
ইতিমধ্যে বজাৰত মুকলি হ’লেও সোমবাৰে সন্ধিয়া দিল্লীৰ এখন হোটেলে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ বহু চৰ্চিত স্মৃতিগ্ৰন্থ ‘বিলংগিং: এ জাৰ্নী অব লাভ’ (Sonia Ganndhi memoir)। অনুষ্ঠানটোত ছোনিয়া গান্ধীয়ে আত্মজীৱনীখন লিখাৰ কাৰণ প্ৰকাশ কৰে। সোমবাৰে ছোনিয়া গান্ধীয়ে কয় যে বছৰ বছৰ ধৰি গান্ধী পৰিয়ালক আঘাত কৰা হৈছে আৰু তেওঁ অনুভৱ কৰে যে এই গ্ৰন্থখন নিজৰ আৰু পৰিয়ালৰ বিষয়ে মাত মাতিবলৈ এক সুযোগ। তেওঁ কয়, “মোৰ শাহু, স্বামী, পুত্ৰ, কন্যা আৰু মোৰ বিষয়ে বহু কথা কোৱা হয়। বেছিভাগেই অসত্য আৰু ভিত্তিহীন। আমাৰ জীৱনৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।” কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰীগৰাকীয়ে দাবী কৰিছে যে কেইবাজনো বন্ধুৱে তেওঁক আত্মজীৱনী লিখিবলৈ উৎসাহিত কৰিছিল। কিন্তু তেওঁ প্ৰথমতে অনিচ্ছুক আছিল।

ছোনিয়াই কয়, “মোৰ বহু বন্ধুৱে মোক কৈছিল, ‘আপুনি আপোনাৰ কাহিনী ক’ব লাগিব’। কিন্তু হৃদয়ৰ গভীৰ অনুভৱবোৰ প্ৰকাশ কৰিবলৈ মই সদায় দ্বিধাবোধ কৰি আহিছোঁ। ৰাহুল, প্ৰিয়ংকা আৰু মোৰ এগৰাকী প্ৰিয় বন্ধু মঞ্জুলিকাই বাৰে বাৰে মোক লিখিবলৈ কৈছিল। গতিকে অৱশেষত মই মান্তি হ’লোঁ।” উল্লেখ্য যে ৰাজীৱ গান্ধীৰ স্কুলীয়া বন্ধু সুমন ডুবেৰ পত্নী মঞ্জুলিকা পাঁচ দশকৰো অধিক সময় ধৰি ছোনিয়াৰ ঘনিষ্ঠ বন্ধু আৰু আত্মবিশ্বাস যোগাই আহিছে। সোমবাৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী, তামিলনাডুৰ মুখ্যমন্ত্ৰী আৰু ভিচিকেৰ মুৰব্বী চি জোচেফ বিজয়, সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱ, জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী তথা নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লা আৰু তেওঁৰ পিতৃ ফাৰুক আব্দুল্লা, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী তথা জেএমএমৰ মুৰব্বী হেমন্ত ছ’ৰেন, এনচিপি (শ্বাৰদ পাৱাৰ)ৰ সাংসদ সুপ্ৰিয়া চুলে, পিডিপি নেত্ৰী মেহবুবা মুফতি, তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখুৰ লগতে কংগ্ৰেছৰ নেতা আৰু মিত্ৰশক্তিৰ নেতাসকল উপস্থিত থাকে।
লগতে উল্লেখযোগ্যভাৱে উপস্থিত থাকে প্ৰয়াত প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পত্নী গুৰচৰণ কৌৰ আৰু পঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ বিজেপি নেতা অমৰিন্দৰ সিং। ছোনিয়া গান্ধীয়ে তেওঁৰ আত্মজীৱনীৰ শিৰোনামত ‘বিলংগিং’ শব্দটো কিয় দিছে সেই বিষয়েও বুজাই দিয়ে। তেওঁ কয়, “গোটেই কিতাপখনতে বিলংগিং বিষয়টোৱে মূল বিষয়বস্তু হিচাপে কাম কৰি আহিছে। অন্তৰ্গত হোৱা বা অভিযোজনৰ এই ধাৰণাটো কিতাপখনত বাৰে বাৰে আহিছে।” ছোনিয়াই বিশ্বাস কৰে যে এই অনুভৱ কেৱল ইটালীৰ পৰা ভাৰতলৈ অহা তেওঁৰেই নহয়, দেশৰ অগণন মহিলাৰ জীৱনৰো বাস্তৱতা। বিয়াৰ পিছত ভাৰতীয় মহিলাসকলেও সেই নতুন পৰিয়ালটোৰ ৰীতি-নীতি আৰু পৰিবেশৰ লগত খাপ খুৱাই সকলোৰে গ্ৰহণযোগ্য হ’বলৈ একেধৰণৰ অদম্য প্ৰচেষ্টা চলাবলগা হয়। ইয়াৰ সমান্তৰালকৈ ছোনিয়াই কয় যে সম্পূৰ্ণ বেলেগ সামাজিক আৰু সাংস্কৃতিক পৰিবেশৰ পৰা অহা সত্ত্বেও ৰাজীৱ গান্ধী, তেওঁৰ পৰিয়াল আৰু সৰ্বোপৰি ভাৰতক নিজৰ দেশ হিচাপে ভালপোৱাৰ দীঘলীয়া যাত্ৰাক ‘বিলংগিং’ শব্দটোৰ জৰিয়তে প্ৰকাশ কৰিব বিচাৰিছে। ইয়াৰ লগতে সমগ্ৰ দেশতে তেওঁৰ আত্মজীৱনীৰ বিষয়ে আলোচনা সন্দৰ্ভত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয়, “গ্ৰন্থখনৰ প্ৰতি মানুহৰ সঁহাৰি অভূতপূৰ্ব, মই গভীৰভাৱে আপ্লুত হৈছোঁ।”













