
“বিয়াৰ পিছৰ প্ৰথম বছৰত মোৰ আটাইতকৈ ডাঙৰ চিন্তা আছিল শাহুৰ খং, যিটো মাজে মাজে বিস্ফোৰণ ঘটিছিল। তেওঁৰ দপদপনিত কৰ্মচাৰীসকলৰ হাত-ভৰি ঠাণ্ডা হৈ গৈছিল। তেওঁ এবাৰ তাৰে এজনক কোঠাৰ এটা চুকত থিয় কৰি ৰখাই শাস্তি দিছিল।

কাৰণ তেওঁক জৰুৰী বিষয়ত কাৰোবাক লগ কৰিবলৈ সোঁৱৰাই দিবলৈ পাহৰি গৈছিল আৰু সেইটো তেওঁৰ প্ৰথম ভুল নাছিল। সেই পৰিস্থিতি দেখি আন কৰ্মচাৰীসকলে অস্বস্তিত কোনোমতে খোজকাঢ়ি গৈ আছিল।” শাহুৱেক ইন্দিৰা গান্ধীৰ প্ৰসংগ উল্লেখ কৰি নিজৰ স্মৃতিগ্ৰন্থত এই কথা উল্লেখ কৰিছে ছোনিয়া গান্ধীয়ে (Sonia Gandhi)।
তেওঁ লগতে লিখিছে, আন এবাৰ মনত আছে, আমাৰ ডাইনিং ৰুম আৰু এমি কৃষ্ণৰ অফিচৰ মাজৰ সৰু ঠাইখিনিৰ মাজেৰে পাৰ হৈ যাওঁতে দেখিলোঁ, ধূতি আৰু কুৰ্তা পিন্ধা ভদ্ৰলোক এজনে বেৰলৈ চাই থিয় হৈ আছিল। সেই সময়ত ৰাজনৈতিক জগতখনৰ বেছিভাগকে মই নাজানিছিলোঁ, কিন্তু তেওঁ আমাৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল। তাৰ অৰ্থ হ’ল তেওঁ নিশ্চয় কংগ্ৰেছৰ এজন অতি উচ্চ পদস্থ ব্যক্তি আছিল।
প্ৰায় আধা ঘণ্টা ধৰি এমি আণ্টিৰ ঘৰত আছিলোঁ আৰু উভতি অহাৰ পথত দেখিলোঁ বগা কাপোৰ পিন্ধা ভদ্ৰলোকজন তেতিয়াও থিয় হৈ আছে, বেৰখনলৈ চাই আছে। পিছত গম পালোঁ যে মোৰ শাহুৱে তেওঁক তেনে কৰিবলৈ নিৰ্দেশ দিছিল। এনেকুৱাও হৈ পাইছে যে তেওঁ কাৰোবাৰ ওপৰত বিৰক্ত হৈছে আৰু তেওঁলোকৰ লগত আৰু কোনো কথা-বতৰাই নাপাতে। তেওঁলোকে হয়তো কেইবাদিনো কি চলি আছে বুজিব নোৱাৰে।
কেতিয়াবা সংসদত বিৰোধীৰ লগত কিবা অপ্ৰীতিকৰ কথা ঘটিলে ডাইনিং টেবুলত দপদপাই জ্বলি উঠিছিল। মনত আছে, এবাৰ খঙৰ ভমকত তেওঁ খাদ্যৰ প্লেটখন ইমান জোৰেৰে ঠেলি দিছিল যে দীঘলীয়া ডাইনিং টেবুলখনৰ সিটো মূৰত গৈ পায়। এই সকলোবোৰ ঘটিলে মোৰ বৰ অস্বস্তি লাগিছিল আৰু তেতিয়া মোৰ দেউতাৰ খংটো মনত পৰে। মই ভয়ত কঁপি কঁপি কি কৰিম ক’ব নোৱাৰিছিলোঁ, কিন্তু ৰাজীৱ আৰু সঞ্জয়ে শান্ত হৈ তেওঁৰ খং কমি যোৱালৈ অপেক্ষা কৰিছিল।
মোক শান্ত হৈ থাকিবলৈ ৰাজীৱে কৈছিল, “বেছি ভয় নকৰিবা, মা ক্ষন্তেকতে আকৌ ঠাণ্ডা হৈ যাব।” কিন্তু তেওঁক ভালদৰে চিনি নোপোৱালৈকে মই কঁপি কঁপি বহি আছিলোঁ। সাধাৰণতে তেওঁ যদি এনেকৈ খং দেখুৱায়, তেন্তে তেওঁৰ পিছত বেয়া লাগে আৰু নিজৰ অনুশোচনা নিজৰ ধৰণেৰে কোনো নিৰ্দিষ্ট ব্যক্তিৰ আগত প্ৰকাশ কৰিছিল। কিন্তু যদি কোনো সহকৰ্মীয়ে তেওঁক বিশ্বাসঘাতকতা কৰে, তেন্তে নিজকে সম্পূৰ্ণৰূপে আঁতৰাই ৰাখিছিল।
