
গুৱাহাটীৰ উলুবাৰীৰৰ বিলাস ইন হোটেলত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনাৰ মূল অভিযুক্ত ঘনকান্ত গগৈ বৰ্তমান আৰক্ষীৰ জিম্মাত। একেটা পৰিয়াল চাৰি সদস্যসহ পাঁচজন লোকক পিষ্টলেৰে গুলীয়াই হত্যা কৰাৰ মূল অভিযুক্ত হৈছে ঘনকান্ত গগৈ। ঘটনা সংঘটিত হোৱাৰ প্ৰায় ১ ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মূলত নাহৰকটীয়াৰ আৰু বৰ্তমান গুৱাহাটীৰ সাউকুছি নিবাসী ঘনকান্ত। এইবাৰ আৰক্ষীৰ জেৰাত ঘটনা সন্দৰ্ভত মুখ খুলিছে হোটেলখন লীজত চলোৱা ঘনকান্তই।

আৰক্ষীৰ জেৰাত ঘনকান্তই কয় যে আত্মৰক্ষাৰ বাবেহে হেনো তেওঁ গুলীচালনা কৰিছিল। হোটেলখনৰ মালিক পক্ষৰ লোক তথা ভুক্তভোগীয়ে তেওঁক প্ৰথমে আক্ৰমণ কৰা বুলি আৰক্ষীৰ আগত উল্লেখ কৰে ঘনকান্তই। এই আক্ৰমণত তেওঁ মূৰৰ সোঁফালে আঘাত পোৱা বুলি উল্লেখ কৰে। অৱশ্যে তেওঁৰ মূৰত আঘাতৰ কোনো চিন নাই বুলি জানিব পৰা গৈছে। উল্লেখ্য যে পল্টনবজাৰ থানাত আৰক্ষীৰ জিম্মাত আছে ঘনকান্ত গগৈ। কিন্তু এই পৰ্যন্ত তেওঁৰ পৰিয়ালৰ লোক থানালৈ অহা নাই বুলি জানিব পৰা গৈছে। আনহাতে, ঘটনাৰ সময়ত ঘনকান্তই পিন্ধি থকা কেমেৰা সংলগ্ন চছমাযোৰ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।













