
পাকিস্তানৰ প্ৰথমখন ধাৰাবাহিক ‘জো বাচে হে সঙ্গ সমেত লো’ক লৈ বিতৰ্ক (Pak series banned)। এইবাৰ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে নেটফ্লিক্সক এক শক্তিশালী বাৰ্তা প্ৰদান কৰিছে। ভাৰতত যাতে কোনো পাকিস্তানী ছবি বা ধাৰাবাহিক প্ৰদৰ্শিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অ’টিটি কোম্পানীটোক কোৱা হৈছে।

ফাৱাদ খান আৰু মাহিৰা খান অভিনীত এই ধাৰাবাহিকখন ৪ ডিচেম্বৰত বিশ্বজুৰি মুক্তি পোৱাৰ কথা আছিল। মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, ভাৰতত এই ধাৰাবাহিকখন মুক্তিৰ সন্দৰ্ভত কেইবাটাও অভিযোগ আৰু আবেদন দাখিল কৰা হৈছে। ইয়াৰ পিছত নেটফ্লিক্সক ২০২৫ চনৰ ৮ মে’ত অৰ্থাৎ পহেলগাম আক্ৰমণৰ পিছত জাৰি কৰা কেন্দ্ৰীয় নিৰ্দেশনা মানি চলিবলৈ সোঁৱৰাই দিয়া হৈছে।
সেই গাইডলাইনত ভাৰতৰ সকলো অ’টিটি প্লেটফৰ্ম, ডিজিটেল মিডিয়া আৰু সকলো সংস্থাক পাকিস্তানত নিৰ্মিত ছবি বা ধাৰাবাহিক সম্প্ৰচাৰ বন্ধ কৰিবলৈ কোৱা হৈছিল। কিছুদিন পূৰ্বে গম পোৱা গৈছিল যে ফাৱাদৰ ধাৰাবাহিকখন আহি আছে নেটফ্লিক্সলৈ। ফাৱাদে ভাৰততো কেইবাখনো ছবিত কাম কৰিছে আৰু দেশত তেওঁৰ অনুৰাগীৰ সংখ্যাও কম নহয়।
মহিৰায়ো শ্বাহৰুখ খানৰ ছবিত কাম কৰি আহিছে। ফলত তেওঁলোকৰ ধাৰাবাহিকখনৰ বিষয়ে চৰ্চা হয়। কিন্তু তাৰ পিছত অল ইণ্ডিয়া চিনে ৱৰ্কাৰ্ছ এছ’চিয়েচনে (AICWA) ভাৰতত বন্ধ কৰিবলৈ দাবী জনায়। এই সন্দৰ্ভত সংগঠনটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নেটফ্লিক্স ইণ্ডিয়ালৈও এখন পত্ৰ প্ৰেৰণ কৰে।
এইবাৰ নেটফ্লিক্স ইণ্ডিয়াক কেন্দ্ৰই সকীয়াই দিয়ে। উল্লেখ্য যে ২০২৫ চনৰ ২২ এপ্ৰিলত পহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত-পাকিস্তানৰ সম্পৰ্কৰ অৱনতি ঘটে। তাৰ পিছত কেন্দ্ৰই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উদ্ধৃতি দি এক নিৰ্দেশ জাৰি কৰে। তাত কোৱা হয় যে দুয়োখন দেশৰ শিল্পীয়ে একেলগে কাম কৰিব নোৱাৰিব।
মন্ত্ৰালয়ে লগতে কয় যে ২০২৫ চনৰ জুন মাহত নেটফ্লিক্সে নিজেই কেন্দ্ৰক জনাইছিল যে ভাৰতীয় গ্ৰাহকৰ বাবে কোনো পাকিস্তানী ছবি বা ধাৰাবাহিক উপলব্ধ কৰা হোৱা নাই। এইবাৰ চৰকাৰে আকৌ এবাৰ সেই প্ৰতিশ্ৰুতিৰ কথা সোঁৱৰাই দিছে।
ফৰহাত ইষ্টিয়াকৰ জনপ্ৰিয় উৰ্দু উপন্যাসৰ আধাৰত নিৰ্মিত ‘জো বাচে হে সঙ্গ সমেত লো’। ফাৱাদ আৰু মাহিৰাৰ উপৰি প্ৰেম কাহিনীৰ আধাৰত নিৰ্মিত এই ধাৰাবাহিকখনত অভিনয় কৰিছে ছনম ছায়ীদ আৰু হানিয়া আমিৰেও।












