
বৰ্তমান সমগ্ৰ দেশৰ লগতে বিদেশতো সগৌৰৱে চলি আছে বলিউডৰ বিগ বাজেটৰ ছবি ৰামায়ণ। ৰণবীৰ কাপুৰে ৰামৰ চৰিত্ৰত অভিনয় কৰা এই ছবিখনে মুক্তিৰ দিনটোৰ পৰা বৰ্তমানলে ভংগ কৰিছে কেইবাটাও অভিলেখ ।

ইয়াৰ মাজতে এই ছবিখনৰ সৈতে সংযুক্ত হৈছে অসমৰ নাম। কিয়নো বৰপেটা জিলাৰ পৰম্পৰাগত কাৰুকাৰ্যই ৰণবীৰ কাপুৰে শ্ৰীৰাম আৰু ৰবি ডুবেয়ে লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰা এই পৌৰাণিক ছবিখনত স্থান লাভ কৰিছে।
বৰপেটাৰ জনীয়া বঙালীপাৰা গাঁৱৰ ১৫ জনীয়া শিল্পীৰ এটা দলে নিপুণ কাৰিকৰ জয়নাল আবদিনৰ নেতৃত্বত চাৰে তিনি বছৰৰ ভিতৰত ছবিখনৰ বাবে প্ৰায় ৩০-৩৫ টা বিশেষ কৱচ তৈয়াৰ কৰিছিল। প্ৰথমতে জনীয়াৰ স্থানীয় সংগঠন গ্ৰাম উন্নয়নৰ আব্দুল মালেকৰ জৰিয়তে জয়নাল আবদিনৰ ওচৰত এই প্ৰকল্পটো দাখিল কৰা হয়। পাট আৰু কাঠৰ উপাদানৰ লগতে অসমৰ পৰম্পৰাগত সৰাপাত, বেত ব্যৱহাৰ কৰি এই কৱচ প্ৰস্তুত কৰা হয়।

প্ৰাৰম্ভিক ডিজাইনটো ৰবৰ পেডিং অন্তৰ্ভুক্ত কৰি পৰিৱৰ্তন কৰা হৈছিল, যাতে একচন ক্ৰমৰ সময়ত অভিনেতাসকলৰ বাবে ইয়াক অধিক নমনীয় আৰু আৰামদায়ক কৰি তুলিব পৰা হয়। কষ্টিউম ডিজাইনাৰ অজয় কুমাৰেও নিজৰ দলৰ সৈতে অসমলৈ আহি কামৰ চোৱাচিতা কৰে। অজয় কুমাৰে কয় যে বনবাসৰ সময়ত ভগৱান ৰাম আৰু লক্ষ্মণৰ বাবে কি সামগ্ৰী উপলব্ধ হ’ব সেই কথা বিবেচনা কৰাৰ পৰাই সৰাপাত-বেত ব্যৱহাৰৰ ধাৰণাটো আহিছিল।
তেওঁ কয় যে দলটোৱে প্ৰথমে মুম্বাইত দক্ষ কাৰিকৰ সন্ধান কৰিছিল যদিও অৱশেষত অসমৰ পৰম্পৰাগত বেতৰ কাৰুকাৰ্যৰ বাবে অসমলৈ আহে। তেওঁ শিল্পীসকলৰ দক্ষতা আৰু নিখুঁত কামৰ বাবেও প্ৰশংসা কৰি কয় যে এই কামৰ বাবে কেইবাবাৰো নমুনা সংগ্ৰহ আৰু সাৱধানে ফিনিশ্বিং কৰাৰ প্ৰয়োজন হৈছিল, যাতে কৱচটো নিৰাপদ আৰু আৰামদায়ক হয়।

আমোদজনক কথাটো হ’ল, এই প্ৰকল্পটো গোপনীয়ভাৱে ৰখাৰ বাবে শিল্পীসকলে প্ৰথমতে তেওঁলোকৰ এই কাম ৰামায়ণ ছবিখনৰ বাবে বুলি জনা নাছিল। কিন্তু এতিয়া এই অৱদানে অসমৰ পৰম্পৰাগত কাৰুকাৰ্য আৰু স্থানীয় শিল্পীসকলৰ দক্ষতাৰ প্ৰতি ৰাষ্ট্ৰীয় দৃষ্টি আকৰ্ষণ কৰিছে।











