ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

U19 Asia Cup Final I পৰাজয়ৰ মুখত পৰিও পাকিস্তানৰ পৰা জয় আঁজুৰি আনিলে ভাৰতে, অনূৰ্ধ্ব ১৯ এছিয়া কাপ জয় ভাৰতৰ

News Desk by News Desk
November 14, 2026
Reading Time: 1 min read
A A
0
U19 Asia Cup Final I পৰাজয়ৰ মুখত পৰিও পাকিস্তানৰ পৰা জয় আঁজুৰি আনিলে ভাৰতে, অনূৰ্ধ্ব ১৯ এছিয়া কাপ জয় ভাৰতৰ

RELATED POSTS

JK terrorist attack । কুলগাম চিআৰপিএফ শিবিৰত আক্ৰমণৰ ঘটনাত ৫০০ জনক জেৰা, ২০ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ

MLA rape accuse I জনজাতীয় যুৱতীক ধৰ্ষণ কৰি হত্যাৰ ভাবুকিৰ অভিযোগ কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে

Cracker blast I চকলেট বুলি ভাবি মুখত ভৰালে পপ-পপ ফটকা, বিস্ফোৰণ হৈ দুবছৰীয়া শিশুৰ মৃত্যু

New Logo Smal | ASSAM TIMES POST

১৯ বছৰ অনূৰ্ধ্ব এছিয়া কাপত ভাৰতৰ প্ৰতিশোধ। গ্ৰুপ পৰ্যায়ত পাকিস্তানৰ হাতত পৰাস্ত হোৱাৰ প্ৰতিশোধ ল’লে ফাইনেলত। মনাল চৌহান আৰু মোহিত উলৱাৰ অবিশ্বাস্য বেটিঙে ভাৰতক এটা উইকেটত জয়লাভ কৰাত সহায় কৰে। ইয়াৰ লগে লগে নৱমবাৰৰ বাবে এছিয়া কাপত জয়লাভ কৰে ভাৰতে।

U19 Asia Cup Final I
পৰাজয়ৰ মুখত পৰিও পাকিস্তানৰ পৰা জয় আঁজুৰি আনিলে ভাৰতে:

আনহাতে, ভাৰতীয় কিশোৰ দলৰ এছিয়া কাপত পৰাজয়ৰ ধাৰাও ভংগ কৰে। অন্তিম বলত চাৰি কোবাই দলক জয় প্ৰদান কৰে মোহিতে।
ওমানৰ আল আমিৰেট ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত অনূৰ্ধ্ব ১৯ এছিয়া কাপৰ ফাইনেলত টছত জয়ী হৈ পাকিস্তানে প্ৰথমে বেটিং কৰি ৩৩৭/৯ ৰান সংগ্ৰহ কৰে। ওছমান খানে শতক অৰ্জন কৰে। প্ৰত্যুত্তৰত ভাৰতে এটা উইকেট বাকী থকা অৱস্থাত লক্ষ্যত উপনীত হয়।

অৱশ্যে পৰাজয়ৰ মুখত পৰা মেচখনত তেওঁলোকে যিধৰণে প্ৰত্যাৱৰ্তন কৰিলে সেয়া অধিক প্ৰশংসাৰ যোগ্য। যেতিয়া ভাৰতৰ অষ্টম উইকেটৰ পতন ঘটে তেতিয়া স্ক’ৰ আছিল ২৫২। অৰ্থাৎ জয়ৰ পৰা তেতিয়াও ৮৬ ৰান বাকী আছিল। প্ৰশিক্ষকৰ পৰা অনুৰাগীলৈকে সকলোৱে জয়ৰ আশা এৰি দিছিল। পাকিস্তানৰ ক্ৰিকেটাৰসকলে হয়তো কিমান দিনলৈ এই বিজয় উদযাপন উপভোগ কৰিব তাৰ বাবে অপেক্ষা কৰি পৰিকল্পনা কৰি আছিল।

