ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

UP congress conflict : নতুন সভাপতিয়ে দায়িত্ব লোৱাৰ পূৰ্বে উত্তৰ প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত সংঘৰ্ষ

News Desk by News Desk
October 12, 2026
Reading Time: 1 min read
A A
0
UP congress conflict : নতুন সভাপতিয়ে দায়িত্ব লোৱাৰ পূৰ্বে উত্তৰ প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত সংঘৰ্ষ

RELATED POSTS

Hormuz ship attack : হৰমুজত ভাৰতীয় নাৱিক কঢ়িয়াই নিয়া জাহাজত আক্ৰমণৰ ঘটনাক ভাৰতৰ গৰিহণা

Metro murder : মেট্ৰ’ৰ আসনক লৈ কাজিয়াত যাত্ৰীৰ মৃত্যু, দিল্লীত গ্ৰেপ্তাৰ পুত্ৰসহ প্ৰাক্তন আইএএছ বিষয়া

CEC row : উচ্চতম ন্যায়ালয়ক ৰাজনীতিৰ মাজলৈ টানি অনা উচিত নহয়, মুখ্য ন্যায়াধীশ

New Logo Smal 2 | ASSAM TIMES POST

নিউজ ডেস্কঃ

দেওবাৰে উত্তৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখ্য কাৰ্যালয়ত বিশৃংখলতাৰ সৃষ্টি হয়। বিদায়ী ৰাজ্যিক সভাপতি অজয় ৰয়ৰ সমৰ্থক আৰু কংগ্ৰেছৰ কাউন্সিলাৰ মমতা চৌধুৰীৰ সমৰ্থকৰ মাজত তেওঁৰ বাবে পথ মুকলি কৰাৰ বিষয়টোক লৈ তীব্ৰ তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়। এই তৰ্কাতৰ্কিয়ে গৈ কাজিয়া আৰু জোতা নিক্ষেপলৈ পৰিণত হ’ল। নতুন ৰাজ্যিক সভাপতি আৰাধনা মিশ্ৰ মোনাই আনুষ্ঠানিকভাৱে দায়িত্ব লোৱাৰ ঠিক আগতেই এই ঘটনা সংঘটিত হয়, যাৰ ফলত দলটো প্ৰবল অস্বস্তিত পৰে।

উপস্থিত থকা দলীয় কৰ্মীসকলৰ মতে, অজয় ৰয়ৰ সমৰ্থকে মুখ্য কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰত থিয় হৈ থকা লোকসকলক আঁতৰি যাবলৈ কোৱাৰ লগে লগে এই হুলস্থুল আৰম্ভ হয়। বিদায়ী সভাপতি আহি আছে বুলি তেওঁ কয়। অভিযোগ অনুসৰি, ইয়াৰ উত্তৰত কাউন্সিলাৰ মমতা চৌধুৰীয়ে কয়, “কোন সভাপতি?” এই মন্তব্যৰ ফলত দুয়োপক্ষৰ মাজত তীব্ৰ তৰ্ক-বিতৰ্কৰ সৃষ্টি হয় আৰু পিছলৈ কাজিয়ালৈ পৰিণত হয়। ইজনে সিজনক জোতাৰে আঘাত কৰাৰ অভিযোগো উত্থাপন হৈছে। বিদায়ী সভাপতিক অপমান কৰা বুলি অভিযোগ কৰি ৰয়ৰ সমৰ্থকে মমতা চৌধাৰীক তৎকালীনভাৱে দলৰ পৰা বহিষ্কাৰ কৰিবলৈ দাবী জনায়।

cong 1 | ASSAM TIMES POST
নতুন সভাপতিয়ে দায়িত্ব লোৱাৰ পূৰ্বে উত্তৰ প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত সংঘৰ্ষ

