
বুধবাৰে পুৱা প্ৰায় ৬.৫৪ বজাত ডিগাৰু ৰে’লৱে ষ্টেচনত এক দুৰ্ঘটনা সংঘটিত (Rail Accident) হয়। আন এখন ৰে’লক আগতীয়াকৈ যাবলৈ পথ এৰি দিয়াৰ বাবে সংঘটিত হয় এই দুৰ্ঘটনা। ১৩১২৫ কলকাতা-চাইৰাং এক্সপ্ৰেছ ৰে’লখন ষ্টেচনলৈ সোমাই অহাৰ সময়ত ৰে’লৰ চালকজনে ইয়াৰ গতিবেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ ফলতেই ৰে’লখন লাইনচ্যুত হয় আৰু ইঞ্জিনৰ লগতে ইয়াৰ ৬টা দবা চিটিকি পৰে।

সৌভাগ্যবশতঃ সকলো যাত্ৰী সুৰক্ষিত আছে আৰু কোনো লোকৰে আঘাত পোৱাৰ খবৰ এতিয়ালৈকে পোৱা নাই। বৰ্তমান যাত্ৰীসকলক আন এখন বিকল্প ৰে’লৰ জৰিয়তে তেওঁলোকৰ গন্তব্যস্থানলৈ লৈ যোৱা হৈছে। ঘটনাৰ পিছতে লগে লগে উদ্ধাৰ আৰু সাহায্য কাৰ্যসূচী আৰম্ভ কৰা হৈছে আৰু ৰে’লৱেৰ মহা প্ৰবন্ধক তথা আন আন উচ্চপদস্থ বিষয়াসকল দুৰ্ঘটনাস্থলীলৈ ৰাওনা হৈছে।












