
এছ আই আৰ প্ৰক্ৰিয়াত একাধিক অনিয়ম আৰু ‘ভোট চুৰি’ৰ অভিযোগে নির্বাচন আয়োগক আঘাত হানিছে৷ এনে পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ে (SC) কৰ্ণাটকৰ এটা বিধানসভা সমষ্টিত (A legislative assembly constituency, Karnatak) ভোটগণনাৰ ফুটেজ (Vote counting footage) দেখুৱাব নোৱৰাৰ বাবে আয়োগক তিৰস্কাৰ কৰিছে। ২০২৩ চনত কৰ্ণাটকৰ শ্ৰীনগৰী বিধানসভা সমষ্টিৰ ফলাফল আৰম্ভণিৰে পৰাই বিতৰ্কিত আছিল। প্ৰথম অৱস্থাত এই সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী টি ডি ৰাজ গৌড়াক বিজয়ী ঘোষণা কৰা হৈছিল। বিজেপি প্ৰাৰ্থী ডি এন জীৱনৰাজে ফলাফলক প্ৰত্যাহ্বান জনাই আইনী ব্যৱস্থা গ্ৰহণ কৰে। ফলত এই সমষ্টিত পুনৰ গণনাৰ নিৰ্দেশ দিয়া হয়। বেলট ভোট গণনাত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ২০১টা ভোটত জয়লাভ কৰে।

এই ফলাফল সন্দৰ্ভত উচ্চতম ন্যায়ালয়তো গোচৰ ৰুজু কৰা হৈছে। গণনা আৰু পুনৰ গণনাৰ ভিডিঅ’ ফুটেজ দেখুৱাবলৈ অনুৰোধ জনায় কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে। ইয়াৰ পৰিপ্ৰেক্ষিতত ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু সঞ্জীৱ সচদেৱৰ বিচাৰপীঠে পৰ্যবেক্ষণ কৰে যে আয়োগে ভিডিঅ’ ফুটেজ আৰু অন্যান্য নথি-পত্ৰ ৰাজহুৱা কৰিব লাগে। নিৰ্বাচন আয়োগৰ অধিবক্তা শেষাদ্ৰী নাইডুৱে আদালতত কয় যে ভোট গণনাৰ ভিডিঅ’ ফুটেজ বিচাৰি পোৱা নাই। আয়োগৰ এই ব্যাখ্যাত উচ্চতম ন্যায়ালয় সন্তুষ্ট নহ’ল। আয়োগৰ দায়িত্বক লৈ প্ৰশ্ন উত্থাপন কৰে ন্যায়াধীশ দুগৰাকীয়ে।
উচ্চতম ন্যায়ালয়ে আয়োগক কয়, “আপুনি কেনেকৈ ক’ব পাৰে যে আমি (ভিডিঅ’ ৰেকৰ্ডিং) বিচাৰিবলৈ চেষ্টা কৰিছোঁ? আপোনাৰ হাতত যি আছে, পৰৱৰ্তী শুনানিত দাখিল কৰক। নহ’লে আমি হস্তক্ষেপ কৰিবলৈ বাধ্য হ’ম। আমি এনেধৰণৰ ভিত্তিহীন অজুহাত শুনিব নোৱাৰো।” এই গোচৰৰ পৰৱৰ্তী শুনানি ১৫ ফেব্ৰুৱাৰীত হ’ব।












