ASSAM TIMES POST
নিউজ ডেস্ক
চীনৰ পাছতে ক’ৰ’ণা ভাইৰাছত কঁপিছে ইটালী৷ ক’ৰ’ণা ভাইৰাছৰ ত্ৰাসত এতিয়া সমগ্ৰ ইটালী কম্পমান৷ ইতিমধ্যে দেশখনত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ ৪৬৩ জন লোকৰ মৃত্যু হৈছে৷
এদিনতে ১৪৯২ জন লোক ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ দেশখনৰ চৰকাৰে দুই কোটি নতুন মাক্স যোগানৰ নিৰ্দেশ দিছে৷ ইটালীত এই পৰ্যন্ত ৭৩৭৫ জন লোক ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে৷ মৃতসকলৰ ভিতৰত অধিকাংশ লোম্বাৰ্ডি চহৰৰ৷
পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইটালী চৰকাৰে জনবহুল এলেকাত মানুহক দূৰত্ব বৰ্তাই ৰাখিবলৈ পৰামৰ্শ দিছে৷ দেশখনত বন্ধ হৈ পৰিছে বহু প্ৰতিষ্ঠান৷ ইটালী চৰকাৰৰ ৱেবছাইটত প্ৰকাশ কৰা মতে দেশখনত ডেৰ কোটি মানুহ গৃহ বন্দী হৈ আছে৷