কিন্তু মনাল আৰু মোহিতে তেওঁলোকৰ সকলো পৰিকল্পনাত পানী ঢালে। পৰাজয়ৰ গৰাহত পৰাৰ পৰাই নতুনকৈ যুঁজ আৰম্ভ কৰিলে। দুয়োৱে আক্ৰমণাত্মক খেলক অস্ত্ৰ হিচাপে বাছি লৈছিল, হাৰিবলৈ বিচৰা নাছিল। ভাৰতৰ প্ৰয়োজনী ৰান ৰেট এটা সময়ত ১০ৰ ওপৰলৈ গৈছিল।

কিন্তু বেটছমেন দুজনৰ বেটিং পৰাক্ৰমৰ লগে লগে ই ক্ৰমান্বয়ে কমি আহিল। ভাৰতৰ বিজয়ৰ আশাও বাঢ়িল। এটা সময়ত এনে লাগিছিল যেন এই দুজন বেচাৰেই ভাৰতক জয়ৰ লক্ষ্যত উপনীত কৰাব। কিন্তু তেতিয়াই মনাল পেভিলিয়নলৈ উভতি আহে। তেওঁ ৩২টা বলত ৩টা চাৰি আৰু তিনিটা ছয়ৰ সহায়ত ৪৭ ৰান সংগ্ৰহ কৰে।

ভাৰতৰ জয়ৰ বাবে তেতিয়াও ৩০ ৰান বাকী আছিল। ভবা হৈছিল যে মেচখন ভাৰতৰ হাতৰ পৰা ওলাই গ’ল। কিন্তু মোহিতৰ সৈতে যুটি বান্ধি একাদশ বেটছমেন চিগুৰুপতি ভেংকটে দললৈ বিজয় কঢ়িয়াই আনিলে। ৫টা চাৰি আৰু তিনিটা ছয়ৰ সহায়ত ২৬টা বলত ৪৯ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে মোহিত। আনহাতে, ভেংকটেও ১১ ৰানত অপৰাজিত হৈ থাকে। লগতে তিনিটা উইকেট দখল কৰে।

মেচৰ অন্তত ভাৰতীয় ক্ৰিকেটাৰ আৰু প্ৰশিক্ষকসকলে আনন্দত আত্মহাৰা হৈ পৰে। সকলোৱে একেলগে খেলপথাৰলৈ দৌৰি যায়। বিজয় উদযাপনৰ আৰম্ভণি হয় জাতীয় পতাকা হাতত লৈ।

টছত জয়লাভ কৰি পাকিস্তানৰ অধিনায়ক ফাৰহান ইউছুফে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। সেই সিদ্ধান্ত শুদ্ধও প্ৰমাণিত হ’ল। আৰম্ভণিৰে পৰাই মেচখন পাকিস্তানৰ নিয়ন্ত্ৰণত আছিল। ওছমানে ৮.১ অভাৰত হায়াম খানৰ সৈতে প্ৰাৰম্ভিক উইকেটত ৬২ ৰান সংগ্ৰহ কৰে। অৱশ্যে হায়াম (২১) আউট হোৱাৰ পিছত ওছমানে আব্দুল কাদিৰৰ সৈতে দলৰ ৰান সংগ্ৰহত যোগদান কৰে।

পাকিস্তানী অপেনাৰগৰাকীয়ে ১০৬ বলত শতক অৰ্জন কৰে। আনহাতে, আউট হোৱাৰ পূৰ্বে কাদিৰে ৮০ ৰান সংগ্ৰহ কৰে। দুয়োজনে একেলগে ১৮ অভাৰত দ্বিতীয় উইকেটৰ যুটিত ১৩৫ ৰানৰ অংশীদাৰিত্ব কৰে। কাদিৰ অধিক আক্ৰমণাত্মক আছিল। মাত্ৰ ৫৪টা বলত তেওঁ ৮০ ৰান সংগ্ৰহ কৰে। তেওঁ তিনিটা চাৰি আৰু আঠটা ছয় কোবায়। তেওঁ ভাৰতীয় বাওঁহাতৰ স্পিনাৰ মনাল আৰু যশবৰ্ধন চৌহানৰ বলত দুটাকৈ ছয় কোবায়।