যেতিয়া পৰিস্থিতি বৰ উদ্বেগজনক হয়, তেতিয়া তেওঁ ঘৰৰ কাম-কাজ কৰি কিছু শান্তি পাইছিল। উদাহৰণস্বৰূপে, তেওঁ এমি আণ্টিক পুৰণি ফটোৰ বাকচ এটা উলিয়াই আনিবলৈ ক’ব, তাৰ পিছত বছৰ আৰু তাৰিখ অনুসৰি পৃথকে পৃথকে সজাব। তেওঁ আমাক ফটোবোৰ দেখুৱাই কোন কোন, কেতিয়া আৰু ক’ত তোলা হৈছিল তাৰ লগত চিনাকি কৰাই দিছিল আৰু পুৰণি সকলো কাহিনী ক’ব— এই সকলোবোৰে তেওঁৰ মানসিক চাপ অলপ কমাইছিল।
কেতিয়াবা তেওঁ সকলো শাৰী উলিয়াই আনিছিল, তাৰ পিছত আমাৰ সহায়ত তেওঁ প্ৰতিটো অঞ্চলৰ কাপোৰবোৰ পৃথক কৰিছিল। তেওঁ শাড়ীৰ বাণ্ডিলবোৰতো লিখি ৰাখিছিল, যাতে পিছত সহজে পোৱা যায়। তেওঁ আমাক দুবাৰমান পিন্ধা আৰু ভাল অৱস্থাত থকা শাৰীকেইখন পৃথক কৰিবলৈ ক’ব, আত্মীয়ক দিবলৈ। বম্বেত থকা তেওঁৰ পাৰ্চী আত্মীয় বা জয়পুৰত থকা তেওঁৰ পেহীয়েকে সেইবোৰ গ্ৰহণ কৰি বৰ আনন্দিত হৈছিল।
তেওঁৰ ভালপোৱা পুৰণি শাৰী কেইখনমান আছিল, সকলোবোৰ প্ৰাক-খাদী যুগত তেওঁৰ মাতৃয়ে বনাইছিল। তেওঁ সেইবোৰ সাৱধানে দীঘল কাৰ্ডবোৰ্ডত মেৰিয়াই দিব আৰু মাজত কেঁচা মাছলিন দিব। উত্তৰাধিকাৰী সূত্ৰে পোৱা কাশ্মীৰী চাদৰবোৰো উলিয়াই পুনৰ সজাব, যাতে ভাঁজবোৰে কাটিব নোৱাৰে। আৰু যেতিয়া ৰ’দ দিছিল তেতিয়া আনন্দ ভৱনৰ ষ্ট’ৰৰুমৰ পৰা সকলো কাৰ্পেট উলিয়াই বাৰীত ৰ’দত দিছিল।
তেওঁ সকলো নিখুঁত হোৱাটো বিচাৰিছিল আৰু নষ্ট কৰিবলৈ তেওঁৰ সময় নাছিল। তেওঁ নিজৰ কৰ্মচাৰীসকলক অতি বিশদ নিৰ্দেশনা দিছিল, কেতিয়াবা টোকাও দিছিল। সেই আদেশ মানি নল’লে বিস্ফোৰণো ঘটিছিল ৷ বহু বছৰ ধৰি এনে ঘটনা চোৱাৰ পিছত তেওঁৰ খং উঠাৰ আচল কাৰণটো বুজিবলৈ ধৰিলোঁ। এনে পৰিস্থিতিত ধুমুহা সম্পূৰ্ণৰূপে পাৰ নোহোৱালৈকে কৰ্মচাৰীসকলে তেওঁৰ ওচৰলৈ আহিবলৈ সাহস নকৰে। পৰিস্থিতিৰ মূল্যায়ন কৰিবলৈ মোক পঠিওৱা হৈছিল৷
আমাৰ পৰিয়ালৰ এজন সদস্যৰ দৰে তেওঁৰ পৰিচাৰক নাথু বা ডাক্তৰ মাথুৰে প্ৰতিদিনে তেওঁৰ স্বাস্থ্যৰ খবৰ ল’বলৈ আহিছিল আৰু প্ৰতিদিনে পুৱা আহিয়েই মোক সুধিছিল, “মুড ঠিক হ্যে?” (মেজাজ ঠিকে আছেনে?’) আইতা হোৱাৰ পিছত সেই উত্তেজনা অলপ কমি আহিল। ল’ৰা-ছোৱালীবোৰ অলপ ডাঙৰ হোৱাৰ পিছত তেওঁৰ ‘মুড’ বুজিবলৈ তেওঁলোকক পঠিওৱা হৈছিল৷ নাতি-নাতিনীৰ মুখত হাঁহিবোৰ দেখি বা শিশুসুলভ প্ৰশ্ন এটা শুনি তেওঁ নিমিষতে গলি গৈছিল। সিহঁতৰ উপস্থিতিয়ে তেওঁক বহুত আৰাম দিছিল। পৰিতৃপ্তিও প্ৰদান কৰিছিল।













