰ নাম ছমিয়া আজিম বুলি জানিব পৰা গৈছে। পিছত তেওঁক আৰক্ষীৰ হাতত গতাই দিয়া হয়। ঘটনাৰ পিছতে ৰাজৌৰীৰ নিয়ন্ত্ৰণৰেখাত সেনাই চোৰাংচোৱাগিৰি বৃদ্ধি কৰিছে।












