
লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে (Rahul Gandhi) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগত গোচৰ ৰুজু হৈছিল। উচ্চতম ন্যায়ালয়ে নিম্ন ন্যায়ালয়ত গোচৰৰ বিচাৰ সাময়িকভাৱে স্থগিত (Hearing has been temporarily postponed) ৰাখিছে। একে সময়তে উচ্চ ন্যায়ালয়ে মহাৰাষ্ট্ৰ চৰকাৰ আৰু অভিযোগকাৰীক জাননী জাৰি কৰিছে। চাৰি সপ্তাহৰ ভিতৰত এই জাননীৰ উত্তৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে।
গোচৰটো আঠ বছৰ পুৰণি। ২০১৮ চনৰ পৰাই এই বিতৰ্ক আৰম্ভ হৈছিল। ৰাফেল চুক্তিৰ বিতৰ্কৰ মাজতে সেই বছৰৰ ছেপ্টেম্বৰ মাহত ৰাজস্থানত এখন ৰাজহুৱা সভাত ৰাহুল গান্ধীৰ কিছু মন্তব্যৰ ওপৰত বিজেপিয়ে আপত্তি কৰিছিল। তেওঁলোকে অভিযোগ কৰে যে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীক ‘চোৰৰ চৰ্দাৰ’ বুলি অভিহিত কৰিছিল। অভিযোগকাৰী বিজেপি কৰ্মী শ্ৰীমলৰ মতে ৰাহুল গান্ধীৰ এই মন্তব্য মানহানিকাৰক। ই মোদীৰ সুনাম আৰু ভাবমূর্তি কলংকিত কৰিছে৷ তেওঁ লগতে দাবী কৰে যে ৰাহুল গান্ধীৰ মন্তব্যৰ পিছত প্ৰধানমন্ত্ৰীক ছ’চিয়েল মিডিয়াত ‘ট্ৰ’ল’ বা উপহাস কৰা হৈছিল, যিটো অনাকাংক্ষিত আছিল। অভিযোগকাৰীয়ে লগতে দাবী কৰে যে ৰাহুল গান্ধীৰ এই ‘চোৰৰ চৰ্দাৰ’ মন্তব্যই বিজেপিৰ সদস্যৰ আৱেগত আঘাত হানিছে। ইয়াৰ ফলত দল আৰু দলীয় কৰ্মীৰ সুনাম কলংকিত হৈ পৰিছিল।

শ্ৰীমলে মুম্বাইৰ গিৰগাঁৱৰ দণ্ডাধীশ আদালতত এজাহাৰ দাখিল কৰে। ২০১৯ চনৰ আগষ্ট মাহত উক্ত আদালতৰ তদানীন্তন দণ্ডাধীশে ৰাহুল গান্ধীক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল। ২০২১ চনত ৰাহুল গান্ধীক চমন কৰা হৈছিল। সেই নিৰ্দেশক প্ৰত্যাহ্বান জনাই কংগ্ৰেছ নেতাজনে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। তেওঁৰ যুক্তি আছিল যে তেওঁ কোনো ধৰণে বিজেপিৰ নাম উল্লেখ কৰা নাই। তেওঁ কাকো লক্ষ্য কৰি কোনো মন্তব্য কৰা নাছিল। গতিকে তেওঁৰ বিৰুদ্ধে উত্থাপিত মানহানিৰ অভিযোগ ভিত্তিহীন। ৰাহুলে গোচৰ খাৰিজ কৰিবলৈ বিচাৰিছিল।
দুয়োপক্ষৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে ৮ ছেপ্টেম্বৰত ৰাহুল গান্ধীৰ আবেদন খাৰিজ কৰে।ৰাহুল গান্ধীয়ে আদালতৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল। সেই গোচৰত উচ্চতম ন্যায়ালয়ে দিছিল অন্তৱৰ্তীকালীন আদেশ। মঙলবাৰে ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ অপ্ৰেশ কুমাৰ সিঙৰ বিচাৰপীঠে নিম্ন আদালতৰ কাৰ্যবিধিৰ ওপৰত অস্থায়ী স্থগিতাদেশ জাৰি কৰে।