অৱশ্যে আগ্ৰাসী খেলৰ বাবেই কাদিৰে নিজৰ উইকেট হেৰুৱায়। অৰ্জুন ৰাজপুতৰ বলত তীব্ৰ শ্বট খেলি ভি কে বিনীতৰ হাতত ধৰা পৰে। তাৰ পিছত ওছমানো বেছি দেৰি টিকি নাথাকিল। তেওঁক ৰাজপুতৰ বলত কাব্য পেটেলে আউট কৰে।

৩৬ অভাৰত পাকিস্তানৰ স্ক’ৰ আছিল ২৪০ ৰান। অধিনায়ক ফাৰহানে ৬০টা বলত ৬৩ ৰান সংগ্ৰহ কৰে। ভাৰতৰ কাব্য পেটেলে ৪টা আৰু ভেংকটে ৪০ ৰানত ৩টা উইকেট দখল কৰে। এটা উইকেট ৰাজপুতৰ হাতলৈ যায়।

ইপালে বৃহৎ ৰানৰ লক্ষ্যৰে ভাৰতৰ আৰম্ভণিও বেয়া নাছিল। লক্ষ্য ৰায়চন্দানী আৰু আৰ্যবীৰ ছেহৱাগে পূর্বৰ মেচখনৰ দৰে ধীৰে-স্থিৰে খেল আৰম্ভ কৰে৷ ৬১টা বলত ৯টা চাৰিৰ সহায়ত পুনৰ ৫৮ ৰান কৰি পেভিলিয়নলৈ উভতে আৰ্যবীৰ। ইয়াৰ পিছত লক্ষ্য আৰু বিনীতে ভাৰতৰ ইনিংছ গঢ়াৰ দায়িত্ব লয়। কিন্তু দলৰ ৰান সংখ্যা ১৪৬ ৰানত বিনীত আউট হয়। ইয়াৰ পিছত নিয়মীয়াকৈ উইকেটৰ পতন ঘটে।

ৰায়চন্দানীয়ে ৮০ ৰান সংগ্ৰহ কৰি উভতি আহে। ব্যৰ্থ হয় অৰ্জুন (১৬), যশবৰ্ধন (৯), অনভয় (১৯), আৰ্য সবছানি (৯)। এটা সময়ত ভবা হৈছিল যে ভাৰতৰ বিজয়ৰ দৌৰ তাতেই শেষ হৈ গৈছে। কিন্তু মনাল আৰু মোহিতে যে শেষ মুহূৰ্তত খেলৰ গতি যে ঘূৰাই আনিব সেয়া কোনেও কল্পনা কৰিব পৰা নাছিল। অৱশেষত অন্তিম অভাৰৰ অন্তিম বলত চাৰি কোবায় মোহিতে ভাৰতক জয়ৰ সোৱাদ দিয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অনূৰ্ধ্ব ১৯ এছিয়া কাপ জয় ভাৰতৰজয় আঁজুৰি আনিলে ভাৰতেপৰাজয়ৰ মুখত পৰিও পাকিস্তানৰ পৰা
Share4Tweet3Send

Related Posts

কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সঙ্ঘাতত নিহত ১ পাকিস্তানীসহ ৪ সন্ত্ৰাসবাদী
National-International

JK terrorist attack । কুলগাম চিআৰপিএফ শিবিৰত আক্ৰমণৰ ঘটনাত ৫০০ জনক জেৰা, ২০ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ

by News Desk
November 14, 2026
50
Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ
National-International

MLA rape accuse I জনজাতীয় যুৱতীক ধৰ্ষণ কৰি হত্যাৰ ভাবুকিৰ অভিযোগ কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে

by News Desk
November 14, 2026
50
Cracker blast I চকলেট বুলি ভাবি মুখত ভৰালে পপ-পপ ফটকা, বিস্ফোৰণ হৈ দুবছৰীয়া শিশুৰ মৃত্যু
National-International

Cracker blast I চকলেট বুলি ভাবি মুখত ভৰালে পপ-পপ ফটকা, বিস্ফোৰণ হৈ দুবছৰীয়া শিশুৰ মৃত্যু

by News Desk
November 14, 2026
50
Rahul Gandhi : মোদীক কওক, জ্ঞানেশক আঁতৰাই দিয়ক, ৩০ ছেকেণ্ডত শেষ হ’ব প্ৰতিবাদ; দিল্লীৰ উদ্বিগ্ন ব্যৱসায়ীলৈ ৰাহুল গান্ধীৰ বাৰ্তা
National-International

