
শুকুৰবাৰে কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়াৱহ পথ (Kaziranga accident) দুৰ্ঘটনাৰ উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ অসম চৰকাৰৰ৷ আনহাতে, গোলাঘাট জিলা পৰিবহণ বিষয়া ৰাজীৱ পেগুক প্ৰয়োজনীয় প্ৰশাসনিক দায়িত্ব চম্ভালাত বিফল হোৱা বাবে নিলম্বন কৰা হৈছে। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে দিয়া এটা পোষ্টত জনোৱা মতে, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব কে চি ছামৰিয়াৰ নেতৃত্বত এই ঘটনাৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰা হৈছে৷ ইয়াৰ প্ৰতিবেদন দুসপ্তাহৰ ভিতৰত দাখিল কৰিব লাগিব।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি, কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনা সন্দৰ্ভত গোলাঘাট জিলা পৰিবহণ বিষয়া ৰাজীৱ পেগুক প্ৰশাসনিক নিৰীক্ষণ আৰু নিয়ম বলৱৎ কৰাৰ চেষ্টাৰ অভাৱৰ বাবে নিলম্বন কৰা হৈছে। আনহাতে, দুৰ্ঘটনাটোৰ তথ্য সন্ধানৰ বাবে অতিৰিক্ত মুখ্য সচিব তথা আইএএছ বিষয়া কে চি ছামৰিয়াৰ নেতৃত্বত তদন্ত আৰম্ভ কৰা হৈছে আৰু দুসপ্তাহৰ ভিতৰত তেওঁৰ প্ৰতিবেদন দাখিল কৰিব।
প্ৰতিবেদনত সংশ্লিষ্ট ব্যৱস্থা গ্ৰহণৰ অভাৱ আৰু গাফিলতিৰ সৈতে জগৰীয়াসকলক চিনাক্ত কৰা হ’ব। উল্লেখ্য যে ইয়াৰ পূৰ্বে নিজৰ কৰ্তব্যত অৱহেলাৰ অভিযোগত গোলাঘাট জিলা পৰিবহণ বিভাগৰ ৬ গৰাকী বিষয়া-কৰ্মচাৰীক নিলম্বন কৰা হৈছিল। তেওঁলোক হৈছে এনফ’ৰ্চমেণ্ট পৰীক্ষক টুটু দত্ত, উদীপ্ত অনুৰাগ বৰা, দুষ্মন্ত মাধৱ, বিশ্বজ্যোতি সন্দিকৈ আৰু সহকাৰী এনফ’ৰ্চমেণ্ট পৰিদৰ্শক ৰাজীৱ চন্দ্ৰ গগৈ আৰু ক্ষীৰোদ নেওগ৷