দলীয় সূত্ৰৰ মতে, এই ঘটনাত অজয় ৰয়ে প্ৰথমে অনুষ্ঠান বৰ্জন কৰি মুখ্য কাৰ্যালয় এৰি যোৱাৰ সিদ্ধান্ত লয়। কিন্তু কংগ্ৰেছৰ সাংসদ ইমৰাণ মাছুদ আৰু নতুন সভাপতি মোনাৰ হস্তক্ষেপত তেওঁ উভতি আহি আনুষ্ঠানিকভাৱে দায়িত্ব তেওঁৰ উত্তৰাধিকাৰীক অৰ্পণ কৰে। কিন্তু দায়িত্ব হস্তান্তৰৰ পিছত মোনাৰ প্ৰথম সংবাদমেলত পুনৰ দেখা পোৱা নগ’ল ৰয়ক। ৰয়ৰ বিদায় সন্দৰ্ভত সাংসদ মাছুদে কয় যে বিদায়ী সভাপতিগৰাকীয়ে সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি গৈছে।

আনহাতে, উত্তৰ প্ৰদেশ মহিলা কংগ্ৰেছৰ উপ-সভাপতি শীলা মিশ্ৰই ঘটনা সন্দৰ্ভত সম্পূৰ্ণ বেলেগ ব্যাখ্যা আগবঢ়ায়। বিদায়ী আৰু নতুন সভাপতি দুয়োকে আদৰিবলৈ মহিলা কৰ্মীসকল সমবেত হোৱা বুলি দাবী কৰে। তেওঁ কয়, “আমি দুয়োজন নেতাক আদৰিবলৈ তাত আছিলো। কিছুমান যুৱকে আমাক আঁতৰি যাবলৈ কয়। মমতাই মাত্ৰ কয় যে আমিও নতুন সভাপতিক আদৰিবলৈ আহিছো।” শীলাই অভিযোগ কৰে যে তাৰ পিছত যুৱকসকলে মহিলাসকলক “নিজৰ সীমাৰ ভিতৰত থাকিবলৈ” কয়, যাৰ ফলত উত্তেজনাৰ সৃষ্টি হয়। মহিলাসকলে লগোৱা বেনাৰবোৰো ফালি দিয়াৰ অভিযোগ উত্থাপন কৰে তেওঁলোকে। একে সময়তে অজয় ৰয়ক “সন্মানীয় নেতা” বুলি অভিহিত কৰি শীলাই কয় যে মহিলা কংগ্ৰেছ কৰ্মীসকলে ৰয়ক দলৰ ভিতৰত অধিক দায়িত্ব দিয়াটো বিচাৰে।

এই চৰম বিশৃংখলতাৰ মাজতে আনুষ্ঠানিকভাৱে উত্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লয় আৰাধনা মিশ্ৰ মোনাই। পিছত সংবাদ মাধ্যমৰ মুখামুখি হৈ ২০২৭ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দল সংগঠন শক্তিশালী কৰাৰ অগ্ৰাধিকাৰৰ ওপৰত তেওঁ আলোকপাত কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: UPcongressconflict
Share4Tweet3Send

Related Posts

Hormuz ship attack : হৰমুজত ভাৰতীয় নাৱিক কঢ়িয়াই নিয়া জাহাজত আক্ৰমণৰ ঘটনাক ভাৰতৰ গৰিহণা
National-International

Hormuz ship attack : হৰমুজত ভাৰতীয় নাৱিক কঢ়িয়াই নিয়া জাহাজত আক্ৰমণৰ ঘটনাক ভাৰতৰ গৰিহণা

by News Desk
October 12, 2026
50
Metro murder : মেট্ৰ’ৰ আসনক লৈ কাজিয়াত যাত্ৰীৰ মৃত্যু, দিল্লীত গ্ৰেপ্তাৰ পুত্ৰসহ প্ৰাক্তন আইএএছ বিষয়া
National-International

Metro murder : মেট্ৰ’ৰ আসনক লৈ কাজিয়াত যাত্ৰীৰ মৃত্যু, দিল্লীত গ্ৰেপ্তাৰ পুত্ৰসহ প্ৰাক্তন আইএএছ বিষয়া

by News Desk
October 12, 2026
50
CEC row : উচ্চতম ন্যায়ালয়ক ৰাজনীতিৰ মাজলৈ টানি অনা উচিত নহয়, মুখ্য ন্যায়াধীশ
National-International

