
দেশৰ ছখন চহৰত ড্ৰাগছ সৰবৰাহৰ চক্ৰৰ বিৰুদ্ধে বৃহৎ অভিযান আৰম্ভ কৰিছে নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰোৱে (NCB Raid)। এই অভিযানৰ নাম দিয়া হৈছে ‘মনছুৰ থাণ্ডাৰ’। ৪ নৱেম্বৰৰ পৰা এনচিবিয়ে এই অভিযান চলাই আহিছে। ১৩ নৱেম্বৰলৈকে এই অভিযানত এনচিবিয়ে হায়দৰাবাদ, কলকাতা, দিল্লী, লক্ষ্ণৌকে ধৰি মুঠ ছখন চহৰৰ পৰা ৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

তদন্তকাৰীয়ে জানিব পাৰিছে যে ‘এনক্ৰিপটেড মেছেজিং এপ’ৰ সহায়ত ড্ৰাগছৰ উদ্ধৃতি আৰু ক’ত ড্ৰাগছ সৰবৰাহ হ’ব সেই সম্পৰ্কে তথ্য বিনিময় কৰা হৈছিল।
সূত্ৰ অনুসৰি, ২০২২ চনৰ পৰা ২০২৬ চনৰ ভিতৰত ৩০০০ টা পাৰ্চেলৰ ব্যৱসায় হৈছিল। সূত্ৰ অনুসৰি, এই পাৰ্চেলৰ ব্যৱসায় আমেৰিকাৰ পৰা হৈছিল আৰু সেই তথ্যৰ ভিত্তিত আমেৰিকাৰ ড্ৰাগছ নিয়ন্ত্ৰণ সংস্থাটোৱেও পৃথক তদন্ত আৰম্ভ কৰে। লগতে ভাৰতীয় ড্ৰাগছ নিয়ন্ত্ৰণ সংস্থাৰ সৈতে যোগাযোগ কৰে। এনচিবিয়ে ক’ৰ পৰা আহি কাৰ ওচৰলৈ গৈছে সেই সম্পৰ্কে সকলো তথ্য সংগ্ৰহ কৰে। ইয়াৰ পিছত এই তথ্য ডিইএৰ সৈতেও ভাগ-বতৰা কৰা হয় বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে। ড্ৰাগছ সৰবৰাহৰ চক্ৰটোক ধৰিবলৈ এনচিবিয়ে অভিযান আৰম্ভ কৰে।
সেই অভিযান দেশৰ ছখন চহৰত চলোৱা হয়। লগতে গেঙটোৰ ছয়জন সদস্যক লগে লগে গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰ হোৱা লোকসকলক জেৰা কৰি তেওঁলোকে জানিবলৈ চেষ্টা কৰিছে যে কাৰ পৰা ড্ৰাগছ ক্ৰয় কৰা হৈছিল, কিমান পাৰ্চেল ড্ৰাগছ ভাৰতলৈ আহিছিল। সেই পাৰ্চেলবোৰ কোনটো পথেৰে আহিছিল সেই কথা জানিবলৈ চেষ্টা কৰা হৈছে।