Rahul Gandhi I এইবাৰ মোদীয়ে ফোন টেপ কৰাৰ দাবী ৰাহুল গান্ধীৰ, পুনৰ মুখামুখি বিতৰ্কৰ প্ৰত্যাহ্বান

by News Desk
November 14, 2026
50
Rasgolla blast I ৰসগোল্লা বোমা! মুখত ভৰোৱাৰ পিছতেই বিস্ফোৰণ হৈ যুৱকৰ মৃত্যু
National-International

Rasgolla blast I ৰসগোল্লা বোমা! মুখত ভৰোৱাৰ পিছতেই বিস্ফোৰণ হৈ যুৱকৰ মৃত্যু

by News Desk
November 13, 2026
50
PM Modi I এছিয়ান সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ফিলিপাইনছ ভ্ৰমণ মোদীৰ
National-International

PM Modi I এছিয়ান সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ফিলিপাইনছ ভ্ৰমণ মোদীৰ

by News Desk
November 13, 2026
50
ADVERTISEMENT
U19 Asia Cup Final I পৰাজয়ৰ মুখত পৰিও পাকিস্তানৰ পৰা জয় আঁজুৰি আনিলে ভাৰতে, অনূৰ্ধ্ব ১৯ এছিয়া কাপ জয় ভাৰতৰ
National-International

U19 Asia Cup Final I পৰাজয়ৰ মুখত পৰিও পাকিস্তানৰ পৰা জয় আঁজুৰি আনিলে ভাৰতে, অনূৰ্ধ্ব ১৯ এছিয়া কাপ জয় ভাৰতৰ

November 14, 2026
50
Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ
KARBI ANGLONG

Hamren rape case । হামৰেণত শিক্ষক-কৰ্মচাৰীৰ কামনাৰ বলি অষ্টম শ্ৰেণীৰ ছাত্ৰী

November 14, 2026
50
কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সঙ্ঘাতত নিহত ১ পাকিস্তানীসহ ৪ সন্ত্ৰাসবাদী
National-International

JK terrorist attack । কুলগাম চিআৰপিএফ শিবিৰত আক্ৰমণৰ ঘটনাত ৫০০ জনক জেৰা, ২০ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ

November 14, 2026
50
Kaziranga accident: শনিবাৰে কাজিৰঙাৰ দুৰ্ঘটনাস্থলীলৈ যাব মুখ্যমন্ত্ৰী, নিহতলৈ ২ লাখ সাহায্য, প্ৰধানমন্ত্ৰী-উপ-ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ
Assam

Kaziranga accident I কাজিৰঙাৰ দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা ২ বছৰীয়া শিশুৰ এতিয়া পৰিয়ালৰ সন্ধান নাই

November 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

U19 Asia Cup Final I পৰাজয়ৰ মুখত পৰিও পাকিস্তানৰ পৰা জয় আঁজুৰি আনিলে ভাৰতে, অনূৰ্ধ্ব ১৯ এছিয়া কাপ জয় ভাৰতৰ

U19 Asia Cup Final I পৰাজয়ৰ মুখত পৰিও পাকিস্তানৰ পৰা জয় আঁজুৰি আনিলে ভাৰতে, অনূৰ্ধ্ব ১৯ এছিয়া কাপ জয় ভাৰতৰ

November 14, 2026
Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ

Hamren rape case । হামৰেণত শিক্ষক-কৰ্মচাৰীৰ কামনাৰ বলি অষ্টম শ্ৰেণীৰ ছাত্ৰী

November 14, 2026
কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সঙ্ঘাতত নিহত ১ পাকিস্তানীসহ ৪ সন্ত্ৰাসবাদী

JK terrorist attack । কুলগাম চিআৰপিএফ শিবিৰত আক্ৰমণৰ ঘটনাত ৫০০ জনক জেৰা, ২০ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ

November 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d