
মাত্ৰ পাঁচ টকাৰ খৈনিৰ পেকেট এটাৰ বাবে ১৮ দিন কাৰাদণ্ড। মুক্তি পাবলৈ ১৮ লাখ টকা দিবলগীয়া হয়। উত্তৰ প্ৰদেশৰ আজমগড়ৰ বাসিন্দা সৌৰভ ৰায়ে বাহৰেইনত (Bahrain Rules) উপস্থিত হোৱাৰ সময়ত এনে অভিজ্ঞতাৰ সন্মুখীন হয়। সৌৰভ পেছাত চালক। যদিও তেওঁ উত্তৰ প্ৰদেশৰ বাসিন্দা, তথাপিও তেওঁ কৰ্মসূত্ৰে চৌদি আৰবত বাস কৰিছিল। অৱশ্যে কিছুদিন পূৰ্বে টুৰিষ্ট ভিছা লৈ মুম্বাইৰ পৰা বাহৰেইনলৈ গৈছিল। বিমানবন্দৰৰ পৰা নামি অহাৰ লগে লগে তেওঁ বিপদত পৰে। বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীয়ে তেওঁৰ বেগত এটা খৈনিৰ পেকেট উদ্ধাৰ কৰে। লগে লগে তেওঁক আটক কৰা হয়। পিছত বাহৰেইনৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। পিছত গোচৰটো দেশখনৰ চিআইডিৰ হাতত গতাই দিয়া হয়।

তদন্তৰ স্বাৰ্থত সৌৰভৰ মোবাইল ফোন আৰু বেগ জব্দ কৰে। বেগটোত খৈনি কিয় আছিল? ধঁপাত সৰবৰাহৰ উদ্দেশ্য আছিল নে আন কিবা সেই সন্দৰ্ভত সৌৰভে তদন্তকাৰীৰ বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছিল। তেওঁ তদন্তকাৰীক কয় যে তেওঁ খৈনিৰ প্ৰতি আসক্ত। ব্যক্তিগত ব্যৱহাৰৰ বাবে কঢ়িয়াই নিছিল। অৱশ্যে তদন্তকাৰীয়ে প্ৰথমে সৌৰভক বিশ্বাস কৰিব বিচৰা নাছিল। তেওঁক এয়াৰ কণ্ডিছনাৰ কোঠাত ৰখা হৈছিল। কম্বল বা কোনো গৰম কাপোৰ নোহোৱাকৈ প্ৰায় তিনি সপ্তাহ তাতেই থাকিবলগা হৈছিল সৌৰভে। টাইমছ অব ইণ্ডিয়াত প্ৰকাশিত এক বাতৰি অনুসৰি, সৌৰভক জে’লৰ পৰা মুক্তিৰ পৰিৱৰ্তে জৰিমনা ভৰিব পৰাৰ বিকল্প দিয়া হৈছিল। জৰিমনা ভৰিব নোৱাৰিলে কাৰাদণ্ড ভুগিব লাগিব বুলিও জনোৱা হয়।
আনহাতে, আজমগড়ত থকা সৌৰভৰ পৰিয়ালটো চিন্তিত হৈ পৰে। বাহৰেইনত অৱতৰণ কৰাৰ পিছত তেওঁৰ পৰিয়ালৰ লোকে শেষবাৰৰ বাবে যোগাযোগ কৰিছিল। বাৰে বাৰে চেষ্টা কৰাৰ পিছত সৌৰভৰ কোনো খবৰ নথকাত তেওঁৰ পৰিয়ালে আৰক্ষী অধীক্ষক আৰু আজমগড়ৰ জিলা দণ্ডাধীশৰ সৈতে যোগাযোগ কৰে। প্ৰশাসনৰ হৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰা হয়। বাহৰেইনৰ এখন কাৰাগাৰত বন্দী হৈ থকা সৌৰভৰ কথা বিভিন্ন সূত্ৰৰ পৰা পৰিয়ালটোৱে গম পাইছিল। তেওঁ মুকলি হ’বলৈ বাহৰেইনৰ মুদ্ৰাত ৭২০০ ডিনাৰ দিবলগীয়া হৈছিল, যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় ১৭ লাখ ৮০ হাজাৰ টকা। সেই ধনৰাশি জৰিমনা হিচাপে পৰিশোধ কৰাৰ পিছতহে সৌৰভক মুকলি কৰি দিয়া হয়। তেওঁ পুনৰ চৌদি আৰবলৈ উভতি আহে। দুদিনমান পিছত চৌদি আৰবৰ পৰা ভাৰতলৈ উভতি আহিছে।













