
গুজৰাটৰ সন্ত্ৰাসবাদ বিৰোধী দলে বদোদৰা বাছ ষ্টেণ্ডৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰিছে এজন সন্দেহযুক্ত জৈছ সন্ত্ৰাসবাদীক। তেওঁৰ পৰা এটা এ কে-৪৭ ৰাইফল আৰু ২৩ জাঁই সজীৱ গুলী উদ্ধাৰ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, সন্ত্ৰাসবাদীজনে পোনপটীয়া যাত্ৰাৰ পৰা হাত সাৰিবলৈ অসম হৈ গুজৰাটত প্ৰৱেশ কৰিছিল। ধৃত ব্যক্তিজনৰ নাম মহম্মদ চাহাৰুল ইছলাম। তেওঁ অসমৰ বাসিন্দা।

এটিএছৰ সূত্ৰ অনুসৰি, সন্ত্ৰাসবাদীয়ে বদোদৰাৰ বায়ুসেনাৰ ঘাটিত আক্ৰমণৰ পৰিকল্পনা কৰিছিল। চোৰাংচোৱা সংস্থাৰ পৰা তথ্য লাভ কৰাৰ পিছত চোৰাংচোৱাগিৰি বৃদ্ধি কৰা হয়। ইয়াৰ পিছতে জৈছ সন্ত্ৰাসবাদীজনক গ্ৰেপ্তাৰ কৰা হয়।
সূত্ৰ অনুসৰি, তেওঁৰ ফোনটোৰ পৰা বদোদৰাৰ কেইবাটাও স্পৰ্শকাতৰ স্থানৰ ছবি উদ্ধাৰ কৰা হৈছে। তেওঁ পাকিস্তানী হেণ্ডলাৰৰ নিৰ্দেশনা অনুসৰি কাম কৰি আছিল। আটকাধীন সন্ত্ৰাসবাদীটোৱে আক্ৰমণ সংঘটিত কৰি পাকিস্তানলৈ পলায়নৰ পৰিকল্পনা কৰিছিল। তদন্তকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে, বিগত এবছৰ ধৰি জৈছ সন্ত্ৰাসবাদী সংগঠনটোৰ সৈতে চাহাৰুলৰ যোগাযোগ আছিল।
কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই বিগত ছমাহ ধৰি তেওঁৰ গতিবিধি নিৰীক্ষণ কৰি আছিল। ২৩ নৱেম্বৰত চোৰাংচোৱাই জৈছ সন্ত্ৰাসবাদীজন গুজৰাটলৈ যোৱাৰ তথ্য লাভ কৰে। লগে লগে ৰাজ্যখনৰ এটিএছক সতৰ্ক কৰি দিয়া হয়। তদন্তকাৰীয়ে জানিব পাৰিছে যে সহজে লক্ষ্য নকৰাৰ স্বাৰ্থত তেওঁ পোনপটীয়াকৈ অসমৰ পৰা অহা নাছিল, বৰঞ্চ বাছ বা ৰে’লেৰে বদোদৰালৈ গৈছিল।
তদন্তকাৰীয়ে এইটোও জানিব পাৰিছে যে এইটো প্ৰথমবাৰৰ বাবে নহয়, ইয়াৰ আগতেও চাহাৰুল গুজৰাটলৈ আহিছিল। সেই সময়ত তেওঁ বদোদৰাৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত চোৰাংচোৱাগিৰি কৰিছিল। তাৰে এটা আছিল বায়ুসেনাৰ ঘাটি। উল্লেখ্য যে ৰাজ্যখনৰ এটিএছে যোৱা জুলাই মাহত ৮ জন জৈছ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছিল।