CEC row : উচ্চতম ন্যায়ালয়ক ৰাজনীতিৰ মাজলৈ টানি অনা উচিত নহয়, মুখ্য ন্যায়াধীশ

by News Desk
October 12, 2026
50
Election commission of India : বিতৰ্কৰ মাজতে নতুন উপ-নিৰ্বাচন আয়ুক্ত নিযুক্তি, কোন এইগৰাকী প্ৰকাশ ৰাজপুৰোহিত?
National-International

Election commission of India : বিতৰ্কৰ মাজতে নতুন উপ-নিৰ্বাচন আয়ুক্ত নিযুক্তি, কোন এইগৰাকী প্ৰকাশ ৰাজপুৰোহিত?

by News Desk
October 12, 2026
50
CEC row : জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত বিৰোধী নেতাক সাক্ষাৎ কৰিব নিদিয়াৰ দেশৰ মুখ্য ন্যায়াধীশৰ চাৰিটা যুক্তি
National-International

CEC row : জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত বিৰোধী নেতাক সাক্ষাৎ কৰিব নিদিয়াৰ দেশৰ মুখ্য ন্যায়াধীশৰ চাৰিটা যুক্তি

by News Desk
October 12, 2026
50
Internet service : CJPৰ প্ৰতিবাদৰ মাজতে মেট্ৰ’, ৰে’ল আৰু ইণ্টাৰনেট সেৱা স্বাভাৱিক ৰখাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
National-International

Internet service : CJPৰ প্ৰতিবাদৰ মাজতে মেট্ৰ’, ৰে’ল আৰু ইণ্টাৰনেট সেৱা স্বাভাৱিক ৰখাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

by News Desk
October 11, 2026
51
ADVERTISEMENT
Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়
NORTHEAST

Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়

October 12, 2026
50
Hormuz ship attack : হৰমুজত ভাৰতীয় নাৱিক কঢ়িয়াই নিয়া জাহাজত আক্ৰমণৰ ঘটনাক ভাৰতৰ গৰিহণা
National-International

Hormuz ship attack : হৰমুজত ভাৰতীয় নাৱিক কঢ়িয়াই নিয়া জাহাজত আক্ৰমণৰ ঘটনাক ভাৰতৰ গৰিহণা

October 12, 2026
50
Metro murder : মেট্ৰ’ৰ আসনক লৈ কাজিয়াত যাত্ৰীৰ মৃত্যু, দিল্লীত গ্ৰেপ্তাৰ পুত্ৰসহ প্ৰাক্তন আইএএছ বিষয়া
National-International

Metro murder : মেট্ৰ’ৰ আসনক লৈ কাজিয়াত যাত্ৰীৰ মৃত্যু, দিল্লীত গ্ৰেপ্তাৰ পুত্ৰসহ প্ৰাক্তন আইএএছ বিষয়া

October 12, 2026
50
CEC row : উচ্চতম ন্যায়ালয়ক ৰাজনীতিৰ মাজলৈ টানি অনা উচিত নহয়, মুখ্য ন্যায়াধীশ
National-International

CEC row : উচ্চতম ন্যায়ালয়ক ৰাজনীতিৰ মাজলৈ টানি অনা উচিত নহয়, মুখ্য ন্যায়াধীশ

October 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়

Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়

October 12, 2026
Hormuz ship attack : হৰমুজত ভাৰতীয় নাৱিক কঢ়িয়াই নিয়া জাহাজত আক্ৰমণৰ ঘটনাক ভাৰতৰ গৰিহণা

Hormuz ship attack : হৰমুজত ভাৰতীয় নাৱিক কঢ়িয়াই নিয়া জাহাজত আক্ৰমণৰ ঘটনাক ভাৰতৰ গৰিহণা

October 12, 2026
Metro murder : মেট্ৰ’ৰ আসনক লৈ কাজিয়াত যাত্ৰীৰ মৃত্যু, দিল্লীত গ্ৰেপ্তাৰ পুত্ৰসহ প্ৰাক্তন আইএএছ বিষয়া

Metro murder : মেট্ৰ’ৰ আসনক লৈ কাজিয়াত যাত্ৰীৰ মৃত্যু, দিল্লীত গ্ৰেপ্তাৰ পুত্ৰসহ প্ৰাক্তন আইএএছ বিষয়া

October 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d