
ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ে (AMCH controversy) স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীৰ বাবে জাৰি কৰা গাইডলাইনক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। মহাবিদ্যালয়খনৰ বিভাগীয় মুৰব্বী প্ৰশান্ত দিহিঙীয়াই জেনেৰেল মেডিচিন বিভাগৰ স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যক্ৰম সম্পূৰ্ণ নকৰালৈকে বিবাহ নকৰিবলৈ পৰামৰ্শ দিয়ে। বুধবাৰৰ গাইডলাইনত কোৱা হৈছে যে এই পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসকলে ৰোগীৰ যত্ন আৰু গৱেষণাৰ ওপৰত গুৰুত্ব দিব লাগে, বিয়াত নহয়।

ছাত্ৰ-ছাত্ৰীসকলক দিয়া বিবৃতিত কোৱা হৈছে, “পাঠ্যক্ৰম শেষ নোহোৱালৈকে সকলোকে বিবাহৰ দৰে ব্যক্তিগত অনুষ্ঠানৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। এই সময়ছোৱাত তেওঁলোকৰ প্ৰাথমিক গুৰুত্ব ৰোগীৰ যত্ন, দায়িত্ব, অধ্যয়ন আৰু গৱেষণা হ’ব লাগে। তেওঁলোকে সেইটোৰ ওপৰত গুৰুত্ব দিব লাগিব। আশা কৰা হৈছে যে সকলো পিজিটিয়ে এই পৰামৰ্শ মানি চলিব।”
গাইডলাইনত প্ৰশান্ত দিহিঙীয়াই স্বাক্ষৰ আছে। কিন্তু এই জাননী পোহৰলৈ অহাৰ পিছত তেওঁ তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয়। পৰৱৰ্তী সময়ত অৱশ্যে বিতৰ্কৰ সন্মুখত তেওঁ নিজৰ সুৰ নৰম কৰে। তেওঁ কয় যে এয়া কেৱল এটা পৰামৰ্শহে। ইয়াক পালন কৰাৰ কোনো বাধ্যবাধকতা নাই।
বুধবাৰে বিতৰ্কিত গাইডলাইন সন্দৰ্ভত ডাঃ প্ৰশান্ত দিহিঙীয়াই জনাইছে যে শেহতীয়াকৈ তেওঁৰ এজন কনিষ্ঠ চিকিৎসকে বিবাহৰ বাবে ২১ দিনৰ ছুটী লৈছিল। ইয়াৰ পূৰ্বে আন এজন পিজিটিয়ে ৩১ দিনৰ ছুটী লৈছিল। যদি এই ধাৰা অব্যাহত থাকে তেন্তে ৰোগীৰ চাপ কেনেকৈ চম্ভালিব পাৰি?
সেই কথা মনত ৰাখিয়েই তেওঁ স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীক বিয়া নকৰিবলৈ বাৰ্তা দিয়ে। বিভাগটোৰ মুৰব্বীজনে দাবী কৰে যে সকলো পিজিটি তেওঁৰ সন্তানৰ দৰে। তেওঁ কেৱল সেই অধিকাৰৰ পৰাই পৰামৰ্শ দিছিল। কিন্তু এই অধিসূচনাক লৈ ক্ষোভিত হৈ পৰিছে অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা বিভাগৰ কনিষ্ঠ চিকিৎসকসকল।
তেওঁলোকে কয় যে যদি পৰামৰ্শ হয় তেন্তে মেমো নম্বৰৰ সৈতে চৰকাৰী আদেশৰ দৰে অধিসূচনা কিয় জাৰি কৰা হ’ল? সেই প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “সেই ক্ষেত্ৰত মই আন এখন অধিসূচনা জাৰি কৰি জনাই দিম যে এই গাইডলাইন কোনো নিৰ্দেশ বা আদেশ নহয়। এই পৰামৰ্শ মানি চলাৰ কোনো বাধ্যবাধকতা নাই।”










