
জাৰ্মানীৰ পৰা দিল্লী (From Germany to Delhi) অভিমুখী এখন বিমানে মাজ আকাশত (middle of the sky on plane) লাভ কৰা অপহণৰ ভাবুকিৰ (Kidnapping threat) আতংকৰ ফলত ৰাজস্থানৰ জয়পুৰত জৰুৰীকালীন অৱতৰণ (Emergency landing) কৰিবলৈ বাধ্য হয়। বুধবাৰে পুৱা সংঘটিত হয় এই ঘটনা।
সূত্ৰৰ পৰা জানিব পৰা মতে, বিমানখনত বোমা থকা বুলি আৰু ইয়াক হাইজেক কৰা হ’ব পাৰে বুলি খবৰ বিয়পি পৰাৰ পিছতে নিৰাপত্তাজনিত কাৰণত বিমানখনলৈ জৰুৰীকালীন বাৰ্তা প্ৰেৰণ কৰা হয়। ইয়াৰ পিছত জয়পুৰত জৰুৰীকালীন অৱতৰণ কৰিবলৈ বাধ্য হয়। জাৰ্মানীৰ ফ্ৰেংকফ’ৰ্টৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমান এআই ২০৩০ উৰা মাৰিছিল। গন্তব্যস্থান আছিল দিল্লী। কিন্তু মাজ আকাশত হাইজেকিঙৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰে। জয়পুৰ বিমানবন্দৰৰ এগৰাকী বিষয়াই নাম প্ৰকাশ নকৰাকৈয়ে হিন্দুস্তান টাইমছক জনাইছে যে হাইজেকিঙৰ উৰাবাতৰি ওলাইছে। বোমাৰ ভয় নাছিল।

অৱশ্যে এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য কৰা উচিত নহয় বুলিও তেওঁ কয়। তদন্তৰ পিছত সঠিকভাৱে কি হৈছিল সেয়া স্পষ্ট হ’ব। কিন্তু সূত্ৰ অনুসৰি, বিমানখন ভাৰতীয় আকাশমাৰ্গত প্ৰৱেশ কৰাৰ সময়ত বিমান পৰিবহণ নিয়ন্ত্ৰণ আৰু নিৰাপত্তা সংস্থাক এটা বাৰ্তা দিয়া হৈছিল। ইয়াৰ পিছতে জৰুৰীকালীন ভিত্তিত বিমানখন জয়পুৰত অৱতৰণ কৰা হয়। বিমানখন নিৰাপদে অৱতৰণ কৰা হয়। বিমানখনৰ পৰা যাত্ৰীসকলক নমাই তালাচী চলায়। বিমানখন বিচ্ছিন্ন কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে বুলি সূত্ৰই প্ৰকাশ কৰিছে। অৱশ্যে এই সন্দৰ্ভত বিমানবন্দৰ কৰ্তৃপক্ষ বা এয়াৰ ইণ্ডিয়াই কোনো বক্তব্য দিয়া নাই।
Flightradar24 ৰ মতে, ১৩ অক্টোবৰৰ স্থানীয় সময় অনুসৰি নিশা ৯.৪৫ বজাত বিমানখন ফ্ৰেংকফৰ্টৰ পৰা উৰা মাৰিছিল। ১৪ অক্টোবৰৰ পুৱা ১০.৪০ বজাত দিল্লীত অৱতৰণ কৰাৰ কথা আছিল। সূত্ৰ অনুসৰি, আহমেদাবাদ ট্ৰেফিক কণ্ট্ৰ’লে পুৱা প্ৰায় ৯ বজাত বিমানখনৰ পৰা জৰুৰী সংকেত লাভ কৰে। ইয়াৰ পিছত পুৱা ৯.১০ বজাত বিমানখন জয়পুৰলৈ স্থানান্তৰিত কৰা হয় আৰু পুৱা ৯.৪৫ বজাত অৱতৰণ কৰে।











