
ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণক (SIR) লৈ চলি থকা বিতৰ্কৰ মাজতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অভিযোগ উত্থাপন কৰিছে যে ৰাজ্যখনৰ ভোটাৰ তালিকাৰ পৰা ১.২৭ কোটি হিন্দু ভোটাৰক বাদ দিয়া হৈছে। লগতে তেওঁ দাবী কৰে যে এই প্ৰক্ৰিয়াৰ পিছত মুছলমান ভোটাৰৰ সংখ্যা ১.৬৫ শতাংশ বৃদ্ধি পাইছে।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আদিত্যনাথে বিৰোধী দলসমূহে এছআইআৰ সন্দৰ্ভত ভুল তথ্য প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱক প্ৰত্যাহ্বান জনাই এই পুনৰীক্ষণ বাতিল কৰিবলৈ দাবী জনায়। আদিত্যনাথে দাবী কৰে যে এছআইআৰৰ পিছত মুছলমান ভোটাৰৰ সংখ্যা বৃদ্ধি পোৱাটোৱেই হয়তো সমাজবাদী পাৰ্টীয়ে এই প্ৰক্ৰিয়া বাতিল কৰিবলৈ দাবী নকৰাৰ অন্যতম কাৰণ। ইমান বৃহৎসংখ্যক হিন্দু ভোটাৰ কেনেকৈ নিৰ্বাচন আয়োগৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিব পাৰে বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে।
আদিত্যনাথে কয় যে বিজেপিয়ে নিৰ্বাচন আয়োগক স্মাৰক-পত্ৰ দাখিল কৰি এছআইআৰত থকা অমিলসমূহ পৰীক্ষা কৰি তালিকাৰ পৰা বাদ পৰা যোগ্য ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনাইছে। তেওঁ এনে লোকৰ কথা উল্লেখ কৰে, যাৰ নাম পঞ্চায়ত নিৰ্বাচনৰ ৰেকৰ্ডত আছে যদিও নিৰ্বাচন আয়োগৰ ভোটাৰ তালিকাত নাই।
মুখ্যমন্ত্রীৰ মতে, এই তালিকাত পঞ্চায়তৰ ৰেকৰ্ডত নাম থকা প্রায় ৬৬ লাখ ভোটাৰ, চৰকাৰী কল্যাণমূলক আঁচনিৰ হিতাধিকাৰী ৫৫ লাখ হিন্দু নাগৰিক আৰু ১৮ৰ পৰা ১৯ বছৰ বয়সৰ ভিতৰৰ ৪.৫ লাখ ভোটাৰ সন্নিবিষ্ট কৰা হৈছে৷
ভোটাৰ চিনাক্তকৰণ প্ৰক্ৰিয়াৰ পৰিৱৰ্তনৰ দাবী অখিলেশ যাদৱৰ
আনহাতে, সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱেও নিৰ্বাচনী প্ৰক্ৰিয়াক লৈ উদ্বেগ প্ৰকাশ কৰিছে। এটা এক্স পোষ্টত তেওঁ আধাৰ কাৰ্ডক ভোটাৰ পৰিচয়-পত্ৰৰ সৈতে সংযোগ কৰি বৰ্তমানৰ ভোটাৰ আইডি কাৰ্ডৰ সলনি ধাতৱ কাৰ্ড ব্যৱহাৰ কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। ভোটাৰৰ পৰিচয় পৰীক্ষা কৰাৰ লগতে প্ৰৱঞ্চনামূলক ভোটদান ৰোধ কৰিবলৈ আঙুলিৰ চাপ আৰু আইৰিছ আদি বায়’মেট্ৰিক পৰীক্ষণ ব্যৱস্থাৰ ব্যৱহাৰৰ পৰামৰ্শও আগবঢ়ায়।
আদিত্যনাথৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সমাজবাদী পাৰ্টীৰ মুখপাত্ৰ উদয়বীৰ সিঙে প্ৰশ্ন উত্থাপন কৰে যে যদি মুখ্যমন্ত্ৰীয়ে এছআইআৰ প্ৰক্ৰিয়াত স্বচ্ছতাৰ অভাৱ বুলি বিশ্বাস কৰে, তেন্তে মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ প্ৰস্তাৱ কিয় সমৰ্থন কৰা নাই?
এছআইআৰৰ পিছত উত্তৰ প্ৰদেশত ভোটাৰৰ সংখ্যা হ্ৰাস
২০২৫ চনৰ ২৭ অক্টোবৰৰ পৰা উত্তৰ প্ৰদেশত এছআইআৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু ২০২৬ চনৰ ১০ এপ্ৰিলত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছিল। এই প্ৰক্ৰিয়াৰ পূৰ্বে ৰাজ্যত মুঠ ভোটাৰৰ সংখ্যা আছিল ১৫.৪৪ কোটি, যিটো পুনৰীক্ষণৰ পিছত ১৩.৩৯ কোটিলৈ হ্ৰাস পাইছে।
বিধানসভা নিৰ্বাচনৰ ভোটাৰ তালিকাখন পঞ্চায়ত আৰু স্থানীয় সংস্থাসমূহৰ ভোটাৰ তালিকাৰ সৈতে তুলনা কৰিবলৈ জিলা নিৰ্বাচনী বিষয়াসকলক নিৰ্দেশ দিছে, কিয়নো বিভিন্ন নথিত তথ্যৰ অমিল পোৱা গৈছে।
উত্তৰ প্ৰদেশৰ মুখ্য নিৰ্বাচনী বিষয়া নৱদীপ ৰিনৱাই কয় যে ‘বিশেষ সাৰাংশ পৰ্যালোচনা’ৰ অধীনত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ পোৱাৰ পিছত ১৭ নৱেম্বৰত বিভিন্ন প্ৰশ্নৰ উত্তৰ দিব।
উল্লেখ্য যে আদিত্যনাথে উল্লেখ কৰা ধৰ্মভিত্তিক পৰিসংখ্যা তেওঁৰ নিজৰ দাবী। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সামগ্ৰিক নিৰ্বাচনী তথ্যত ধৰ্মৰ ভিত্তিত বাদ পৰা ভোটাৰৰ সংখ্যা নিশ্চিত নহয়।











