
এগৰাকী ১৬ বছৰীয়া দলিত কিশোৰীক দলবদ্ধ ধৰ্ষণ (Agra rape victim dies) কৰি তিনিজন লোকে পেলাই থৈ যায়। ১ নৱেম্বৰত সংঘটিত ঘটনাত গুৰুতৰভাৱে আহত হোৱা কিশোৰীগৰাকীয়ে ডিঙিত আঘাত পাইছিল, শৰীৰৰ একাধিক হাড় আৰু হাত ভাঙি যায়। আৰক্ষীৰ সূত্ৰ অনুসৰি, উত্তৰ প্ৰদেশৰ আগ্ৰাৰ এখন চিকিৎসালয়ত ১০ দিন ধৰি মৃত্যুৰ সৈতে যুঁজি তেওঁৰ মৃত্যু হয় তেওঁৰ। যোৱা দেওবাৰে নিশা পথাৰ এখনৰ দাঁতিত প্ৰায় অচেতন অৱস্থাত তেওঁক উদ্ধাৰ হৈছিল। মৃতকৰ পৰিয়ালৰ এজন সদস্যই অভিযোগ কৰে, “গণ ধৰ্ষণ কৰি, অত্যাচাৰ কৰে আৰু মৰিবলৈ এৰি দিয়া হৈছিল। ভেণ্টিলেটৰৰ সহায়ত তেওঁক কিছুদিন জীয়াই ৰখা হৈছিল। কিন্তু মৃত্যুৰ পূৰ্বে তেওঁৰ বক্তব্য লিপিবদ্ধ কৰিব নোৱাৰিলে আৰক্ষীয়ে।”

১ নৱেম্বৰত মৃতকৰ পিতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ২০, ২১ আৰু ২৮ বছৰীয়া তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ফিৰোজাবাদ থানাৰ এছএছপি আদিত্য লাংগেশে কয়, “তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনাৰ তদন্ত ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ পিছত তেওঁলোকৰ ঘৰত গেংষ্টাৰ আইনৰ অধীনত তালাচী কৰা হ’ব আৰু তেওঁলোকৰ সৈতে আদালতত উপযুক্ত প্ৰমাণ দাখিল কৰা হ’ব।” তেওঁ লগতে কয় যে তিনিওজনৰ বিৰুদ্ধে পক্সো (POCSO) আইন আৰু বিএএনএছৰ অন্যান্য প্ৰাসংগিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে। তিনি অভিযুক্তৰ ভিতৰত এজন নাবালিকাগৰাকীৰ চিনাকি। তেৱেঁই সেই স্থানলৈ মাতি লৈ গৈছিল।
এজন তদন্তকাৰী আৰক্ষী বিষয়াৰ মতে, “ঘটনাৰ সময়ত অভিযুক্তই ভুক্তভোগীৰ হাত আৰু মুখত ধৰি ৰাখিছিল। তীব্ৰ হেঁচা দিয়াৰ বাবে তেওঁৰ ডিঙি আৰু হাতৰ হাড় ভাঙি গৈছিল। অভিযুক্তই ভুক্তভোগীক মৃত বুলি ভাবি সেই অৱস্থাতে এৰি পলায়ন কৰিছিল। ১ নৱেম্বৰৰ নিশা আৰক্ষীয়ে দুজন অভিযুক্তক ধৰিছিল। পিছদিনা আনজনক গ্ৰেপ্তাৰ কৰা হয়।”











