
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰ মুখামুখি বিতৰ্কৰ প্ৰত্যাহ্বান জনাইছে লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে। ‘ভোট চুৰি’ আৰু এছআইআৰ অনিয়মৰ পিছত এইবাৰ ‘ডিমাগী নক্সাল’ (Dimagi Naxal) অভিযোগক লৈ প্ৰত্যহ্বান ৰাহুল গান্ধীৰ।

ছত্তীশগড়ত চিআৰপিএফ বিষয়া আৰু জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰাৰ সময়ত মোদীয়ে দাবী কৰে যে ৩১ মাৰ্চত দেশত মাওবাদী কাৰ্যকলাপৰ অন্ত পৰিল। কিন্তু দেশত এতিয়াও ‘ডিমাগী নক্সাল’ সক্ৰিয় হৈ আছে। শেহতীয়াকৈ নীট প্ৰশ্নকাকত ফাদিল আৰু জ্ঞানেশ কুমাৰ কেলেংকাৰীকে ধৰি চৰকাৰবিৰোধী সকলো প্ৰতিবাদৰ আঁৰত ‘ডিমাগী নক্সাল’ থকা বুলিও দাবী কৰে প্ৰধানমন্ত্ৰীয়ে।
সোমবাৰে ৰাহুল গান্ধীয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্টত লিখিছে, “প্ৰিয় চিআৰপিএফ, কেৱল আপোনালোকৰ মুখলৈ চাই সকলো স্পষ্ট হৈ পৰিছিল। আপোনালোকে প্ৰধানমন্ত্ৰীৰ মিছা কথা বিশ্বাস কৰা নাছিল। আমাক নক্সাল বুলি মাতিছিল। মোৰ প্ৰত্যাহ্বান হৈছে, কোন বিশ্বাসঘাতক আৰু কোন বিদেশী শক্তিৰ দ্বাৰা নিয়ন্ত্ৰিত, তাক লৈ মোৰ সৈতে মুখামুখি বিতৰ্কলৈ আহক। যিকোনো সময়তে, যিকোনো ঠাইতে। মই নিশ্চিত যে সেই বিতৰ্কৰ পিছত প্ৰধানমন্ত্ৰীয়ে আৰু এজনো জোৱানৰ সন্মুখত থিয় হোৱাৰ সাহস নাপাব।”
উল্লেখ্য যে লোকসভাৰ বিৰোধী দলপতিগৰাকীয়ে সোমবাৰে মণিপুৰ ভ্ৰমণৰ সময়সূচীও ঘোষণা কৰে। ২০২৩ চনৰ মে’ মাহৰ আৰম্ভণিতে সাম্প্ৰদায়িক হিংসা আৰম্ভ হোৱাৰ পিছত বিজেপিশাসিত উত্তৰ-পূবৰ ৰাজ্যখনলৈ তেওঁৰ এইটো চতুৰ্থ ভ্ৰমণ। ফেব্ৰুৱাৰী মাহত উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাব আৰু গোৱাৰ লগতে মণিপুৰতো বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। কিন্তু মেইটেই আৰু কুকি-জো সম্প্ৰদায়ৰ মাজত হোৱা হিংসাত্মক পৰিস্থিতিৰ বাবে এতিয়াও হাজাৰ হাজাৰ লোক সাহায্য শিবিৰত আছে।
সোমবাৰে কংগ্ৰেছে ইংগিত দিয়ে যে ৰাহুল গান্ধীয়ে ২৬ নৱেম্বৰত কিছু সাহায্য শিবিৰ ভ্ৰমণ কৰিব পাৰে। উল্লেখ্য যে ২০২৩ চনৰ জুন মাহত ৰাহুল গান্ধীয়ে প্ৰথমবাৰৰ বাবে সংঘৰ্ষত বিধ্বস্ত মণিপুৰ ভ্ৰমণ কৰিছিল আৰু দুয়োটা সম্প্ৰদায়ৰ প্ৰতিনিধিক সাক্ষাৎ কৰিছিল। ২০২৪ চনৰ জানুৱাৰী মাহত তেওঁ মণিপুৰৰ পৰা আৰম্ভ কৰিছিল ‘ভাৰত যোৰো ন্যায় যাত্ৰা’।
লোকসভাত বিৰোধী দলৰ নেতা হোৱাৰ পিছত ২০২৪ চনৰ ৮ জুলাইত ৰাহুল গান্ধীয়ে জিৰিবাম, চুৰাচান্দপুৰ আৰু মৈৰাঙৰ সাহায্য শিবিৰ পৰিদৰ্শন কৰে। কংগ্ৰেছৰ এক সূত্ৰই জনোৱা মতে, ৰাহুল গান্ধীয়ে ২৬ নৱেম্বৰত ৰাজধানী ইম্ফল আৰু চুৰচান্দপুৰৰ সাহায্য শিবিৰ পৰিদৰ্শন কৰিব। উল্লেখ্য যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত মণিপুৰৰ দুয়োখন আসনত কংগ্ৰেছে জয়লাভ কৰে নিৰ্বাচন।










