
পোহৰৰ উৎসৱৰ আনন্দৰ নিশা মধ্যপ্ৰদেশত পৰে (Diwali Accident) শোকৰ ছাঁ। দীপাৱলীৰ নিশা কাটনি আৰু ছিওনী জিলাৰ দুটা পৃথক ঘৰত অগ্নিকাণ্ড সংঘটিত হৈ দুমহীয়া কেঁচুৱা, নাবালক আৰু এজন বৃদ্ধকে ধৰি দুটা পৰিয়ালৰ মুঠ ১২ জন লোকৰ মৃত্যু হয়।

প্ৰথমটো ঘটনা সংঘটিত হয় কাটনি জিলাৰ বৰহী চহৰত। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, প্ৰায় মাজনিশা মহানগৰীখনৰ তিনিমহলীয়া অট্টালিকাৰৰ প্ৰথম মহলাত থকা এখন বাচন-বৰ্তনৰ দোকানত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। ক্ষন্তেকতে জুইৰ শিখা আৰু ডাঠ ক’লা ধোঁৱা ওপৰৰ মহলাবোৰলৈ বিয়পি পৰে।
সেই সময়ত আগৰৱালা পৰিয়ালৰ সদস্যসকল ওপৰৰ মহলাত শুই আছিল। অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত কোনোমতে পৰিয়ালটোৰ দুজন সদস্য নামিবলৈ সক্ষম হয় যদিও বাকীসকল ভিতৰত আবদ্ধ হৈ পৰে। গোটেই নিশা উদ্ধাৰৰ কাম চলি থাকে। সোমবাৰে পুৱা ৪.৩০ বজাত পুৰাণ আগৰৱালা (৭৭) নামৰ এজন বৃদ্ধক উদ্ধাৰ কৰে।
পিছত পুৱা ৬.৩০ বজাত উদ্ধাৰকাৰীয়ে জেচিবি মেচিনেৰে ঘৰৰ বেৰ ভাঙি ভিতৰৰ পৰা আৰু ৫ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰে। মৃত্যু হোৱা আনকেইজন হৈছে পুৰাণৰ পত্নী চন্দ্ৰকলা (৭৪), বোৱাৰী পুনম (৩৫), নাতি আৰ্য (১৪), অনভি (৬) আৰু এটা দুমহীয়া কেঁচুৱা।
মহকুমা আৰক্ষী বিষয়া বীৰেন্দ্ৰ নাৰ্ভে কয় যে প্ৰথম অৱস্থাত চাকিৰ শিখা বা শ্বৰ্ট চাৰ্কিটৰ বাবে জুই আৰম্ভ হ’ব পাৰে বুলি ধাৰণা কৰা হৈছিল যদিও প্ৰকৃত কাৰণ তদন্তৰ পিছতহে স্পষ্ট হ’ব। আনহাতে, স্থানীয় ৰাইজে এই ঘটনাত অগ্নিনিৰ্বাপক বাহিনীৰ গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে।
তেওঁলোকৰ দাবী, বৰহী আৰু বিজয়ৰাঘৱগড়ৰ পৰা অহা অগ্নিনিৰ্বাপক বাহিনীৰ দুয়োখন গাড়ীৰ পাইপ ফাটি বিকল হৈ পৰিছিল। পিছত কাইমোৰ আৰু কাটনি পৌৰসভাৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে।
দ্বিতীয়টো ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ছিওনী জিলাৰ চাপাৰা চহৰৰ মহাবীৰ ৱাৰ্ডৰ এটা জৈন মন্দিৰৰ সমীপত। আৰক্ষী আৰু স্থানীয় প্ৰশাসনৰ সূত্ৰৰ পৰা জানিব পৰা মতে, পুৱা ৩ বজাৰ পৰা ৪.৩০ বজাৰ ভিতৰত সোণৰ ব্যৱসায়ী কুন্দনলাল ছোনীৰ ঘৰত হঠাৎ অগ্নিকাণ্ড সংঘটিত হয়।
লক্ষ্ণৌৰ মহকুমা আৰক্ষী বিষয়া অপূৰ্ব ভালৱীয়ে জনোৱা মতে, অগ্নিকাণ্ডৰ সময়ত মুঠ ১০ জন লোক ঘৰৰ ভিতৰত শুই আছিল। গতিকে তেওঁলোক ওলাই অহাৰ প্ৰায় কোনো সুযোগ নাছিল। ইয়াৰে ৬ জনৰ মৃত্যু হোৱাৰ লগতে দুজন নাবালককে ধৰি চাৰিজনক জীৱিত অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
আৰক্ষীয়ে জনোৱা মতে, ছিওনী কাণ্ডত নিহতকেইজন হৈছে কুন্দনলাল ছোনী (৭৫), পত্নী ৰাজকুমাৰী ছোনী (৬৫), ঋতু ছোনী (৪২), স্মৃতি ছোনী (৪০), সূৰ্য ছোনী (৪৫) আৰু আদিত্য ছোনী (১৬)। তথ্য লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয়। যদিও অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত জুই নিয়ন্ত্ৰণলৈ অনা হয়, তথাপিও থিতাতে মৃত্যু হয় ৬ জন লোকৰ।
অৱশ্যে ঘৰটোত জুইলগাৰ আঁৰৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে দুয়োটা অগ্নিকাণ্ডৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে। একেৰাহে দুটা অগ্নিকাণ্ডৰ ফলত অগ্নিনিৰ্বাপক ব্যৱস্থা আৰু উৎসৱৰ বতৰত জৰুৰীকালীন সেৱাৰ প্ৰস্তুতি সম্পৰ্কেও প্ৰশ্ন উত্থাপন হৈছে।
ইফালে দীপাৱলী উদযাপনৰ সময়ত মধ্যপ্ৰদেশৰ ছটাৰপুৰ জিলাত সংঘটিত ফটকা সম্পৰ্কীয় পৃথক পৃথক দুৰ্ঘটনাত কমেও ৩৫ জন লোক গুৰুতৰভাৱে জ্বলি যায়।










