
ম্যানমাৰে ৰহিংগীয়াৰ ওপৰত গণহত্যা চলাইছে। ৭ বছৰীয়া বিচাৰৰ অন্তত বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে এই ৰায় দিয়ে। আন্তঃৰাষ্ট্ৰীয় আদালতৰ অধ্যক্ষ তথা ন্যায়াধীশ ইউজি ইৱাছাৱাই কয় যে তেওঁলোকে ৯-৬ সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত এই সিদ্ধান্তত উপনীত হৈছে যে ম্যানমাৰে উত্তৰ ৰাখাইন ৰাজ্যত ৰহিংগীয়া জনসাধাৰণৰ ওপৰত গণহত্যা সংঘটিত কৰিছিল।

ফলত আন্তঃৰাষ্ট্ৰীয় আদালতে ম্যানমাৰৰ ওপৰত গণহত্যাৰ দোষী সাব্যস্ত কৰিছে। প্ৰায় তিনি ঘণ্টা ধৰি ৰায় পাঠ কৰে আইচিজেৰ অধ্যক্ষগৰাকীয়ে। প্ৰমাণৰ উদ্ধৃতি দি ৰায়দানত কোৱা হৈছে যে ম্যানমাৰ সেনাই ১০ হাজাৰ ৰহিংগীয়াক হত্যা কৰিছিল। মহিলাক যৌন নিৰ্যাতন চলোৱাৰ উপৰি শিশুসকলকো নৃশংসভাৱে অত্যাচাৰ কৰিছিল।
বাংলাদেশলৈ পলায়ন কৰিবলৈ চেষ্টা কৰা সংখ্যালঘু ৰোহিংগীয়াসকলকো ম্যানমাৰৰ সেনাই আক্ৰমণ চলাইছিল বুলিও আইচিজেৰ ৰায়দানত উল্লেখ কৰা হৈছে। ২০১৭ চনৰ পৰা ম্যানমাৰৰ সেনাবাহিনীৰ বিৰুদ্ধে কেইবাবাৰো ৰহিংগীয়া মুছলমানক গণহত্যাৰ অভিযোগ উত্থাপন হৈছে। সেই সময়ত ম্যানমাৰৰ গণতন্ত্ৰ সমৰ্থক নেতা আং ছান ছু কিৰ নেচনেল লীগ ফৰ ডেম’ক্ৰেচি দল ক্ষমতাত আছিল।
২০২১ চনৰ ফেব্ৰুৱাৰী মাহত সামৰিক অভ্যুত্থানৰ পিছত ছ্যু কিকে ধৰি ম্যানমাৰৰ অধিকাংশ নিৰ্বাচিত প্ৰতিনিধিক গৃহবন্দী কৰি ৰখা হৈছিল। বহুতেই দেশ এৰি পলায়ন কৰে। অভিযোগ কৰা হৈছে যে জুণ্টা যুগতো ৰহিংগীয়াসকলক অহৰহ নিৰ্যাতনৰ বলি কৰা হৈছে। বাংলাদেশৰ শৰণাৰ্থী শিবিৰত আছে কেইবা লাখ ৰহিংগীয়া।
২০১৯ চনত পশ্চিম আফ্ৰিকাৰ দেশ গাম্বিয়াই দাখিল কৰা অভিযোগৰ ভিত্তিত ম্যানমাৰ চৰকাৰৰ বিৰুদ্ধে আইচিজেৰ শুনানি আৰম্ভ হৈছিল। ৫৭ খন ইছলামিক দেশে গাম্বিয়াৰ অভিযোগক সমৰ্থন কৰে। ইয়াৰ পূৰ্বে ম্যানমাৰৰ জুণ্টা মুৰব্বী জেনেৰেল মিন আং হিলাঙৰ নেতৃত্বত চৰকাৰে আন্তঃৰাষ্ট্ৰীয় আদালতত দাবী কৰিছিল যে ৰাখাইন প্ৰদেশত (য’ত বেছিভাগ ৰহিংগীয়া বাস কৰে) ৰহিংগীয়া বা আন কোনো জনসংখ্যাৰ বিৰুদ্ধে কোনো অভিযান চলোৱা হোৱা নাই। সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে চলোৱা হৈছিল এই অভিযান।
নেদাৰলেণ্ডৰ হেগত আইচিজেৰ শুনানিৰ সময়ত ম্যানমাৰৰ মন্ত্ৰী কো কো হ্লাইঙে নিজেই উপস্থিত হৈ কয়, “আমাৰ আশা এই গোচৰৰ ৰায়দান ভিত্তিহীন অভিযোগৰ ওপৰত নহয়, প্ৰমাণিত তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হ’ব। আৱেগিক ভাষা আৰু অস্পষ্ট কাল্পনিক ছবিয়ে কেতিয়াও সঠিক প্ৰমাণ দাখিলৰ বিকল্প হ’ব নোৱাৰে।”
ৰহিংগীয়াসকলৰ ওপৰত হোৱা নিৰ্যাতনৰ সন্দৰ্ভত এই গোচৰৰ শুনানিৰ বাবে আবেদন কৰা গাম্বিয়াৰ ন্যায় মন্ত্ৰী দাৱাদা জালোৱে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত কয়, “ম্যানমাৰৰ সেনাই ৰহিংগীয়া সংখ্যালঘুসকলক নিঃশেষ কৰাৰ বাবে এক পদ্ধতিগত কাৰ্যসূচী গ্ৰহণ কৰিছে।” ইয়াৰ পূৰ্বে আইচিজেয়ে ম্যানমাৰৰ সামৰিক-জুণ্টা চৰকাৰক ৰহিংগীয়া মুছলমানক সুৰক্ষা প্ৰদানৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু অভিযোগ উত্থাপন হৈছিল যে এই কথা অনুসৰণ কৰা হোৱা নাই।












